নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাৰ্বাইন ঘূৰিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ! গোগামুখত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্রতিবাদ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত শুকুৰবাৰে এন এইচ পি চিৰ চিএমডি ভূপিন্দৰ গুপ্তাৰ পৰিদর্শন কালত প্রকল্পটোৰ এক নম্বৰ টাৰ্বাইনটো ঘূৰাই প্রাৰম্ভিক পৰীক্ষা কৰাৰ পিছতে এনএইচপিচিৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্রতিবাদ।

এন এইচ পি চিৰ বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, কেন্দ্রীয় চৰকাৰৰ গ্রীন ছিগনেল পালেই এই বর্ষৰ শেষৰফালে আৰম্ভ হ’ব শক্তি উৎপাদনৰ কাম৷ মুঠ আঠটা টাৰ্বাইন আছে এই নামনি সোৱণশিৰি জলবিদ্যুত প্রকল্পৰ শক্তিগৃহত ৷ যাৰ জৰিয়তে উৎপাদন হ’ব ২০০০ মেগাৱাট শক্তি৷ আনহাতে নৱেম্বৰ, ডিচেম্বৰ মাহৰ পৰাই ৫০০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছে প্রকল্প কর্তৃপক্ষই।

এন এইচ পি চিৰ চিএমডি ভূপিন্দৰ গুপ্তাৰ পৰিদর্শন কালত প্রকল্পটোৰ এক নম্বৰ টাৰ্বাইনটো ঘূৰাই পৰীক্ষণ কৰাৰ পাছতেই আজি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত যুৱ ছাত্র পৰিষদে গোগামুখৰ মাজমজিয়াত এন এইচ পি চি আৰু অসম চৰকাৰৰ প্রতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্রতিবাদ৷ গেৰুকামুখৰ বৃহৎ নদীবান্ধ প্রকল্পৰ টাৰ্বাইন ঘূৰাৰ বাতৰি প্রকাশ পোৱাৰ পিছতে এন এইচ পি চিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংগঠনটো৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প শীঘ্ৰে বন্ধ কৰাৰ দাবীৰে এন এইচ পি চিৰ বিৰুদ্ধে আৰু চৰকাৰৰ প্রতি ক্ষোভ উজাৰি হাতে হাতে প্লে-কার্ড লৈ বিভিন্ন শ্ল’গানেৰে গোগামুখৰ ৰাজপথ উত্তাল কৰি তোলে সংগঠনটোৱে৷

আধুনিক প্রযুক্তিৰে নির্মাণ কৰা বুলি এন এইচ পি চিয়ে যিমানেই দম্ভালি নামাৰক কিয়, ৰুষ্ট প্রকৃতিক বাধা দি ৰাখিব পৰা নাই নির্মাণকাৰী সংস্থা এন এইচ পি চিয়ে৷ জলবোমাই উত্তৰ অসমৰ সভ্যতা–সংস্কৃতি আৰু অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ কার্য যিমানেই ক্ষিপ্র গতিত আগবাঢ়িছে সিমানেই প্রকল্পটোৰ নামনিবাসী তথা লখিমপুৰ, ধেমাজি, মাজুলী আৰু শোণিতপুৰ জিলাবাসী শংকিত হৈ পৰিছে৷ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দম্ভ-অহংকাৰ মনোভাব পৰিহাৰ কৰি বিশেষজ্ঞ কমিটীৰ প্রতিবেদন কার্যকৰী কৰিবলৈ আহ্বান জনাইছে স্থানীয় দল–সংগঠনে৷ অসম বিভিন্ন দল-সংগঠনৰ প্রবল প্রতিবাদকো আওকাণ কৰি বিশেষজ্ঞ কমিটীৰ প্রতিবেদনক নস্যাৎ কৰি নির্মাণ কার্য অব্যাহত ৰাখিছে এন এইচ পি চিয়ে৷

বিশেষ বার্তা, গোগামুখ, ২৫ অক্টোবৰ 

You might also like