নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ বিশ্ব টকিজৰ সিদ্ধান্ত, জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ৰ লাভাংশ দিব গৰিমা শইকীয়া গাৰ্গক

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণত সকলোৱে মৰ্মাহত হৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে ন্যায়ৰ দাবী জনাই আহিছে। এনে সময়তে জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ ছবিখন মুক্তি লাভৰ দিশে আগবাঢ়িছে। অহা ৩১ অক্টোবৰত চিনেমাখনে মুক্তি লাভ কৰিব। সকলোৱে চিনেমাখনৰ মুক্তিৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে। এনে সময়তে লখিমপুৰৰ বিশ্ব টকিজে আজি এটা ডাঙৰ ঘোষণা কৰে। ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ দৰ্শনীৰ পৰা হোৱা লাভাংশৰ এটা অংশ তেওঁলোকে গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰিব।

উল্লেখ্য যে জুবিন গাৰ্গে পৰিকল্পনা কৰা বহু কাম কৰিবলৈ থাকি গ’ল। সেই আধৰুৱা কামসমূহ কৰাৰ ক্ষেত্রত কিঞ্চিৎ সহায় হোৱাকৈ বিশ্ব টকিজে চিনেমাখনৰ দৰ্শনীৰ লাভাংশৰ কিছু অংশ গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰিব।

বিশ্ব টকিজৰ পৰিচালক নৰেন হাজৰিকাই এই সন্দৰ্ভত কয়- কালি সন্ধিয়া আমি ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ টিকট মুকলি কৰিলোঁ। লগে লগে ৰাইজৰ অভূতপূর্ব সঁহাৰি পালোঁ। নিশালৈকে টিকট বিচাৰি দৰ্শকে ভিৰ কৰে। অহা ৩১ অক্টোবৰৰ পৰা চলিবলগীয়া চিনেমাখনৰ ইতিমধ্যে প্ৰথম সপ্তাহৰ টিকট শেষ হ’ল। আমি এতিয়া দ্বিতীয় সপ্তাহৰহে টিকট দিছোঁ। বিশ্ব টকিজত চিনেমাখনৰ নিতৌ পাঁচটা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। প্ৰয়োজন হ’লে দৰ্শনীৰ সংখ্যা আৰু বৃদ্ধি কৰা হ’ব।

তেওঁ আৰু কয়- চিনেমাখনৰ নিৰ্মাণৰ সময়ৰ পৰা আমি এই পৰিকল্পনা কৰিছিলোঁ। চিনেমাখন চলিলে তাৰ লাভাংশৰ একাংশ আমি প্ৰদান কৰিম। পিছে অপ্ৰত্যাশিতভাৱে শিল্পীগৰাকীৰ বিয়োগ হ’ল। আমি সিদ্ধান্ত সলনি কৰা নাই। জুবিন গাৰ্গৰ অবৰ্তমানত আমি চিনেমাখনৰ লাভাংশৰ  কিছু অংশ তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰিম। জুবিন গাৰ্গৰ আধৰুৱা কাম সম্পূর্ণ কৰাত এনেদৰে আমি কিঞ্চিৎ হ’লেও অৰিহণা যোগাব পাৰিম বুলি আশা কৰিছোঁ।

বিশ্ব টকিজৰ পৰিচালক নৰেন হাজৰিকাই ৰাইজক আহ্বান জনাই কয়- ৰাইজ আহক। প্ৰতিজন অসমীয়া লোকে ‘ৰৈ ৰৈ বিনালে’ চিনেমাখন চাই জুবিন গাৰ্গক শ্ৰদ্ধা জনাব। আমি আশা কৰোঁ- অসমীয়া চিনেমাৰ ইতিহাসত ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনে অসমীয়া ছবি জগতত সৰ্ববৃহৎ সফলতা অৰ্জন কৰিব।

বিশেষ বাৰ্তা, লখিমপুৰ, ২৫ অক্টোবৰ
You might also like