নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে আজি ছিংগাপুৰলৈ SITৰ দুজনীয়া দল

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ অগণিত জুবিন অনুৰাগীয়ে স্বচ্ছ আৰু ক্ষিপ্ৰ ন্যায়ৰ দাবী জনাই আহিছে। ইয়াৰ মাজতে আজি ছিংগাপুৰলৈ যাব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চলাই থকা SITৰ দুজনীয়া দল।

১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰৰ পানীত কিদৰে হিয়াৰ আমঠু জুবিন গাৰ্গে অকাল মৃত্যুক আঁকোৱালি ল’লে, সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ বাবে SITৰ মুৰব্বী মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল আজি ৰাওনা হ’ব ছিংগাপুৰলৈ। ছিংগাপুৰত গৈ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পুংখানুপুংখ তদন্ত চলাব SITৰ দলটোৱে। তদুপৰি ছিংগাপুৰ আৰক্ষীৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হ’ব SITৰ দলটো। এছ আই টিৰ দলটোৱে ছিংগাপুৰত কি কি তথ্য আহৰণ কৰিবলৈ সক্ষম হয়, সেয়া লক্ষণীয় হ’ব।

ডিজিটেল ডেস্ক, ২০ অক্টোবৰ :

You might also like