বীৰ লাচিত সেনা, অসমৰ নেতা বিকাশ অসমক সংগঠনটোৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে। আজি এখন সংবাদ মেলৰ আয়োজন কৰি এই কথা জনায় বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই।
সংবাদ মেলত শৃংখল চলিহাই কয়- যিহেতু আমাৰ ওচৰত বহু অভিযোগ আহিছে কামৰূপ মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমৰ বিৰুদ্ধে, সেয়ে সংগঠনৰ নিজা তদন্ত শেষ নোহোৱা পৰ্যন্ত বীৰ লাচিত সেনাৰ প্ৰাথমিক সদস্য পদৰ পৰা বিকাশ অসমক বহিষ্কাৰ কৰা হৈছে, লগতে কামৰূপ মহানগৰৰ সকলো বিষয়বাবৰ পৰা অব্যাহতি দিয়া হৈছে বিকাশ অসমক। উল্লেখ্য যে আজি অপহৰণ আৰু ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বীৰ লাচিত সেনাৰ পাঁচ সদস্যৰ পৰা বিকাশ অসমৰ স্বাক্ষৰিত ধনদাবী পত্ৰ উদ্ধাৰ কৰা হৈছিল।
ইফালে, বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ সন্ধানত অসম আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। উল্লেখ্য যে ধনদাবী আৰু অপহৰণৰ অভিযোগত আজি আটক কৰা হৈছিল বীৰ লাচিত সেনাৰ ৫ সদস্যক। আটক কৰা বীৰ লাচিত সেনাৰ উক্ত সদস্যৰ পৰা বিকাশ অসমৰ স্বাক্ষৰ সম্বলিত ধনদাবী পত্ৰ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। বিকাশ অসমৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযানৰ সময়তে দুটাকৈ মোবাইল ফোনৰ ছুইচ অফ কৰি বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ২৭ অক্টোবৰ