জুবিন গার্গক ভাল পোৱাৰ নামত, জুবিন গার্গৰ অনুগামী হোৱাৰ নামত সোণাপুৰৰ জুবিন ক্ষেত্রত কোনোধৰণৰ ভণ্ডামি–উদ্ভণ্ডালি হ’ব নোৱাৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰাৰ পাছতে কামৰূপ মহানগৰ জিলা প্রশাসনে এখন এছঅ’পি জাৰি কৰি কেতবোৰ কঠোৰ নির্দেশনা প্রকাশ কৰিছে৷ স্থানীয় জনসাধাৰণকে ধৰি বিভিন্ন দল–সংগঠনৰ সৈতে আলোচনাৰ অন্তত আৰু কমাৰকুছিৰ হাতীমূৰাত থকা কিংবদন্তি গায়কগৰাকীৰ শ্মশান ক্ষেত্রৰ পুণ্যতা আৰু পৱিত্রতা বজাই ৰখাৰ স্বার্থত কামৰূপ মহানগৰ জিলাৰ জিলা দণ্ডাধীশ সুমিত সাত্তাৱনে তৎকালীনভাৱে কার্যকৰী হোৱাকৈ তিনিদফীয়া নির্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি জুবিন ক্ষেত্রত পুৱা ৬ বজাৰ পৰা দর্শনার্থীয়ে জুবিন গার্গক শ্রদ্ধাঞ্জলি জনাব পাৰিব৷ নিশা ১০ বজালৈকে জুবিন ক্ষেত্র দর্শনার্থীৰ বাবে খোলা থাকিব৷ নিশা ১০ বজাৰ পাছত কোনো দর্শনার্থীকে জুবিন ক্ষেত্রত প্রৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব৷ জুবিন ক্ষেত্রত মদ্যপান বা আন কোনোধৰণৰ মাদকদ্রব্য সেৱন কৰি প্রৱেশ কৰিবলৈ দিয়া নহ’ব বুলিও মহানগৰ জিলা প্রশাসনে নির্দেশনা প্রকাশ কৰিছে৷
জুবিন ক্ষেত্রৰ চৌহদৰ ভিতৰৰ লগতে শ্মশান ক্ষেত্রৰ ওচৰত তথা আশে–পাশে যিকোনো ধৰণৰ মাদকদ্রব্য সেৱন বা বিতৰণ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে৷ উল্লেখ কৰিব পাৰি যে কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত হোৱা এক সংবাদ মেলযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কামৰূপ মহানগৰ জিলা প্রশাসনক জুবিন ক্ষেত্রত একাংশ জুবিন অনুৰাগীৰ মাদকদ্রব্য সেৱন, উদ্ভণ্ডালি আৰু ভণ্ডামি ৰোধ কৰিবলৈ নির্দেশনা জাৰি কৰিবৰ বাবে নির্দেশ দিছিল৷ সংবাদ মেলত মুখ্যমন্ত্রীগৰাকীয়ে স্পষ্ট ভাষাৰে জুবিন ক্ষেত্রৰ সমাধিত একাংশ জুবিন অনুৰাগীয়ে মদ ঢলা, চাধা টেমা দিয়া বা মদ্যপান কৰা বিষয়ক লৈ গৰজি উঠে আৰু জুবিনৰ নামত জুবিন ক্ষেত্রৰ লগতে ৰাজ্যৰ অন্যান্য প্রান্ততো উদ্ভণ্ডালি কৰিব নোৱাৰিব বুলি কঠোৰ সকীয়নি প্রদান কৰে৷
মুখ্যমন্ত্রীয়ে কয় যে জুবিন ক্ষেত্রৰ সমাধিত মদ ঢলা, চাধা টেমা দিয়া আদি কার্য ৫০ বছৰৰ পাছত যদি পৰম্পৰা হৈ যায় সেইটো কেতিয়াও মানি ল’ব নোৱাৰি৷ জুবিন ক্ষেত্রত বর্তমানে ভণ্ডামি হৈ আছে, একাংশ জুবিন অনুৰাগীয়ে উদ্ভণ্ডালি কৰিছে৷ শিল্পী বিষ্ণুপ্রসাদ ৰাভা, ভূপেন হাজৰিকা আদিৰ লগত এনেধৰণে জুবিনৰ তুলনা হোৱাটো কোনোপধ্যেই মানি ল’ব নোৱাৰি বুলি মন্তব্য কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে জুবিনে ২৪ ঘণ্টাই মদ খাই থকা নাছিল৷ জুবিনক আমি নমস্য ব্যক্তি হিচাপে জীয়াই ৰাখিব লাগিব৷ জুবিনক এগৰাকী শিল্পী হিচাপে আমি জীয়াই ৰাখিব লাগিব৷ পর্যটক আহিলে যেতিয়া জুবিন ক্ষেত্রলৈ যাব বিচাৰিব তেতিয়া আমি কি দেখুৱাম? এইটো আমাৰ পৰিচয় নহয়৷ জুবিন ক্ষেত্রত মদ সেৱন বা মদ ঢলা কার্যও আমাৰ সংস্কৃতি নহয়৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাতি দুই বজালৈ জুবিন ক্ষেত্রলৈ যোৱাটো ভাল কথা নহয়৷
ডিজিটেল ডেস্ক, ২৪ অক্টোবৰ :