নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত দৰবাৰ চাপৰিলৈ স্থানান্তৰিত হ’ব কমলাবাৰী ফেৰী ঘাট :  সাজু আভ্যন্তৰীণ জল পৰিবহণ বিভাগ

নিয়মীয়া বাৰ্তা, বনগাঁও, ৩০ অক্টোবৰ : ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত যোৰহাট-মাজুলী জলপথৰ বিশেষকৈ কমলাবাৰী-নিমাতী সংযোগী ফেৰী চলাচলত ব্যাপক সমস্যাই দেখা দিছে। নদীখনৰ য’তে-ত’তে বালি চৰ পৰি যোৱাৰ পৰিপ্ৰেক্ষিতত ফেৰী চলাচলৰ নিৰ্দিষ্ট চেনেল নোহোৱা হোৱাৰ ফলত কমলাবাৰী-নিমাতী সংযোগী ফেৰী ঘাটটোৰ পৰা ফেৰী চলাচলত ব্যাপক সমস্যাৰ সৃষ্টি হোৱাৰ লগতে যাত্ৰাৰ সময় দীঘলীয়া হোৱাৰ ফলত যাত্ৰীয়ে তিক্ততাপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে।

ইফালে, শেহতীয়াকৈ মাজুলীৰ বিধায়ক ভুবন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু সংশ্লিষ্ট বিভাগীয় বিষয়া-অভিযন্তাৰ এটি দলে কমলাবাৰী ঘাটৰ ফেৰী চলাচলৰ বাবে চমু জলপথৰ সন্ধান কৰিছিল যদিও চমু জলপথৰ বাবে প্ৰয়োজন হোৱাৰ পুঁজি আদিৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ৰাসোৎসৱৰ সময়ত ভকতচাপৰিৰে ঘূৰি নিমাতীলৈ এটা জলপথ সাজু কৰিবলৈ চিন্তাচৰ্চা কৰিছিল, যিটো জলপথেৰে ৩ ঘন্টাৰ সময় মাজুলীৰ পৰা নিমাতীলৈ প্ৰয়োজন হ’ব।

উল্লেখযোগ্য যে বৰ্তমানো নিমাতী-কমলাবাৰী ঘাটৰ ফেৰী নিৰ্দিষ্ট চেনেল বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত অন্য চেনেলেৰে চলাচল অব্যাহত আছে যদিও নিমাতীৰ পৰা কমলাবাৰী ঘাটলৈ ফেৰী যাত্ৰা বৰ্তমান পূৰ্বৰ ৪৫ মিনিটৰ বিপৰীতে ১ ঘন্টা ১৫ মিনিট সময়ৰ প্ৰয়োজন হৈছে আৰু মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতীলৈ সময়ৰ প্ৰয়োজন হৈছে দুঘণ্টা। গতিকে ৰাসোৎসৱৰ সময়ত যদি ঘাটটোৰ বৰ্তমানৰ ফেৰীৰ চেনেল বন্ধ হৈ পৰে তেনেস্থলত ভকতচাপৰিৰে ঘূৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’লে সেয়া ৰাসোৎসৱৰ সময়ৰ দৰ্শনাৰ্থীৰ ভিৰ অনুসৰি পৰিস্থিতি মোকাবিলা কৰিবলৈ অসম্ভৱ হৈ পৰিব।

ইফালে, এনে সময়তে ৰাইজৰ দাবী অনুসৰি যোৱা ২৯ অক্টোবৰত ‘নিয়মীয়া বাৰ্তা’ত চমু এক জলপথৰ দ্বাৰা আগন্তুক ৰাসোৎসৱৰ সময়ত যাত্ৰীৰ সুবিধা অনুসৰি কমলাবাৰী ফেৰী ঘাটটো সুচল কৰি তোলা সন্দৰ্ভত এক বাতৰি প্ৰকাশ পাইছিল আৰু বাতৰিটোত বৰ্তমানৰ কমলাবাৰী ঘাটৰ পৰা ডেৰশ মিটাৰৰ দূৰত্বত থকা দৰবাৰ চাপৰিৰ ওচৰৰ বেঙেনাআটী সত্ৰৰ সমীপত এটা নতুন ফেৰী ৰেম্পৰ কথা উল্লেখ কৰা হৈছিল, যিটো  পোনপটীয়া ফেৰীৰ চেনেলেৰে দূৰত্ব নিমাতীৰ পৰা আধাঘন্টা আৰু মাজুলীৰ পৰা প্ৰায় ৪৫ মিনিটৰ সময়ৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰা হৈছিল।

উক্ত ঘাটলৈ যাবলৈ এটা ডোবা আছে সেই ডোবাটো মাটিৰে পূৰণ কৰি দিলেই ঘাটটো আগন্তুক ৰাসোৎসৱ সময়ত ফেৰী যাত্ৰীৰ বাবে সুচল হ’ব বুলি উল্লেখ কৰাৰ পিছত এতিয়া উক্ত ফেৰী চেনেলেৰেই কমলাবাৰী ঘাটৰ ফেৰী চলাচল আৰম্ভ কৰিবলৈ আজিৰে পৰা বিভাগ, প্ৰশাসন যুদ্ধকালীন ক্ষিপ্ৰতাৰে কামত লগা বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিছে।

বিভাগে জানিবলৈ দিয়া মতে, দৰবাৰ চাপৰিৰ ওচৰৰ বেঙেনাআটী সত্ৰৰ সমীপৰ কমলাবাৰী ঘাটৰ ফেৰীৰ ৰেম্পটোৰে আগন্তুক ৰাস-পালনামত যথেষ্ট কম সময়ৰ ভিতৰতে যাত্ৰীয়ে সুচল ফেৰী যাতায়াত লাভ কৰিব বুলি জানিবলৈ দিয়ে। নতুন  স্থানান্তৰিত ঘাটেৰে ঘাটটোৰ মুঠ ৩খন জাহাজ আৰু ৯ খন চিংগল ইঞ্জিনৰ ফেৰী চলাচল কৰিব বুলি লগতে জানিবলৈ দিয়ে। আগন্তুক ৩ নৱেম্বৰৰ পৰা স্থানান্তৰিত উক্ত নতুন ফেৰীৰ ৰেম্পটোৰে ফেৰী যাতায়াত আৰম্ভ কৰিব পৰা হ’ব বুলি বিভাগে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আগন্তুক ৪টা দিনৰ পিছতেই মাজুলীত ৰাসোৎসৱৰ এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিব। ইফালে, আগন্তুক ১২ নৱেম্বৰৰ পৰা মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ মহাপালনামতো হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিব।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like