নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ধেমাজি জিলা ছাত্র সন্থাৰ অৱস্থান বিক্ষোভ

নিয়মীয়া বাৰ্তা, ধেমাজি, ১৪ অক্টোবৰ : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ২৬ দিন অতিক্ৰম কৰাৰ পিছতো অসমৰ জনসাধাৰণে ন্যায় লাভ নকৰাত অসমবাসী  ক্ষুব্ধ  হৈ থকাৰ সময়তে দুৰন্ত সংগীত প্ৰতিভাগৰাকীৰ মৃত্যুৰ ন্যায়ৰ দাবীত আজি ধেমাজি জিলা ছাত্র সন্থাই অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷  দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই বিক্ষোভত ধেমাজি জিলা ছাত্র সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্র সন্থাৰ দুই শতাধিক কৰ্মীয়ে অংশ লয় ৷

অৱস্থান ধৰ্মঘটৰ সময়ত আছুৰ কৰ্মীসকলে We Want justice, ন্যায় আমাক লাগিবই, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ৰাজনীতি নচলিব, জুবিনে ন্যায় পাবই লাগিব ইত্যাদি শ্লোগানেৰে বিক্ষোভস্থলী  উত্তাল কৰি তোলে ৷ ইপিনে, বিক্ষোভত অংশ লৈ সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাই কয় যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে সঁচা অৰ্থতে ন্যায় পাব লাগিব ৷ অসমবাসী ক্ষান্ত হ’ব পৰা  ন্যায় অবিহনে আছু থমকি নৰয় কেতিয়াও ৷ ছাত্ৰ নেতাজনে দৃঢ়তাৰে কয় যে  ন্যায়ৰ বাবে গঠন কৰা  এছ আই টিয়ে ক্ষিপ্ৰ আৰু পানী নসৰকা তদন্ত কৰিবই  লাগিব ৷ তদন্তৰ নামত ভেঁকো-ভাওনা কৰিব নোৱাৰিব চৰকাৰ আৰু এছ আই টিয়ে ৷ এইক্ষেত্ৰত আছুৰ লগতে অসমবাসীয়ে তীক্ষ্ণ নজৰ ৰাখিছে এছ আই টি আৰু অসম চৰকাৰৰ ওপৰত ৷  নেতাজনে কোনো কাৰণতে যাতে দোষী সাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ চাৰ্জশ্বীট প্ৰস্তুত কৰিবলৈ দাবী জনায় ।

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁয়ে বৰ্তমান প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজনীতি কৰা বুলি অভিযোগ কৰে আৰু  অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত‍্যুক লৈ কোনোপক্ষকে ৰাজনীতি নকৰিবলৈ কঠোৰ ভাষাৰে সকীয়াই দিয়ে৷ আজিৰ প্ৰতিবাদী  কাৰ্যসূচীত জিলা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱ কলিতা, উপদেষ্টা ৰবি কছাৰীৰ লগতে কেইবাজনো জিলা আছুৰ শীৰ্ষ নেতাই ভাগ লয় ৷

প্ৰেৰক দীপেন ভিতৰুৱাল কোঁৱৰ
You might also like