সম্পাদকীয় : হাগ্রামা মহিলাৰী-ৰ ৰাজনীতি
হাগ্রামা মহিলাৰী-ৰ ৰাজনীতি
২০০৩ চনৰ বিটিচি চুক্তি স্বাক্ষৰৰ পিছত সুদীর্ঘ ১৭ বছৰে ক্ষমতাৰ বাঘজৰী হাতত ৰখা হাগ্রামা মহিলাৰীয়ে ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দলৰ স’তে মিত্রতা কৰি আহিছে৷ বিটিচি চুক্তি স্বাক্ষৰৰ সময়ছোৱাত দিছপুৰৰ ক্ষমতাত আছিল প্রয়াত তৰুণ গগৈ নেতৃত্বাধীন কংগ্রেছ চৰকাৰ৷ ক্ষমতাত অধিষ্ঠিত হৈয়ে হাগ্রামা মহিলাৰীয়ে কংগ্রেছৰ স’তে মিত্রতা স্থাপন কৰি ২০০৬ চনৰ বিধানসভা নির্বাচনত ৰাজ্য চৰকাৰৰ অংশীদাৰ হৈছিল৷
২০১১ আৰু ২০১৬ৰ বিধানসভা নির্বাচনত কংগ্রেছে ৰাজ্যৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ সময়তো হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে চৰকাৰৰ অংশীদাৰ হৈ আছিল৷ ২০২০ৰ ২৭ জানুৱাৰীত বিটিআৰ চুক্তি স্বাক্ষৰৰ পিছত বড়োভূমিৰ ৰাজনীতিৰ পট পৰিৱর্তন হৈছিল৷
বিটিআৰ চুক্তিৰ পিছতে বিটিচি নির্বাচনত ৪০খন আসনৰ ভিতৰত সর্বাধিক ১৭খন আসন লাভ কৰিও ক্ষমতাচ্যুত হৈছিল হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ৷ বিটিচি নির্বাচনত দ্বিতীয় স্থানত থকা ইউপিপিএলে ১২খন আসন লাভ কৰি বিজেপিৰ ৯জন পাৰিষদৰ সমর্থনত বিটিচি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷
২০২০ত বিটিচিৰ পৰা হাগ্রামা মহিলাৰীক ক্ষমতাচ্যুত কৰাৰ ক্ষেত্রত নির্ণায়ক ভূমিকা লৈছিল বিজেপিয়ে৷ বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী এনডিএফবি, এবছু, ইউনাইটেড বড়ো পিপলছ অর্গেনাইজেচন আদি সংগঠনৰ পৃষ্ঠপোষকতাত জন্মলাভ কৰা প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলক শাসনভাৰ অর্পণ কৰাৰ স্বার্থতেই বিজেপিয়ে এনে সিদ্ধান্ত লৈছিল৷
ফলত বড়ো ৰাজনীতিৰ পট পৰিৱর্তন ঘটিছিল৷ সুদীর্ঘ পাঁচ বছৰ বিৰোধীৰ আসনত অধিষ্ঠিত হাগ্রামা মহিলাৰীয়ে শেহতীয়া বিটিচি নির্বাচনত অভূতপূর্ব সাফল্য লাভ কৰিছে৷ বিটিচিৰ ৪০খন আসনৰ ভিতৰত ২৮খন আসনতে জয়লাভ কৰি হাগ্রামা মহিলাৰীয়ে এই কথা প্রমাণ কৰিছে যে বিটিচিত বাস কৰা প্রায় ৩৫ লাখ জনসাধাৰণৰ তেওঁ সর্বাধিক পছন্দৰ নেতা৷
বিটিচি নির্বাচনে আগন্তুক বিধানসভা নির্বাচনৰ বাবেও কেইবাটাও বার্তা বহন কৰিছে৷ সমষ্টি পুনৰ নির্ধাৰণৰ আধাৰত ২০২৬ৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ পূর্বতে বিটিচিৰ অন্তর্গত ১২টা বিধানসভা সমষ্টিত বড়ো ৰাজনীতিয়ে নির্ণায়ক ভূমিকা গ্রহণ কৰিছিল যদিও সমষ্টি পুনর্গঠন প্রক্রিয়াত বিটিচিৰ অন্তর্গত বিধানসভা সমষ্টি ১৫টালৈ বৃদ্ধি হৈছে৷ ইয়াৰে টংলা, ভেৰগাঁও, গোৰেশ্বৰ, মানাহ, বিজনী, গোসাঁইগাঁও, পর্বতঝোৰা আৰু বাঁওখুংৰী সমষ্টিকেইটা সংৰক্ষণবিহীন৷
বিটিচিৰ অন্তর্গত সংৰক্ষিত ৭টা বিধানসভা সমষ্টিৰ বড়ো প্রার্থীৰ জয়ৰ সম্ভাৱনাৰ লগতে সংৰক্ষণবিহীন সমষ্টিকেইটাতো বড়ো ৰাজনীতিৰ বিশেষ প্রভাৱ আছে৷ বিগত পাঁচ বছৰে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলটো দোদুল্যমান অৱস্থাত আছিল৷
