নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা UBPO-ৰ

অসমৰ টাই আহোম, চুতীয়া, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, মৰাণ আৰু মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত উত্থাপন কৰা (অনুসূচিত জনজাতি) নিৰ্দেশ( সংশোধনী বিধেয়ক,২০১৯ খন ৰাজ্যসভাৰ কাৰ্য্যক্ৰমণিকাৰ পৰা বাতিল কৰিবলৈ দাবী জনাইছে সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅঅই।

অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ মুখ্য কাৰ্যালয় অনুষ্ঠিত কৰা এখন সংবাদ মেলত ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী আৰু সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই কয় অসমৰ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত উত্থাপন কৰা বিধেয়কখন যদি গৃহীত হয় তেনেহ’লে বৰ্তমানে স্বীকৃত জনজাতিসকল সকলো দিশৰ পৰাই নিঃশেষ হৈ যাব।

যিহেতু কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখনত ছয় জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপেই মৰ্য্যদা প্ৰদানৰ প্ৰস্তাৱ ৰাখিছে।যাৰফলত শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিকভাৱে উন্নত জনবহুল জনগোষ্ঠীৰ লোকে জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা, লোকসভা, পঞ্চায়ত আদি আসনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব।

আনকি নিকায়, নিগম আদি পদতো উন্নত আৰু জনবহুল জনগোষ্ঠীৰ লোকে অধিষ্ঠিত হ’বলৈ সক্ষম হ’ব।লগতে সৰ্বভাৰতীয় পৰ্যায়ৰ চাকৰি, উচ্চ শিক্ষা লাভৰ পৰাও বৰ্তমানৰ জনজাতিসকল বঞ্চিত হৈ পৰিব আৰু জনজাতিসকলৰ ভাষা-সংস্কৃতি, পৰিছয় আৰু অস্তিত্বৰ প্ৰতিও সংকট নামি আহিব।

তেনে পৰিস্থিতিত বৰ্তমানে স্বীকৃত চৈধ্যটা সৰু সৰু জনজাতি জনগোষ্ঠীক ধ্বংসৰ মুখলৈ ঠেলি দিব বিচৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি ইয়াক বাতিল কৰিবলৈ দাবী জনাইছে ইউবিপিঅই।

সংবাদ মেলত ইউবিপিঅৰ উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰী, কোষাধ্যক্ষ মলেন্দ্ৰ নাৰ্জাৰী,সাংস্কৃতিক সম্পাদক নিৰ্মল ব্ৰহ্ম, ধেমাজি জিলা সমিতিৰ উপ সভাপতি দীপাংকৰ নাৰ্জাৰী, সাধাৰণ সম্পাদক অনাৰু স্বৰ্গীয়াৰী, জোনাই আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক অশোক বসুমতাৰী উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, জোনাই, ১৫ অক্টোবৰ

You might also like