সোণাপুৰৰ জুবিন ক্ষেত্ৰত তথাকথিত ইউটিউবাৰৰ উদ্ভণ্ডালিত ক্ষুব্ধ হৈ পৰিছে জুবিন অনুৰাগী। ইউটিউবাৰ মৃদুস্মিতাক কেন্দ্ৰ কৰি নিশা সমাধি ক্ষেত্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালি এমহীয়া পুণ্যতিথি উপলক্ষে হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন ক্ষেত্ৰত ধূপ-চাকি জ্বলাই আপোন শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়। সকলো শোকসাগৰত ডুব গৈ থকাৰ সময়তে জুবিন ক্ষেত্ৰত এগৰাকী তথাকথিত ইউটিউবাৰৰ অতপালিত উপস্থিত জুবিন অনুৰাগী ক্ষুব্ধ হৈ পৰে।
লাখপতি বাইদেউ খ্যাত ইউটিউবাৰ মৃদুস্মিতাই চাকি জ্বলাই থকা যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা যুৱকক ডাবি-ধমকি দি আক্ৰমণ কৰিবলৈও উদ্যত হোৱাৰ অভিযোগ উত্থাপন হৈছে তথাকথিত ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে। নিজকে ইউটিউবাৰ বুলি জহাই ফুৰা যুৱতী ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে জুবিন ক্ষেত্ৰৰ শান্তি-শৃংখলা বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পিছত আৰক্ষীৰ সহায়ত ইউটিউবাৰগৰাকীক লৈ যোৱা হয় সোণাপুৰ থানালৈ।
ডিজিটেল ডেস্ক, ২০ অক্টোবৰ :