নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ বিষয়ত মাত নামাতিবলৈ পৰেশ বৰুৱাক আহ্বান অখিল গগৈৰ…

🔹 আলফাৰ সেনাধ্যক্ষৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ

হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কৰা মন্তব্যক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে৷

উল্লেখ্য যে শেহতীয়াভাৱে পৰেশ বৰুৱাই এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ আগত ‘জুবিন গাৰ্গে আত্মহত্যা কৰা’ বুলি মন্তব্য কৰিছিল৷ এই সন্দৰ্ভত বিধায়কজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- পৰেশ বৰুৱাই জুবিন গাৰ্গে আত্মহত্যা কৰা বুলি মন্তব্য কৰিছে৷ তেওঁ আনকি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ অনুৰাগী নিশা কিয় যাব লাগে বুলি প্ৰশ্ন কৰিছে৷ তেওঁ মুখ্যমন্ত্ৰীৰ ভাষাৰে যিধৰণে মন্তব্য কৰিছে, মই ভাবোঁ যে তেওঁ নিজৰেই আত্মসন্মান নাইকিয়া কৰিছে৷ এইটো কৰা উচিত নহয়৷

অখিল গগৈয়ে পুনৰ কয়- পৰেশ বৰুৱাক আমি সকলোৱে সন্মান কৰোঁ৷ পৰেশ ককাইদেউ বুলি মই কওঁ৷ পৰেশ বৰুৱা ককাইদেউক আমি সকলোৱে এই কাৰণে সন্মান কৰোঁ যে তেওঁ জীৱনভৰ দেশখনৰ কাৰণে, জাতিটোৰ কাৰণে ত্যাগ কৰিছে৷ তেওঁৰ পথ ভুল বুলি আমি ভাবোঁ, কিন্তু তেওঁৰ ত্যাগ সকলোৱে মানি ল’বলগীয়া৷ কিন্তু বৰ্তমান সেই মানুহজনে এতিয়া চৰকাৰৰ মুখপাত্ৰৰ নিচিনাকৈ যিধৰণে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত বক্তব্য ৰাখিছে, আমি তাত বেয়া পাইছোঁ আৰু তেওঁক এই বিষয়ত মাত নামাতিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ৷

ডিজিটেল ডেস্ক, ২৬ অক্টোবৰ :

You might also like