নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অসমীয়াৰ আপোন কাতি বিহু, ৰাজ্যজুৰি পালনৰ যো-জা

আজি কাতি বিহু। আজি ৰাজ্যবাসীয়ে পালন কৰিব অসমীয়াৰ বাপতিসাহোন কাতি বিহু। কাতি বিহু, যাক কঙালী বিহু বুলিও কোৱা হয়, অসমীয়া সমাজৰ তিনিটা প্ৰধান বিহুৰ অন্যতম— বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। এই বিহু সাধাৰণতে অক্টোবৰ মাহৰ মধ্যভাগত (অসমীয়া পঞ্জিকাৰ কাতি মাহত) পালন কৰা হয়।

খেতিপথাৰত চাকিবন্তি জ্বলোৱাৰ লগতে আজি প্ৰতিঘৰৰ লোকৰ ঘৰে ঘৰে তুলসীৰ তলে তলে পৰিয়ালৰ উত্তৰোত্তৰ কামনা কৰি শৰাই দিয়া দিয়া হয়। এই শৰাই দিয়াৰ পিছত গঞা লোকে লগ হৈ প্ৰতি ঘৰ লোকৰ ঘৰলৈ পৰিয়ালৰ শ্ৰীবৃদ্ধি তথা সুখ-শান্তিৰ বাবে আশীৰ্বাদ দিয়ে।

কাতি বিহু হৈছে ধানৰ শস্য ক্ষেত্ৰত ধানগছত থোক পেলোৱা সময়। সেইবাবে কৃষকে শস্যৰ ভাল ফলৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। এই বিহু আনন্দৰ বিহু নহয় — এনে সময়ত ঘৰ-ঘৰে সাধাৰণ আৰু শ্ৰদ্ধাভাৱেৰে ঈশ্বৰ-দেৱতাক মনত ৰাখে, সেয়ে ইয়াক “কঙালী বিহু” বুলিও কোৱা হয়।

কাতি বিহুৰ সন্ধিয়া খেতিপথাৰত আকাশ বন্তি জ্বলোৱা হয়। এই পোহৰ ধানগছৰ বাবে শুভ বুলি বিশ্বাস কৰা হয়। ঘৰতো তুলসীৰ তলত চাকি জ্বলাই ধূপ-ধুনা দিয়া হয়, যাক “তুলসী বাটি জ্বলোৱা” বুলিও কোৱা হয়।

এই দিনটোত গৃহিণীয়ে এই দিনটোত উপবাস বা সংযমেৰে পাৰ কৰে। গোৱালঘৰ আৰু ধানৰ ভঁৰালত চাকি জ্বলাই পোহৰ দিয়া হয়, যাতে ধন-ধানৰ সমৃদ্ধি আহে। কাতি বিহু হৈছে আশাৰ বিহু– শস্য পকিবলৈ বাকী, কিন্তু আশা আছে ভাল ফল পাব। এই বিহু মূলতঃ কৃষি, ধৰ্ম, আৰু সংযমৰ প্ৰতীক। গঞাই দিনটোত গছৰ প্ৰতি সন্মান আৰু প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ অক্টোবৰ

You might also like