নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (২৪ অক্টোবৰ)

আজিৰ দিনটো কিছুমান ৰাশিৰ বাবে ভালপোৱা আৰু ৰোমাঞ্চৰ নতুন আৰম্ভণি লৈ আহিব, কিন্তু কিছুমানক ধৈৰ্য্য, কথোপকথন আৰু বুদ্ধিমত্তাৰে নিজৰ সম্পৰ্ক চম্ভালিব লাগিব। প্ৰেমত সমতা ৰক্ষা কৰাই আজিৰ সৰ্ববৃহৎ পাঠ।

মেষ

সম্পৰ্কত আজিৰ দিনটোত কিছুমান উত্থান-পতন দেখা দিব পাৰে। ধৈৰ্য্য আৰু বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰক। ভুল-বুজাবুজি হ’লে শান্তভাৱে কথোপকথনৰ জৰিয়তে সমাধান কৰক। অবিবাহিত লোকৰ জীৱনত নতুন কোনো আকৰ্ষণ আহিব পাৰে।
শুভ নম্বৰ : ৮, শুভ ৰং : সেউজীয়া

বৃষ

আজিৰ দিনটো প্ৰেমজীৱনৰ বাবে মিঠা আৰু সমতাপূৰ্ণ। আপোনাৰ সঙ্গীৰ সৈতে বাহিৰ ঘূৰিব পাৰে বা ভবিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। বিবাহিত লোকৰ মাজত প্ৰেম আৰু বুজাপৰা আৰু শক্তিশালী হ’ব।
শুভ নম্বৰ: ৭, শুভ ৰং : হালধীয়া

মিথুন

আজিৰ দিনটো প্ৰেম আৰু ৰোমান্সেৰে পৰিপূৰ্ণ হ’ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভণি সম্ভৱ। কোনো বিভ্ৰান্তি থাকিলে খোলাখুলিভাৱে কথা পাতক — সম্পৰ্ক আৰু গভীৰ হ’ব।
শুভ নম্বৰ: ৩, শুভ ৰং: মেৰুন

কর্কট

প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটোত অলপ সাৱধানতা ৰাখিব লাগিব। নগণ্য কথাত বিতণ্ডা নকৰিব। বিবাহিতসকলে সঙ্গীৰ সৈতে সুমেল ৰাখক, অবিবাহিতসকলৰ বাবে সময়টো অলপ কঠিন হ’ব পাৰে।
শুভ নম্বৰ: ৫, শুভ ৰং: বগা

সিংহ ৰাশি

প্ৰেমসম্পৰ্কত দৃঢ়তা আৰু স্থিৰতা আহিব। সঙ্গীৰ সৈতে কটোৱা সময়টো স্মৰণীয় হ’ব। বিবাহিতসকলে সম্পৰ্কত নতুন আৰম্ভণিৰ দিশে আগবাঢ়িব পাৰে।
শুভ নম্বৰ : ১, শুভ ৰং: সোণালী

কন্যা

প্ৰেমজীৱনত আনন্দ আৰু নতুন শক্তি অনুভৱ হ’ব। সম্পৰ্ক আগবঢ়াবলৈ ই উপযুক্ত সময়। অবিবাহিতসকলে নতুন সম্পৰ্ক পাব পাৰে। নিজৰ অনুভূতি প্ৰকাশ কৰিবলৈ লাজ নকৰিব।
শুভ নম্বৰ: ৯, শুভ ৰং: মেজেণ্টা

তুলা

আজিৰ দিনটোত প্ৰেমজীৱনত সমতা ৰক্ষা কৰা অতি প্ৰয়োজনীয়। নগণ্য কথাবোৰক ডাঙৰ নকৰিব। সঙ্গীৰ অনুভূতি বুজিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক বা দেখা-সাক্ষাৎ শুভ সংকেত হব পাৰে।
শুভ নম্বৰ: ৬, শুভ ৰং : ৰঙা

বৃশ্চিক

ভুল-বুজাবুজি বা অৱিশ্বাসৰ পৰা আঁতৰি থাকিব। সম্পৰ্কত স্পষ্টতা ৰাখিব। বিবাহিতসকলৰ বাবে এই সময়টো সম্পৰ্ক মিঠা কৰাৰ সময়। সঙ্গীক সময় দিয়াটো লাভজনক হ’ব।
শুভ নম্বৰ : ৪, শুভ ৰং: ধোঁৱাবৰণীয়া

ধনু

সম্পৰ্ক অধিক গভীৰ আৰু অনুভূতিপূৰ্ণ হ’ব পাৰে। অবিবাহিতসকলে বিশেষ কোনো ব্যক্তিৰ সৈতে পৰিচিত হ’ব পাৰে। বিবাহিতসকলে গৰম মেজাজ নিয়ন্ত্ৰণত ৰাখিব, তেতিয়াহে প্ৰেম আৰু স্থিৰতা টিকি থাকিব।
শুভ নম্বৰ : ১১, শুভ ৰং: ৰূপালী

মকৰ

আজিৰ দিনটো পৰিয়াল আৰু প্ৰেমিক-প্ৰেমিকাৰ সৈতে সময় কটাবলৈ অতি শুভ। অবিবাহিতসকলে নতুন প্ৰেম পাব পাৰে। সম্পৰ্কত থকা লোকসকলে সঙ্গীৰ সৈতে স্মৰণীয় সময় কটাব পাৰে।
শুভ নম্বৰ : ২২, শুভ ৰং: ধূসৰ

কুম্ভ

সম্পৰ্কত অলপ চাপ বা অনুভূতিজনিত উত্থানপতন হ’ব পাৰে, কিন্তু কথা-বতৰাৰে সকলো ঠিক হ’ব। অবিবাহিতসকলে আগৰ সম্পৰ্কৰ চিন্তাত মগ্ন হ’ব পাৰে। ধৈৰ্য্যেই আজিৰ সাফল্যৰ চাবি।
শুভ নম্বৰ: ১৮, শুভ ৰং: ক্ৰীম

মীন

প্ৰেমজীৱন সুখ আৰু ৰোমান্সেৰে ভৰা হ’ব। বিবাহিতসকলৰ বাবে এই সময়টো শুভ; তেওঁলোকে সঙ্গীৰ সৈতে আন্তৰিক সময় ভাগ কৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে।
শুভ নম্বৰ: ১৭, শুভ ৰং: কমলা

You might also like