জুবিন ক্ষেত্ৰত প্ৰৱেশৰ সময়সীমা বৃদ্ধি : জুবিন গাৰ্গ ফেন ক্লাবৰ আহ্বানলৈ সঁহাৰি মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীৰ অনুমতিপ্ৰাপ্ত সিদ্ধান্ত অনুসৰি এতিয়া অনুৰাগীয়ে নিশা ১১ বজালৈকে ক্ষেত্ৰখনত প্ৰৱেশ কৰিব পাৰিব।
জুবিন গাৰ্গৰ স্মৃতিৰক্ষাৰ স্থান জুবিন ক্ষেত্ৰত জনসাধাৰণৰ প্ৰৱেশৰ সময়সীমা বৃদ্ধি কৰা হৈছে। সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবে দিয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ফেন ক্লাবে আগতে নিশা ১২ বজালৈ ক্ষেত্ৰখন খোলা ৰাখিবলৈ অনুৰোধ জনাইছিল। মুখ্যমন্ত্ৰীৰ অনুমতিপ্ৰাপ্ত সিদ্ধান্ত অনুসৰি এতিয়া অনুৰাগীয়ে নিশা ১১ বজালৈকে ক্ষেত্ৰখনত প্ৰৱেশ কৰিব পাৰিব।
জুবিন গাৰ্গৰ প্ৰতি জনতাৰ বিপুল আদৰ, মৰম, উৎসাহৰ কথা চিন্তা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। এই সময়সীমা বৃদ্ধিৰে অনুৰাগীসকলে আৰু অধিক সময় জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত কটাব পাৰিব।
উল্লেখ্য যে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত ওৰেনিশা প্ৰৱেশৰ বাবে খোলা থকাৰ সময়ত কিছু উচ্ছৃংখল অনুৰাগীয়ে স্থানটোৰ পৰিৱেশ বিনষ্ট কৰিছিল, আৰু চৰকাৰে প্ৰৱেশৰ ক্ষেত্ৰত এছঅপি দাখিল কৰিছিল।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৫ অক্টোবৰ