কাজিৰঙাত মৃত্যুৰে হাৰ মানিলে মৰঙিত উদ্ধাৰ হোৱা হাতী পোৱালিটোৱে
মাতৃয়ে সন্তানক উদ্ধাৰ কৰিবলৈ যথেষ্ট প্ৰচেষ্টা চলাইছিল। নলাত আবদ্ধ হৈ পৰা নিজৰ পোৱালিটোক মাতৃয়ে উদ্ধাৰ কৰিবলৈ বিচৰা দৃশ্যই সকলোৰে হৃদয় চুই গৈছিল।
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণমানি হাতী পোৱালি টোৱে। উল্লেখযোগ্য যে মৰঙিৰ উদয়ন চাহ বাগিছাৰ মাজত বোকাত আবদ্ধ হৈ পৰিছিল কণমানি হাতী পোৱালিটো। হাতী পোৱালিটো নলাত পাঁচবাৰকৈ আবদ্ধ হৈ পৰিছিল।
মাতৃয়ে সন্তানক উদ্ধাৰ কৰিবলৈ যথেষ্ট প্ৰচেষ্টা চলাইছিল। নলাত আবদ্ধ হৈ পৰা নিজৰ পোৱালিটোক মাতৃয়ে উদ্ধাৰ কৰিবলৈ বিচৰা দৃশ্যই সকলোৰে হৃদয় চুই গৈছিল।
উল্লেখ যোগ্য যে যোৱা এক অক্টোবৰত প্ৰথমে নলাত পৰিছিল হাতী পোৱালিটো। স্থানীয় ৰাইজৰ সহযোগত হাতী পোৱালিটো উদ্ধাৰ কৰা হৈছিল আৰু মাতৃৰ সৈতে মিলন কৰি দিয়া হৈছিল। আনহাতে পৰবৰ্তী সময়ত চাৰিবাৰ কৈ মৰঙী অঞ্চলৰ চাহ বাগিছাৰ নলাত পৰিছিল হাতী পোৱালিটো।
অৱশেষত যোৱা ১১ অক্টোবৰত নলাৰ পৰা উদ্ধাৰ কৰি পোৱালি টো কাজিৰঙাৰ পানবাৰী বন্য প্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা হৈছিল। আজি পুৱা উক্ত কেন্দ্ৰটোতেই চিকিৎসাধীন অৱস্থাত হাতী পোৱালিটোৰ মৃত্যু হয়। কেন্দ্ৰটোৰ চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰী য়ে জনোৱা মতে প্ৰথমবাৰ নলাত পৰা অৱস্থাত হাতীটোৱে ৰাজহাৰত আঘাট পাইছিল।
যাৰ বাবে পৰবৰ্তী সময়ত চাৰিবাৰকৈ নলাত পৰিছিল হাতী পোৱালিটো। তদুপৰি আভ্যন্তৰীণ ৰক্তক্ষৰণ হোৱা বাবেও হাতীটোৰ অৱস্থা সংকটজনক হৈ পৰিছিল। বিগত চাৰিদিন ধৰি চিকিৎসা প্ৰদান কৰা হৈছিল যদিও আজি হাতী পোৱালীটোৰ মৃত্যু হয়।
নিয়মীয়া বাৰ্তা, কাজিৰঙা, ১৫ অক্টোবৰ