নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত দীপাৱলীৰ পিছত ভয়াৱহ প্ৰদূষণৰ আংশকা, AQI 400 অতিক্ৰম

ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত দীপাৱলীৰ পূৰ্বসন্ধ্যাত প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত ৩৮টা নিৰীক্ষণ কেন্দ্ৰৰ ভিতৰত ২৪টাত বায়ু গুণমান ‘অতি বেয়া’ হিচাপে চিহ্নিত হৈছে। আনন্দ বিহাৰত বায়ু গুণমান সূচক (AQI) ৪০০ অতিক্ৰম কৰিছে, যি ‘অতি বেয়া’ বিভাগত পৰে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (CPCB)-ৰ তথ্য অনুসৰি, দিল্লীত সন্ধ্যা ৪ বজালৈকে বায়ু গুণমান সূচক (AQI) ২৯৬ আছিল, যি ‘বেয়া’ বিভাগত পৰে। সেই সংখ্যাটো ৰাতি ১০ বজালৈকে আৰু বেছি বৃদ্ধি পাই ৩০৬লৈ উঠিছিল, যি ‘অতি বেয়া’ বিভাগ তথা ‘ৰেড জ’ন’-ত পৰে।

বতৰ বিভাগৰ পূৰ্বাভাস অনুসৰি, দীপাৱলীৰ পিছদিন অর্থাৎ মঙলবাৰ আৰু বুধবাৰে দিল্লীৰ বায়ু গুণমান আৰু বেছি বেয়া হোৱাৰ সম্ভাৱনা আছে, যি ‘অতি বেয়া’ৰ পৰ্যায়ত উপনীত হ’ব পাৰে।

ৰাষ্ট্ৰীয় ৰাজধানীৰ ৩৮টা নিৰীক্ষণ কেন্দ্ৰৰ ভিতৰত ২৪টাত বায়ু গুণমান ‘অতি বেয়া’ বিভাগত ৰেকৰ্ড কৰা হৈছে, আৰু আনন্দ বিহাৰত ৰাতি ১০ বজালৈকে AQI ৪০৯ আছিল, যি ‘ভয়াৱহ’ৰ শাৰীত পৰে।

ইয়াৰ আগতে সন্ধিয়া পৰ্যন্ত ১২টা কেন্দ্ৰে AQI ‘অতি বেয়া’ বুলি ৰেকৰ্ড কৰিছিল— যাৰ ভিতৰত ৱাজিৰপুৰ (৩৬৪), বিবেক বিহাৰ (৩৫১), দ্বাৰকা (৩৩৫) আৰু আৰ কে পুৰম (৩২৩) অন্তৰ্ভুক্ত।

CPCB-ৰ তথ্য অনুসৰি, চিৰি ফৰ্ট, দিলছাদ গাৰ্ডেন আৰু জাহাংগীৰপুৰী অঞ্চলত AQI ৩১৮ আছিল। পঞ্জাবী বাগ (৩১৩), নেহৰু নগৰ (৩১০), আশোক বিহাৰ (৩০৫) আৰু বৱানা (৩০৪)ত AQI ৰেকৰ্ড কৰা হয়।

Decision Support System (DSS)-ৰ তথ্য মতে, কালি দিল্লীৰ বায়ু প্ৰদূষণত যানবাহনৰ নিঃসৰণৰ অৱদান ১৫.১ শতাংশ আছিল।

India Meteorological Department (IMD)-ৰ তথ্য মতে, দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা ৩৩.৩° চেলচিয়াছ, যি স্বাভাৱিকৰ পৰা ০.৯ ডিগ্ৰী বেছি, আৰু ন্যূনতম তাপমাত্ৰা ২০.৬° চেলচিয়াছ, যি স্বাভাৱিকৰ পৰা ২.২ ডিগ্ৰী বেছি আছিল।

পুৱা ৮.৩০ বজাত আপেক্ষিক আর্দ্ৰতা ৭১% আছিল, যি সন্ধ্যা ৫.৩০ বজাত বৃদ্ধি পাই ৯১%লৈ গৈছিল।

বায়ু গুণমান সূচক (AQI) মান

  • ০ – ৫০ : ভাল (Good)
  • ৫১ – ১০০ : সন্তোষজনক (Satisfactory)
  • ১০১ – ২০০ : মধ্যম (Moderate)
  • ২০১ – ৩০০ : বেয়া (Poor)
  • ৩০১ – ৪০০ : অতি বেয়া (Very Poor)
  • ৪০১ – ৫০০ : গম্ভীৰ (ভয়াৱহ)

নিয়মীয়া বাৰ্তা ডেস্ক, ২০ অক্টোবৰ

You might also like