নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুৰুক্ষেত্ৰত পৰিণত পাথাৰকান্দি মাছবজাৰ, ৰ*ক্তক্ষয়ী সংঘৰ্ষত আহত ৯

দুইপক্ষৰ মাজত বাকবিতণ্ডা আৰম্ভ হয় আৰু ধীৰে ধীৰে উত্তেজনা বৃদ্ধি পায়। এটা সময় লাঠী, মাছ কটা ধাৰাল দা লৈ দুইপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। এই ঘটনাত গুৰুতৰভাৱে আহত হয় ৯জ

মাছৰ বজাৰৰ অধিকাৰক লৈ পাথাৰকান্দি মাছবজাৰ কুৰুক্ষেত্ৰত পৰিণত হয়। দুইপক্ষৰ মাজত হোৱা এই ৰক্তক্ষয়ী সংঘৰ্ষত আহত হৈছে ৯জন। তেওঁলোকৰ ভিতৰত সাতজনক সংকটজনক অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ ভৰ্তি কৰা হৈছে।

কালি নিশা এটা পক্ষ মাছ বজাৰৰ মালিকানা দাবী কৰাক লৈ দুইপক্ষৰ মাজত বাকবিতণ্ডা আৰম্ভ হয় আৰু ধীৰে ধীৰে উত্তেজনা বৃদ্ধি পায়। এটা সময় লাঠী, মাছ কটা ধাৰাল দা লৈ দুইপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। এই ঘটনাত গুৰুতৰভাৱে আহত হয় ৯জন। তাৰে দুজনক প্ৰাথমিক চিকিৎসাৰ পাছত যাব দিয়া হলেও বাকী সাতজনক সংকটজনক অৱস্থাত শ্ৰীভূমি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে, ঘটনাস্থলৰ সংবাদ সংগ্ৰহ কৰিবলৈ অহা দুজন সাংবাদিক চিকিৎসালয়ত উপস্থিত হোৱাত এগৰাকী মহিলা চিকিৎসকে এজন সাংবাদিকৰ ম’বাইল কঢ়ি লৈ যায় বুলি অভিযোগ উঠিছে। জানিব পৰা মতে বৃহস্পতিবাৰে ৰাতি এখন ৱাগনাৰ গাড়ী লৈ কিছুমান ব্যক্তি দা, লাঠী আৰু তৰোৱাল লৈ পথাৰকান্দি মাছবজাৰত আহে। আহি তেওঁলোকে মাছ বজাৰৰ মালিকানা দাবী কৰে।

এই দাবীক লৈ বজাৰত থকা ব্যৱসায়ীৰ সৈতে তীব্ৰ বিতণ্ডা আৰম্ভ হয় আৰু বিতণ্ডাই পৰৱৰ্তী সময়ত হিংসাত্মক ৰূপ লয়। মালিকানা দাবী কৰা পক্ষটোৱে দা, লাঠী আৰু তৰোৱালেৰে বজাৰৰ ব্যৱসায়ীৰ ওপৰত আক্ৰমণ কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰিয়াজ উদ্দিন, হেলাল উদ্দিন, হাবিব উদ্দিন, ৰুবেল আহমদ, কবিৰ উদ্দিন, মছ্তু আলী, আসাৰ উদ্দিন আৰু চুৱাব উদ্দিন।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ অক্টোবৰ

You might also like