নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাংগণত ৯২সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন

উত্তৰ পূব ভাৰতৰ আধ্যাত্মিক সনাতনী সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাঙ্গণত ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাবে চলি অহা ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ এই বৰ্ষত অহা ৫ নবেম্বৰৰ পৰা ১৭ নবেম্বৰলৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ব্যাপক প্ৰস্ততি চলোৱা পৰিলক্ষিত হৈছে।

১৩ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৯২তম্ ৰাস মহোৎসৱৰ শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগনত মুল প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ আজি পুৱা আনুষ্ঠানিক ভাৱে লাইখুটা স্থাপন কৰে ৯২ সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিয়ে।

বৈদিক নীতি নিয়ম তথা পুৰোহিতৰ মন্ত্ৰ ধ্বনিৰে মুখৰিত অনুষ্ঠানটো আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে ৯২সংখ্যক নলবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে।

হৰিমন্দিৰ সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য তথা ৯২ সংখ্যক ৰাস মহোৎসৱৰ শোভাযাত্ৰা উপ সমিতিৰ সভাপতি তপেশ্বৰ দাসে আঁত ধৰা লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে ৯২সংখ্যক ৰাস মহোৎসৱৰ কাৰ্যকৰী সভাপতি মদন মালাকৰ, ৰাস মহোৎসৱৰ উপ সভাপতি বাণেশ্বৰ দাস, হৰি মন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক তথা ৰাস মহোৎসৱৰ খ’লা বিভাগৰ সভাপতি নলিনী কান্ত শীল, হৰি মন্দিৰ সমিতিৰ কাৰ্যনিৰ্বাহ তথা ৰাস মহোৎসৱৰ সহ সম্পাদক হৰেন হালৈ, কাৰ্যনিৰ্বাহ সদস্য তথা ৰাস মহোৎসৱৰ মুখ্য কাৰ্যালয় সম্পাদক মোহন হালৈ, কাৰ্যালয় সম্পাদক কৰুণা হালৈ, কাৰ্যালয় হৰিমন্দিৰ সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য তথা ৰাস মহোৎসৱৰ স্বাস্থ্য আৰু চিকিৎসা বিভাগৰ সম্পাদক জোন কুমাৰ বৰ্মন, অভ্যৰ্থনা বিভাগৰ উপ সমিতিৰ সম্পাদক শিশু হালৈৰ উপৰি শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য, আজীৱন সভ্য, শুভকাংক্ষীসকলে লাইখুঁটা স্থাপন কৰাত সহায় সহযোগ কৰে।

নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ, ২১ অক্টোবৰ 

You might also like