ন্যায় যুদ্ধ
আশংকা কৰাৰ দৰেই অসমৰ হিয়াৰ আমঠু জুবিন গার্গৰ মৃত্যুৰ ৰহস্যক লৈ ৰাজনীতিৰ লেতেৰা খেল আৰম্ভ হৈ গৈছে৷ আশংকা কৰাৰ দৰেই জুবিনৰ মৃত্যুৰ ন্যায়ৰ আন্দোলন ক্রমাৎ হিংসাত্মক হৈ পৰিছে৷ ধূসৰতা আঁতৰি ক্রমশঃ স্পষ্ট হৈছে এই হিংসাৰ আঁৰত এচামৰ ৰাজনৈতিক অভিসন্ধি আছে৷ সন্মুখত ২০২৬ চনৰ বিধানসভা নির্বাচনক লক্ষ্য কৰিয়েই ন্যায় প্রতিষ্ঠাৰ শান্তিপূর্ণ আন্দোলনক অশান্তিময় কৰিব বিচৰা হৈছে৷ ইতিমধ্যে এই কু-অভিসন্ধিয়ে কিঞ্চিৎ সফলতাও লাভ কৰিছে৷ সুদূৰ ছিংগাপুৰত অসমীয়াৰ প্রাণৰ শিল্পীগৰাকীৰ আকস্মিক ৰহস্যঘন মৃত্যুৰ পাছত অসমত আৱেগৰ ছুনামিৰ সৃষ্টি হৈছিল৷ যি আৱেগৰ ঢৌৱে এতিয়াও ৰাজ্যখনক বুৰাই আছে৷ জুবিনৰ নশ্বৰদেহ গুৱাহাটীলৈ অনাৰ সময়ত বেচৰকাৰী তথ্য মতেই প্রায় ১৫ লাখ মানুহৰ প্রিয় শিল্পীগৰাকীক শেষ শ্রদ্ধা জনাবলৈ সমাগম হৈছিল৷ যিকোনো শিল্পীক শেষ শ্রদ্ধা জনোৱাৰ বাবে এই বিশাল জনসমাগম আছিল বিশ্বৰ ভিতৰতেই বিৰল৷ কেৱল গুৱাহাটীয়েই নহয়, অসমৰ প্রায় সকলো চহৰ–নগৰতে জুবিনৰ চিৰবিদায়ক লৈ এক মাছ হিষ্টেৰিয়াৰ সৃষ্টি হৈছিল৷ হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহি, চাৰিআলি–তিনিআলিত সমৱেত হৈ জুবিনক শ্রদ্ধা জনাইছিল৷ দাবী তুলিছিল কি পৰিস্থিতিত শিল্পীগৰাকীৰ মৃত্যু হৈছিল সেই ৰহস্য উদ্ঘাটন কৰাৰ৷ অসম-অসমীয়াই সর্বস্ব উজাৰি প্রাণৰ শিল্পীগৰাকীক শেষ বিদায় জনাইছিল৷ অত্যন্ত আচৰিতভাৱে, সাংঘাতিকভাৱে আৱেগিক হৈ থকাৰ পাছতো সেই বিশাল জনসমাগমে গুৱাহাটী বা ৰাজ্যৰ অন্য স্থানত কোনো আইন পৰিস্থিতি অৱনমিত হোৱাৰ ঘটনা সংঘটিত কৰা নাছিল৷ ৰাজ্যৰ চৰকাৰখন তথা পুলিচ প্রশাসনেও জুবিনপ্রেমীসকলৰ মাজৰে এজন হৈ সেই বিশাল জনসমাগম শৃংখলাবদ্ধভাৱে চম্ভালিছিল৷ কিন্তু তেতিয়াই জুবিনৰ প্রভূত জনপ্রিয়তা আৰু তেওঁৰ মৃত্যুৰ ন্যায় বিচাৰি ওলাই অহা সেই বিশাল জনসমাগমক প্রত্যক্ষ কৰি এচামে আঁৰৰ পৰাই ৰাজনৈতিক অংক কৰিবলৈ আৰম্ভ কৰিছিল৷ তেওঁলোকৰ উদ্দেশ্য আছিল লাখ লাখ জুবিনপ্রেমীৰ ন্যায় প্রতিষ্ঠাৰ আন্দোলনক চৰকাৰবিৰোধী এক আন্দোলনলৈ ৰূপান্তৰ কৰা৷ আঁৰৰ পৰাই এইচামটোৱে মৃদু উচটনিৰে এই লক্ষ্য সাধন