নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনক্ষেত্রত আইন ভংগ কৰিলে নিজে পৰিব বিপদত, এছঅ’পি উলংঘাকাৰীক সকীয়নি মুখ্যমন্ত্রীৰ

জুবিনক্ষেত্রক লৈ চৰকাৰে জাৰি কৰা এছঅ’পিৰ বিষয়ত নিজ স্থিতিত অটল আছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ অকল সেয়াই নহয়, এছঅ’পি উলংঘা কৰাসকলক মুখ্যমন্ত্রী ড০ শর্মাই সকীয়াই দিছে৷

সংবাদ মাধ্যমৰে হোৱা বার্তালাপত এই সম্পর্কত সোধা এক প্রশ্ণৰ উত্তৰ দি জুবিনক্ষেত্রত কোনোবাই আইন ভংগ কৰিলে নিজে বিপদত পৰিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কোনোবাই যদি আইন ভংগ কৰে, আইনে তাৰ ব্যৱস্থা ল’ব৷ সেনা মোতায়েন কৰি আমি জুবিনক্ষেত্র ৰাখিব নোৱাৰোঁ৷ আইন মানিলে ভাল৷ আইন নামানিলে নিজে বিপদত পৰিব৷

আৰক্ষীয়ে কাকো বাধা নিদিয়ে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়- আইন মানুহৰ কাৰণে৷ আমি এটা নিয়ম বনাইছোঁ৷ নিয়ম পালন কৰাটো মানুহৰ দায়িত্ব৷ আৰু যদি কোনোবাই ভাবে– নহয়, আমি গোটেই ৰাতি তালৈ যাম, যিসকলে যাব, তাত যদি কিবা গণ্ডগোল হয় তাৰ বাবে তেওঁলোকেই দায়ী হ’ব৷ যিসকল মানুহে আইন ভংগ কৰিব, পিছত যদি তাত কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল’ব৷

জুবিনক্ষেত্রত প্রৱেশৰ সময় বঢ়াই দিয়া সন্দর্ভত তেওঁ কয় যে কোনোবাই কোনোবাই মোক অনুৰোধ কৰিছিল– ১ ঘণ্টা বঢ়াই দিব লাগে৷ মই কৈছোঁ, ঠিক আছে নিশা ১১ বজালৈ খোলা থাকিব জুবিনক্ষেত্ৰ ৷

ইফালে, কালি নিশাও সুৰাপান কৰি জুবিনক্ষেত্ৰত প্ৰৱেশ কৰে একাংশই। সুৰাৰ ৰাগিত মাতাল হৈ অহা এজনক জুবিন অনুৰাগীয়ে জবাবদিহি কৰাৰ পিছত আৰক্ষীয়ে আঁতৰাই লৈ যায় সুৰাপায়ী যুৱকজনক।

ডিজিটেল ডেস্ক, ২৬ অক্টোবৰ

You might also like