নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যা-ত দীপাৱলীত বিশ্বৰেকৰ্ড : একেলগে জ্বলিল ২৬,১,২১৫ গছি চাকি

পবিত্ৰ নগৰী অযোধ্যা-ত কালি সন্ধিয়া এক ঐশ্বৰিক দৃশ্য দেখা গ’ল। দীপোৎসৱৰ নৱম সংস্কৰণত ভগৱান শ্ৰীৰামৰ পৱিত্ৰ ধৰণীক ২৬ লাখ ১৭ হাজাৰ ২১৫ গছি চাকি প্ৰজ্বলন কৰি নতুন বিশ্বৰেকৰ্ড স্থাপন কৰা হয়। দেশ-বিদেশৰ পৰা অহা ভক্তসকলে ‘শ্ৰী ৰাম, জয় ৰাম, জয় জয় ৰাম’ ধ্বনিৰে চহৰখনক মুখৰিত কৰি তোলে।

উত্তৰ প্ৰদেশ চৰকাৰে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে, ভক্তসকলে সৰযূ নদীৰ তীৰত পূজা-অৰ্চনা কৰে। এই সুযোগত অযোধ্যাৰ প্ৰতিটো মন্দিৰ, গলি আৰু ঘৰ ধৰ্মীয় ভক্তিৰ আভাত উজলি উঠে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত উত্তৰ প্ৰদেশে দুটা নতুন ‘গীনিজ ৱৰ্ল্ড ৰেকৰ্ড’ সৃষ্টি কৰে— প্ৰথমটো চহৰজুৰি ২৬ লক্ষ ১৭ হাজাৰ ২১৫ গছি চাকি প্ৰজ্বলনৰ বাবে আৰু দ্বিতীয়টো ২,১২৮গৰাকী বেদাচাৰ্য, পুৰোহিত আৰু সাধকৰ দ্বাৰা একেলগে মা সৰযূৰ আৰতি কৰাৰ বাবে। এই দুয়োটা ৰেকৰ্ড ড্ৰোনৰ সহায়ত গণনা কৰি ‘গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’ৰ প্ৰতিনিধিয়ে প্ৰমাণিত কৰে।

ড° ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয় আৰু স্থানীয় সংগঠনসমূহৰ ৩২ হাজাৰকৈ অধিক স্বেচ্ছাসেৱকে এই ঐতিহাসিক সফলতা সম্ভৱ কৰে। মুখ্যমন্ত্ৰীৰ আহ্বানত অযোধ্যাৰ সকলো ঘৰ, মন্দিৰ, মঠ, আশ্ৰম আৰু ৰাজহুৱা স্থানত দীপ প্ৰজ্বলন কৰা হয়। সন্ধিয়াৰ অন্তত ‘ৰামকথা পাৰ্ক’-ত এক বিৰাট আৰতি অনুষ্ঠিত হয়, য’ত মুখ্যমন্ত্ৰী, মন্ত্রীসকল, সাধুসন্ত আৰু ভক্তসকলে শ্ৰীৰাম, মাতা সীতা, লক্ষ্মণ, ভৰ্ত আৰু হনুমানৰ পূজা কৰে।

‘ৰাম আহে অৱধ কি’ সংগীতৰ পটভূমিত হেলিকপ্টাৰৰ পৰা ফুলৰ বৃষ্টি কৰা হয়, আৰু শ্ৰীৰামৰ প্ৰতীকাত্মক ৰাজ্যাভিষেকৰ দৃশ্যই পৰিৱেশক ভক্তি আৰু গৌৰৱৰ আবেগত ভৰি তোলে। এই আধ্যাত্মিক মুহূর্তত যেতিয়া শ্ৰীৰাম, লক্ষ্মণ আৰু মাতা সীতা ‘পুষ্পক বিমান’ (হেলিকপ্টাৰ)ৰে অবতৰণ কৰে, তেতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰেই পৱিত্ৰ ৰথটো টানে। ভক্তসকলে এই দৃশ্যক ‘দিৱ্য’ আৰু ‘অবিস্মৰণীয়’ বুলি বৰ্ণনা কৰি কয়— “আজি অযোধ্যাই সত্যতে ত্ৰেতাযুগৰ ভাবনাক প্ৰতিফলিত কৰিছে।” এই অনুষ্ঠানত বহু সাধু-সন্ত, বিশিষ্ট ব্যক্তিত্ব আৰু ৰাজনৈতিক নেতাসকল উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২০ অক্টোবৰ

You might also like