যোৰহাটত পাশৱিকতা : এদল উন্মত্তৰ আক্ৰমণত প্ৰাণ গ’ল কিশোৰৰ
অপৰাধীৰ ৰম্য ভূমিত পৰিণত হোৱা যোৰহাটত ক্ৰমাৎ বৃদ্ধি পাইছে হত্যা হিংসাৰ ঘটনা। আৰক্ষীৰ চৰম দুৰ্বল ভূমিকাৰ বাবেই অপৰাধ নগৰীলৈ পৰিণত হৈছে যোৰহাট।
শেহতীয়াকৈ যোৰহাটত এদল নৰ পিশাচৰ ভয়ংকৰ আক্ৰমনৰ বলি হৈ এজন কিশোৰে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই নগৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নামঘৰত ভাওনা চাই ঘৰলৈ ঘূৰি যোৱাৰ পথত একাংশ দুৰ্বৃত্তৰ আক্ৰমৰ বলি হৈ মৃত্যুক আঁকোৱালি লব লগা হল বিকাশ দাস নামৰ এজন কিশোৰে।
যোৱা শনি বাবে এই ঘটনা সংঘটিত হৈছিল যদিও আজি পুৱতি নিশা যোৰহাট মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় কিশোৰ বিকাশে। ইতিমধ্যেই এই ঘটনাৰ লগত জৰিত তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
জানিব পৰা মতে, যোৰহাটৰ চকীহাট নামঘৰত যোৱা ১১ অক্টোবৰত নিশা ভাওনা চাই সৰ্বাইবন্ধাৰ কৃষ্ণ নগৰৰ ভাৰা ঘৰলৈ আহি আছিল বিকাশ দাস নামৰ কিশোৰ জন। কিন্তু এদল মদ ড্ৰাগছ সেৱন কাৰি উদ্মাদ লোকে বিকাশক বেৰি লৈ পাশবিক অত্যাচাৰ কৰাৰ লগতে শৰীৰৰ বিভিন্ন স্থানত চোকা অস্ত্ৰ আৰু ৰডৰে আক্ৰমণ কৰি গুৰুতৰ বাবে আহত কৰি ৰাজপথত পেলাই যায়।
পিছত বিকাশৰ এজন লগৰীয়াই পথৰ কাষত তেজৰে তুমুৰলী অৱস্থাত উদ্ধাৰ কৰি নিশা প্ৰায় দুই বজাত মূৰ্মূৰ্শ অৱস্থাত উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে। কিন্তু সেই সময়ত বিকাশে একো কথাই কব পৰা অৱস্থাত নাছিল। একমাত্ৰ পুত্ৰৰ এনে অৱস্থা দেখি বিকাশৰ মাতৃ নিভা দাসে এখন গাড়ী মাতি নিশাই যোৰহাট মেডিকেল কলেজ হস্পিটেলত পুত্ৰক ভৰ্তি কৰে।
কিন্তু বিকাশৰ অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসকে আই চি ইউত ভৰ্তি কৰে। দুদিন আই চি ইউৰ মৃত্যুৰে যুঁজি অৱশেষত আজি পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে কিশোৰ গৰাকীয়ে। ইফালে কিশোৰ জনৰ আক্ৰমণৰ ঘটনাত জৰিত থকা তিনিগৰাকী লোকক চিনাক্ত কৰি কিশোৰ গৰাকীৰ মাতৃ নীভা দাসে ঘটনাৰ পিছদিনাই যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত যোৰহাট সদৰ থানাত ৫৩৫/২৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ১২৬(২)/১১৮(২)/১০৯(এ) ধাৰাত
এক গোচৰ পঞ্জীয়ন কৰি বিপুল ভৰালী,প্ৰাঞ্জল দত্ত আৰু ধমেন্দ্ৰ দত্তক গ্ৰেপ্তাৰ কৰে। ইফালে আজি কিশোৰ জনৰ মৃত্যুৰ পিছত এই অভিযুক্ত কেইজনৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে পুনৰ ১০৩ ধাৰা নতুনকৈ সংযোজন কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে,প্ৰাঞ্জল দত্ত নামৰ ব্যক্তি গৰাকী চুৰি কাৰ্যৰ লগতো জড়িত। এইজনৰ বিৰুদ্ধে ইতিমধ্যেই যোৰহাট সদৰ থানত তিনিটাকৈ চুৰি গোচৰ ৰজু হৈ আছে।
এক সূত্ৰই জানিবলৈ দিয়া মতে ,যোৱা ১১ অক্টোবৰৰ নিশা ভাওনা চলি থকা অৱস্থাত কিছু নিলগত এখন কাজিয়াৰ সৃষ্টি হৈছিল। যি খন কাজিয়াত এজন যুবকে ৰঙা টি চাৰ্ট পৰিধান কৰি আছিল। কিন্তু সেই নিশা বিকাশ দাস নামৰ কিশোৰ জনেও ৰঙা টি চাৰ্ট পিন্ধি ভাওনা চাবলৈ গৈছিল। উদ্মত্ত দলটোৱে কাজিয়াত লিপ্ত হোৱা যুৱক জন বিকাশ দাস বুলিয়েই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে,বিকাশ দাসৰ পিতৃ সৰুতেই বিয়োগ হোৱাত মাতৃ নিভা দাসে অতি কষ্টৰে তুলি তালি ডাঙৰ কৰিছিল। এখন হোটেলত বাচন ধুই পৰিয়াল চলাই থকা মাতৃ নিভা দাসে এক মাত্ৰ পুত্ৰৰ এনে মৃত্যুত এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে। পুত্ৰৰ মৃত্যুৰ ঘটনাত সৈতে জৰিত বাকী থকা কেইটাকো কৰায়ত্ত কৰি দৃষ্টান্ত মূলক শাস্তি দাবী কৰিছে দুৰ্ভগীয়া মাতৃগৰাকীয়ে। উল্লেখ্য যে চলিত বছৰৰ এপ্ৰিল মাহটো চন্দন নগৰত বিহু অনুষ্ঠান চলি থকা অৱস্থাত একাংশ মানৱ ৰূপী দানৱৰ বৰ্বৰ আক্ৰমণত বেদাংগ ভূষণ নামৰ এজন নিৰিহ যুৱকে প্ৰাণ হেৰুৱাব লগা হৈছিল এইখন যোৰহাটত।
বিশেষ বাৰ্তা, যোৰহাট, ১৪ অক্টোবৰ