অসমীয়াৰ আৱেগ জুবিন গার্গৰ মৃত্যুৰ পাছত আৰম্ভ হোৱা ৰাজনীতিক লৈ সৃষ্টি হৈ থকা বিতর্কৰ মাজতে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট মন্তব্য– জুবিনক ৰাজনীতিৰ পৰা এহেজাৰ কিলোমিটাৰ দূৰত ৰাখিম৷
আজি বৰাকত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– ’২৬ৰ নির্বাচনত মানুহে আমাকেই বেছি ভোট দিব৷ জুবিনক ছিংগাপুৰৰ পৰা আনিলোঁ, জুবিনৰ অন্ত্যেষ্টিক্রিয়া ধুনীয়াকৈ সম্পন্ন কৰিলোঁ, জুবিনৰ ন্যায় দিম, চার্জশ্বীট দিম৷ গতিকে যদি জুবিনৰ নাম লৈ কোনোবাই ৰাজনীতি কৰে বা ভোট বিচাৰে, তেন্তে সকলোৱে বিজেপিক প্রথম চিন্তা কৰিব৷ বিজেপিয়ে ইমান ধুনীয়াকৈ জুবিনৰ কামবিলাক এটাৰ পিছত এটাকৈ কৰি গৈছে৷ মই জুবিনৰ নামত ভোট নিবিচাৰোঁ৷ তেওঁ ৰাজনীতিৰ পৰা এহেজাৰ কিলোমিটাৰ দূৰত থকাটো বিচাৰোঁ৷
ইফালে, জুবিনৰ জাতি নাই, ধর্ম নাই বুলি একাংশই শিল্পীগৰাকীৰ বক্তব্যক বিকৃত কৰা বুলিও আজি মুখ্যমন্ত্রী ড০ শর্মাই অভিযোগ তোলে৷ তেওঁ কয়– এই ইছ্যুটো বিৰোধীয়ে জীয়াই ৰাখিছে হিন্দু সমাজৰ বিৰুদ্ধে৷ অখিল গগৈয়ে এই ইছ্যুটোক বিজেপিৰ বিৰুদ্ধে নহয়, হিন্দুৰ বিৰুদ্ধে জীয়াই ৰাখিছে৷ জুবিনৰ জাতি নাই বুলি কৈছে, তেওঁ অসমীয়া নহয়? ধর্ম নাই বুলি কৈছে, তেওঁ হিন্দু নহয়? অখিল গগৈৰ দৰে মানুহে জুবিনৰ এই ইছ্যুটো হিন্দু সমাজক দুর্বল কৰাৰ বাবে ব্যৱহাৰ কৰি আছে৷
মুখ্যমন্ত্রীয়ে জুবিনক ন্যায় দিয়াৰ ক্ষেত্রত তেওঁ নিজেও ৰাজপথত নামিব বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয়– জুবিনৰ মৃত্যুৰ তদন্তৰ যিদিনাখন অভিযোগনামা দাখিল কৰা হ’ব, তাৰ পিছদিনা ন্যায়ৰ বাবে ময়ো ৰাস্তাত নামিম৷ ন্যায় ন্যায়ালয়ে দিব, মই মুখ্যমন্ত্রীহে, মুখ্য ন্যায়াধীশ নহয় নহয়৷ গতিকে যিদিনাখনে এছআইটিৰ ৰিপ’ৰ্ট আদালতত দাখিল কৰা হ’ব, পিছদিনাৰ পৰাই ৰাস্তাত ময়ো জুবিনৰ ন্যায়ৰ বাবে নামিম৷ মুখ্যমন্ত্রীয়ে কয়– ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগে, ন্যায়ালয়ে সোনকালে ৰায়দান দিব লাগে৷
ডিজিটেল ডেস্ক, ২৪ অক্টোবৰ :