নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীত চাৰিটাকৈ শিশু অপহৰণৰ অপচেষ্টা দুষ্কৃতিকাৰীৰ!

সৰ্থেবাৰীৰ সমীপৰ বৰ আমৃখোৱাত কালি নিশা সংঘটিত শিশু অপহৰণ কাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা চাৰিটাকৈ শিশুক অপহৰণৰ অপচেষ্টা কৰে দুৰ্বৃত্তৰ দলে।অপহৃত শিশুৰ উপস্থিত বুদ্ধি আৰু ৰাইজৰ তৎপৰতাত শিশুকেইগৰাকীক অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে এগৰাকী অপহৰণকাৰী ৰাইজে আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।

বৰ আমৃখোৱাত গো পূজা চলি থকাৰ মাজতে কৌশলেৰে নিশা অপহৰণ কৰিছিল চাৰিটাকৈ শিশু। দুখন বাইকত অহা যুৱকৰ দলে অপহৰণ কৰিছিল শিশু কেইগৰাকীক।বৰআমৃখোৱা মাজৰ চুপাৰ গো পূজা স্থলিত পঞ্চম আৰু ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰা শিশু কেইটাই ঘুৰি আছিল।

সেই সময়তে দুখন বাইকত অহা যুৱকৰ দৰে এগৰাকী লোকৰ ঘৰ দেখুৱাই দিব লাগে বুলি কৈ পূজাস্থলিৰ পৰা কৌশলেৰে বাইকত উঠাই অপহৰণ কৰিছিল শিশু চাৰি গৰাকীক। বৰ আমৃখোৱাৰ পূজা স্থলিৰ পৰা শিশু চাৰি গৰাকীক বাইকত উঠাই  গাঁৱৰ ভিতৰৰ পৰা ওলাই চিনাদি অভিমূখে যোৱা পথেৰে দ্ৰুত গতিত নিবলৈ ধৰা শিশু কেইগৰাকীয়ে ভয় খোৱাৰ লগতে তেওঁলোকে এক বিপদৰ আশঙ্কা কৰে।

এই পথেৰে গৈ থকা অৱস্থাত আমৃখোৱাৰ গাঁৱৰ দাতিতে লাগি থকা আন এখন গো পূজা স্থলিত মানুহ দেখি শিশু কেইটাই চিঞৰ বাখৰ কৰাত স্থানীয় লোকে খেদি গৈ এখন বাইক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। স্থানীয় লোকে অপহৰণ হোৱা শিশু দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে এগৰাকী অপহৰণকাৰীক আটক  কৰিবলৈ সক্ষম হয়।

ইপিনে এগৰাকী অপহৰণকাৰী ৰাইজৰ হাতত ধৰা পৰাৰ পিছতে আনখন বাইকত উঠাই নিয়া শিশু দুগৰাকীক নমাই থৈ আন অপহৰণকাৰী পলায়ন কৰে। ৰাইজৰ হাতত আটক হোৱা অপহৰণকাৰী গৰাকী বেঙাপাৰাৰ উমালজ্যোতি বৰ্মন বুলি জানিব পৰা গৈছে।অপৰণকাৰীৰ কৱলত পৰা শিশু কেইগৰাকী হৈছে কমল বৰ্মনৰ পুত্ৰ হিমাংশু বৰ্মন(১১), ধন্তি বৰ্মনৰ পুত্ৰ প্ৰীয়াঞ্চু বৰ্মন, তপন বৰ্মনৰ পুত্ৰ জোন বৰ্মন আৰু মনোজ বৰ্মনৰ পুত্ৰ নিশান্ত বৰ্মন।

ইতিমধ্যে ৰাইজে সৰ্থেবাৰী আৰক্ষী থানাত চমজাই দিছে অপহৰণকাৰী উমালজ্যোতি বৰ্মনক।আৰক্ষীয়ে ঘটনা সম্পৰ্কত ১৫৮  নম্বৰত গোচৰ ৰুজু কৰি তদন্ত চলাই থকা বুলি জানিব পৰা গৈছে যদিও বাতৰি লিখা সময়লৈ বাকী অপহৰণকাৰীক ধৰিবলৈ সক্ষম হোৱা নাই।এইদৰে পূজা চলি থকাৰ মাজতে গাঁৱৰ মাজৰ পৰাই শিশু অপহৰণ কৰিব বিচৰা কাৰ্যক লৈ শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।অভিভাৱকৰ অভিযোগ মতে শিশু কেইগৰাকীক আগদিনা নিশাও অপহৰণকাৰী দলে চকলেট খুৱাইছিল।

নিয়মীয়া বাৰ্তা, সৰ্থেবাৰী, ৩০ অক্টোবৰ

You might also like