নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী মোডী লৈ পত্ৰ সংকটৰ সময়ত কংগ্ৰেছৰ লাখ লাখ কাৰ্যকৰ্তা আপোনাৰ লগত আছে

নিয়মীয়া বাৰ্তা ২৯ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সংকটক লৈ এইবাৰ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত গান্ধীয়ে উল্লেখ কৰিছে যে এই সময়ত দেশ বৃহত মানৱীয় সংকটৰ মাজেৰে পাৰ কৰিছে। এনে সময়ত কংগ্ৰেছৰ লাখ লাখ কাৰ্যকৰ্তা আপোনাৰ লগত আছে। দেশত এই সময়ত কৰোনা ভাইৰাছৰ বিৰুদ্ধে যি যুদ্ধ চলি আছে, এই সময়ত আমি চৰকাৰক সহযোগ কৰি আছো। কোভিড-১৯ ভাইৰাছ ৰ ব্যাপক ৰূপত সংক্ৰমণ ৰোধ কৰিবলৈ বিশ্বই তৎক্ষণাত সিদ্ধান্ত লবলৈ বাধ্য হৈছে আৰু ভাৰত বৰ্তমান তিনি
সপ্তাহৰ কাৰণে লকডাউনত আছে, মোৰ অনুমান চৰকাৰে অন্তত ইয়াক আৰু আগলৈ বৃদ্ধি কৰিব। গান্ধীয়ে লগতে উল্লেখ কৰিছে যে ভাৰতত বহু লোক দুখীয়া আৰু যি নিজৰ কেৱল দৈনিক আয়ৰ ওপৰত নিৰ্ভৰ কৰে। এনে সময়ত দেশৰ বিভিন্ন ধৰণৰ আয়ৰ উৎস সমূহ বন্ধ কৰি দিয়াটো এক প্ৰকাৰৰ বৃহত প্ৰত্যাহ্বান। এনে ধৰণৰ আৰ্থিক বন্ধৰ কাৰণে কোভিড ১৯ ভাইৰাছৰ পৰা মৃত্যু
সংখ্যা আৰু বৃদ্ধি পাব। এই সময়ত এনেধৰণৰ পৰিস্থিতিৰ সৈতে সাধাৰণ লোকৰ সমস্যাক চৰকাৰে বুজিব লাগিব। আমাৰ প্ৰাথমিকতা এইটো হ’ব লাগে যে বয়স্থ লোক এই ভাইৰাছৰ পৰা কেনেকৈ সুৰক্ষা দিব লাগে। লগতে এইটো উল্লেখ কৰিছে যে অৰ্থাৎ লকডাউন ঘোষণা কৰাৰ কাৰণে কল কাৰখানাৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ গৈছে, যাৰ পৰিপেক্ষিতত প্ৰবাসী হাজিৰা কৰা লোক সকল নিজৰ নিজৰ গাওঁ লৈ খোজ কাঢ়ি যাব লগা হৈছে। এই সময়ত যিসকল লোক যত যেনেকৈ আৱদ্ধ হৈ আছে চৰকাৰে ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে। লগতে তেওঁলোকৰ
বেংকৰ একাউণ্টত পইছা জমা কৰিব লাগে যাতে কেইবামাহ ধৰি তেওঁলোকৰ সহায়ক হয়। লকডাউনৰ কাৰণে আমাৰ বিত্তীয় প্ৰতিষ্ঠান সমূহো প্ৰভাৱিত হৈছে, সেই প্ৰতিষ্ঠান সমূহৰো সুৰক্ষা কৰিব লাগে। লগতে সৰু ব্যৱসায়ী আৰু খেতিয়ক সকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব লাগে আৰু
সময়ত এওঁলোকৰ ওপৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি তেওঁ লোকক ৰক্ষা কৰে। এনে কঠিন পৰিস্থিতিৰ সময়ত আমি চৰকাৰৰ লগত আছো।

You might also like