কৰাৰ বাবে চেষ্টা কৰিছিল যদিও ৰাজনৈতিকভাৱেই সদা সচেতন হৈ থকা জুবিনপ্রেমীসকলেই এই প্রচেষ্টাক ব্যর্থ কৰিছিল৷ অৱশ্যে সাময়িকভাৱে ব্যর্থ হ’লেও ন্যায় প্রতিষ্ঠাৰ আন্দোলনত ৰাজনীতিকৰণ কৰাৰ চেষ্টা অব্যাহত আছিল আৰু যোৱা বুধবাৰে বাক্সাত কিছু সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷
বাক্সাত সংঘটিত ঘটনাক্রম বিশ্লেষণ কৰিলেই এই আভাস পোৱা যায়৷ শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবীত সেইদিনা বাক্সা জে’লৰ সন্মুখত সমৱেত হোৱা জুবিন অনুৰাগীসকলৰ মাজত লুকাই আছিল ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত এচাম লোক৷ আৰক্ষীৰ নিৰাপত্তা বেহুৰ কিছু শিথিলতাৰ সুযোগ লৈ এই চামটোৱে ভয়ংকৰ হিংসাত্মক কার্যকলাপ সংঘটিত কৰিছিল৷ তেওঁলোকে আৰক্ষীক আক্রমণ কৰাৰ লগতে সাংবাদিককো আক্রমণৰ লক্ষ্য কৰি লৈছিল৷ জ্বলাই ভস্মীভূত কৰি দিছিল সংবাদ প্রতিষ্ঠানৰ বাহন৷ এই দুষ্কর্মই নিশ্চিত কৰে এইসকল লোকৰ ৰাজনৈতিক উদ্দেশ্য৷ এই সময় যথেষ্ট কঠিন সময়৷ বিশেষকৈ সন্মুখত আহি থকা বিধানসভা নির্বাচনৰ বাবেই সাধাৰণ জনতাৰ জীৱন আৰু আৱেগক পণবন্দী কৰি ৰাজনৈতিক মুনাফা আদায় কৰাৰ কচৰৎ চলোৱাৰ সময়৷ প্রাণৰ শিল্পী জুবিন গার্গৰ মৃত্যুৰ ন্যায় প্রতিষ্ঠাৰ আন্দোলন যাতে কোনো কাৰণতে কাৰোবাৰ ৰাজনৈতিক লক্ষ্য পূৰণৰ হাথিয়াৰ হ’ব নোৱাৰে তাৰ বাবে জুবিনপ্রেমীসকলৰ লগতে সাধাৰণ জনতা আৰু সকলো ৰাজনৈতিক দল দায়বদ্ধ হৈ থাকিব লাগিব৷ আনকি চৰকাৰী পক্ষয়ো এই সন্দর্ভত বিবৃতি প্রকাশত যথেষ্ট সংযম ৰক্ষা কৰি চলিব লাগিব৷ চকু দিব লাগিব যাতে বিসংগতিপূর্ণ সংলাপক আধাৰ কৰি কোনো অপশক্তিয়ে অসমক ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিব নোৱাৰে৷ সৃষ্টি কৰিব নোৱাৰে হিংসাত্মক ধ্বংসকার্যৰো৷ এই কঠিন মুহূর্তত একমাত্র চর্ত হ’ব লাগিব জুবিন আৰু জুবিনৰ পৰিয়ালে ন্যায় পোৱাটো৷ অসম আৰু অসমীয়াই ন্যায় পোৱাটো৷ কেনেদৰে বিদেশৰ সাগৰত প্রাণৰ শিল্পীগৰাকীৰ মৃত্যু হ’ল সেই ৰহস্য উন্মোচন কৰাটোৱে একমাত্র চর্ত হ’ব লাগিব৷ সকলো ৰাজনীতিৰ পৰা আঁতৰি আমি জুবিনক দিব পৰা সেয়াই হ’ব সর্বশ্রেষ্ঠ প্রতিদান৷