২০২০ৰ বিধানসভা নির্বাচনৰ পিছত বিপিএফৰ সংগ ত্যাগ কৰি বিজেপিয়ে ইউপিপিএলৰ স’তে নতুন মিত্রতা গঢ়ি তুলিছিল৷ ইউপিপিএলৰ প্রতিনিধিৰূপে ৰাজ্যিক মন্ত্রীসভাত অন্তর্ভুক্ত হৈছিল উর্খাও গৌৰা ব্রহ্ম৷ একেদৰে বিজেপিৰ সমর্থনত ২০২২ ৰ ২ এপ্রিলত ৰাজ্যসভাৰ সাংসদৰূপে নির্বাচিত হৈছিল ইউপিপিএলৰ ৰণগৌৰা নার্জাৰী৷
২০২৪ৰ বিধানসভা নির্বাচনত বিজেপিৰ সমর্থনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভালৈ নির্বাচিত হৈছিল জয়ন্ত বসুমতাৰী৷ ৰণগৌৰা নার্জাৰীৰ কার্যকাল শেষ হ’ব ২০২৮ চনত আৰু জয়ন্ত বসুমতাৰীৰ কার্যকাল আছে ২০২৯ৰ লোকসভা নির্বাচনলৈ৷ ৰাজ্যসভা অথবা লোকসভাৰ মজিয়াত বিপিএফৰ কোনো সাংসদ নাথাকিলেও বিধানসভালৈ নির্বাচিত দলটোৰ তিনিজন বিধায়কে বিৰোধী পক্ষত অৱস্থান কৰা নাই৷
বিধানসভাৰ মজিয়াত সহযোগী দলৰ সদস্যৰূপে কার্যনির্বাহ কৰি আছে বিপিএফৰ বিধায়ক তিনিজনে৷ কিন্তু বিটিচিৰ শেহতীয়া নির্বাচনৰ ফলাফলে বড়ো ৰাজনীতিৰ পট পৰিৱর্তন ঘটোৱাৰ লগে লগে বিজেপিয়েও পৰিৱর্তিত স্থিতি গ্রহণ কৰিছে৷ বিটিচিৰ ৰাজনীতিত ইউপিপিএলে বিৰোধীৰ আসনত বহাৰ সময়তে বিপিএফৰ স’তে যুগ্মভাৱে চৰকাৰ চলাবলৈ সিদ্ধান্ত লৈছে বিজেপিয়ে৷ বিপিএফৰ বিধায়ক চৰণ বড়োক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৮ অক্টোবৰত মন্ত্রীসভাত অন্তর্ভুক্ত কৰাৰ লগতে পৰিবহণকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ দায়িত্ব অর্পণ কৰিছে৷
হাগ্রামা মহিলাৰীয়ে বিটিচি পৰিষদৰ উপাধ্যক্ষ পদকে ধৰি কার্যবাহী পৰিষদৰ দুটা পদ বিজেপিলৈ আগবঢ়োৱাৰ কথা ৰাজহুৱা কৰিছে৷ ২০২৬ৰ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখিয়ে বিজেপিয়ে বিপিএফৰ স’তে আকৌ নতুন ৰাজনৈতিক সম্পর্ক গঢ়াৰ পণ লৈছে৷ এনে অৱস্থাত যোৱা পাঁচ বছৰে বড়ো ৰাজনীতিত বিশেষ ভূমিকা গ্রহণ কৰা প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ স’তে বিজেপিৰ মিত্রতা কোন দিশে ধাৱমান হ’ব তাক লৈ বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷
ইউপিপিএলৰ স’তে মিত্রতা ভংগ কৰাটো বিজেপিৰ বাবে সহজসাধ্য নহ’ব৷ কিয়নো ইউপিপিএলৰ সাংগঠনিক ভেটিৰ মূল কেন্দ্রবিন্দু হ’ল এবছু৷ বিগত প্রায় চাৰি দশক ধৰি বড়োসকলৰ আত্মনিয়ন্ত্রণৰ সংগ্রামখনৰ নেতৃত্ব বহন কৰা এবছুৱে হাগ্রামা মহিলাৰীক ৰাজনৈতিকভাৱে সহজে সহায় কৰাৰ আশা নাই৷ বিটিচি চুক্তি স্বাক্ষৰৰ পিছত ক্ষমতাধিষ্ঠিত হাগ্রামা মহিলাৰীয়ে তিনি বছৰৰ ভিতৰতে পর্যায়ক্রমে এবছুক এলাগী কৰিছিল৷ কিন্তু বিপিএফ আৰু ইউপিপিএল একত্রিত নহ’লে বড়ো ৰাজনীতি বহুধাবিভক্ত হৈয়ে থাকিব৷ এনে অৱস্থাত দুয়োটা দলৰ স’তে মিত্রতা অব্যাহত ৰখাটো বিজেপিৰ বাবে কষ্টকৰ হ’ব৷