এইবাৰ আফগানিস্তানৰ জলযুদ্ধ ! পাকিস্তানক শুকাই মাৰিবলৈ নদীবান্ধৰ প্ৰস্তুতি তালিবানৰ
ভাৰতৰ পাছত এইবাৰ জলযুদ্ধত নামিল আফগানিস্তান ! শেহতীয়াকৈ পাকিস্তান-আফগানিস্তানৰ মাজত যুযুধান পৰিস্থিতি অব্যাহত থকাৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তালিবানে। উল্লেখ্য যে পাকিস্তানক এসেকা দিবলৈ এইবাৰ আফগানিস্তানে যিমান সম্ভৱ সোনকালে কুনাৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰিব। ফলত আফগানিস্তানৰ পৰা পাকিস্তানমুখী নদীৰ জলপ্ৰবাহৰ পৰা বঞ্চিত হ’ব ইছলামাবাদ। ফলত পাকিস্তান তীব্ৰ জল সংকটৰ সন্মুখীন হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ আগতে ভাৰতে সিন্ধু জলচুক্তি স্থগিতৰ সিদ্ধান্ত লৈ পাকিস্তানক এক মোক্ষম আঘাত হানিছিল। এতিয়া আফগানিস্তানেও সেই পথতে খোজ দিয়াত নিঃসন্দেহে পাকিস্তানৰ অস্বস্তি আৰু বৃদ্ধি পালে।
আফগান জল আৰু শক্তি মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা মতে, তালিবানৰ সৰ্বোচ্চ নেতা মোল্লা হিবাতুল্লাহ আখুনজাদাই কুনাৰ নদীৰ বুকুত দ্ৰুতগতিত বান্ধ নিৰ্মাণ কৰিবলৈ মন্ত্ৰণালয়ক নিৰ্দেশ দিছে। তাৰ বাবে দেশীয় সংস্থাৰ সৈতে যিমান সোনকালে সম্ভৱ চুক্তি স্বাক্ষৰ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
এই সন্দৰ্ভত আফগানিস্তানৰ ভাৰপ্ৰাপ্ত জলমন্ত্ৰী মোল্লা আব্দুল লতিফ মনছুৰে এক্সত উল্লেখ কৰে- “আফগানসকলৰ নিজৰ পানী নিজেই পৰিচালনা কৰাৰ অধিকাৰ আছে।”
উল্লেখ্য যে যদিহে আফগানিস্তানে কুনাৰ নদীত বান্ধ নিৰ্মাণ কৰে তেন্তে ইয়াৰ ভয়াৱহ পৰিণাম পাকিস্তানে ভুগিব লাগিব। আফগানিস্তানৰ এই পদক্ষেপৰ ফলত পাকিস্তানৰ খেতিপথাৰ আৰু জনসাধাৰণৰ বাবে পানীৰ তীব্ৰ নাটনি হ’ব। ভাৰতৰ পিছত চুবুৰীয়া আফগানিস্তানৰ এই সিদ্ধান্তৰ পিছত এতিয়া ভয়ংকৰ বিপদত পৰিছে পাকিস্তান।
ডিজিটেল ডেস্ক, ২৪ অক্টোবৰ :