আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (২৮ অক্টোবৰ)
গ্ৰহ-নক্ষত্ৰৰ গতি-চলনৰ আধাৰত ৰাশিফল নিৰ্ধাৰণ কৰা হয়। ২৮ অক্টোবৰ মঙ্গলবাৰ। আহক চাওঁ, আজিৰ দিনটো আপোনাৰ বাবে কেনেকুৱা হ’ব — মেষৰ পৰা মীন ৰাশিলৈকে।
গ্ৰহ-নক্ষত্ৰৰ অৱস্থানঃ
-
গুৰু — কৰ্কট ৰাশিত
-
কেতু — সিংহ ৰাশিত
-
শুক্ৰ — কন্যা ৰাশিত
-
সূৰ্য — তুলা ৰাশিত
-
বুধ আৰু মঙ্গল — বৃশ্চিক ৰাশিত
-
চন্দ্ৰ — ধনু ৰাশিত
-
ৰাহু — কুম্ভ ৰাশিত
-
শনি — মীন ৰাশিৰ গমনত
মেষ ৰাশি
ধর্ম-কর্মত অংশ ল’ব। ভাগ্যৰ সহায়ত কেইবাটাও কাম সফল হ’ব। প্ৰেম, সন্তান আৰু চাকৰি-ব্যৱসায়ৰ অৱস্থা ইতিবাচক। চৰকাৰী কামৰ সুযোগ আহিব। স্বাস্থ্য, প্ৰেম, ব্যৱসায় — সকলো শুভ। সূৰ্যক পানী অৰ্পণ কৰা উত্তম।
বৃষ ৰাশি
আজিৰ দিনটো অলপ বিপজ্জনক। সাৱধানে দিনটো পাৰ কৰক। স্বাস্থ্যৰ যত্ন লওক। প্ৰেম আৰু সন্তানৰ অৱস্থা ঠিক আছে। ব্যৱসায় মন্দ নহয়, কিন্তু কোনো ৰিস্ক নলওক। হালধীয়া বস্তু দান কৰা শুভ।
মিথুন ৰাশি
চাকৰি-ব্যৱসায়ৰ ক্ষেত্ৰত শুভ সময়। প্ৰেমিক-প্ৰেমিকা মিলনৰ সুযোগ পাব। বিবাহিত লোকৰ বাবে সঙ্গীৰ সৈতে সুখময় সময়। স্বাস্থ্য, প্ৰেম, ব্যৱসায় — সকলোত শুভ ফল। হালধীয়া বস্তু দান কৰক।
কৰ্কট ৰাশি
প্ৰেম আৰু সন্তানৰ অৱস্থা আগতকৈ উন্নত। স্বাস্থ্য ভাল। ব্যৱসায়তো সমৃদ্ধি আছে। ভাগ্য সহায়। আপোনাৰ মাজত শুভ শক্তিৰ উজ্জ্বলতা দেখা যায়। হালধীয়া বস্তু লগত ৰাখক।
সিংহ ৰাশি
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শুভ সময়। প্ৰেমত সামান্য মনোমালিন্য সম্ভৱ। সন্তানৰ অৱস্থা ভাল। ব্যৱসায় স্থিৰভাৱে আগবাঢ়িব। শনিদেৱক প্ৰণাম কৰা শুভ হ’ব।
কন্যা ৰাশি
গৃহস্থালী কলহৰ সম্ভাৱনা। ঘৰুৱা শান্তি অলপ বিঘ্নিত হ’ব পাৰে। স্বাস্থ্য ভাল। প্ৰেম, সন্তান, ব্যৱসায় — সকলো উন্নত। ক্রোধ নিয়ন্ত্ৰণত ৰাখক। সূৰ্যক পানী অৰ্পণ কৰা শুভ।
তুলা ৰাশি
সাহস বৃদ্ধি পাব। ব্যৱসায়িক অৱস্থা মজবুত হ’ব। প্ৰেম আৰু সন্তানৰ অৱস্থা উত্তম। স্বাস্থ্য শুভ। হালধীয়া বস্তু দান কৰা উত্তম হ’ব।
বৃশ্চিক ৰাশি
আৰ্থিক লাভ হ’ব। পৰিয়ালত বৃদ্ধি দেখা যাব। স্বাস্থ্য অলপ মধ্যম। প্ৰেম, সন্তান, ব্যৱসায় — সকলো ভাল। হালধীয়া বস্তু লগত ৰাখক।
ধনু ৰাশি
পজিটিভ শক্তিৰ সঞ্চাৰ হ’ব। স্বাস্থ্য ভাল। প্ৰেম আৰু সন্তানৰ সৈতে আনন্দ পাব। ব্যৱসায়ত উন্নতি। ৰঙা বস্তু লগত ৰাখক।
মকৰ ৰাশি
মনত চিন্তা আৰু অজান ভয়। খৰচ বৃদ্ধি হ’ব পাৰে। স্বাস্থ্য, প্ৰেম, ব্যৱসায় — মধ্যম অৱস্থা। ৰঙা বস্তু লগত ৰাখক।
কুম্ভ ৰাশি
আয়ৰ নতুন উৎস সৃষ্টি হ’ব। শুভ সংবাদ লাভৰ সম্ভাৱনা। ভ্ৰমণৰ যোগ। প্ৰেম আৰু সন্তানৰ সহায়তা লাভ হ’ব। ব্যৱসায়তো শুভ সময়। হালধীয়া বস্তু দান কৰা উত্তম।
মীন ৰাশি
আদালতৰ কামত জয় সম্ভৱ। ৰাজনৈতিক লাভৰ সম্ভাৱনা। পিতৃৰ সহায় লাভ হ’ব। ব্যৱসায়িক বিস্তাৰ হ’ব। স্বাস্থ্য, প্ৰেম, ব্যৱসায় — সকলো উত্তম। হালধীয়া বস্তু লগত ৰাখক।