নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি হাতী ছাফাৰিৰ নিৰিখ

এখন আসনৰ বাবে দেশীয় পৰ্যটকে দিব লাগিব ১৩৫০ টকা, বিদেশী পৰ্যটকৰ বাবে ধাৰ্য্য ২৭০০ টকা 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অবশেষত বৃদ্ধি পালে হাতী ছাফাৰিৰ নিৰিখ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেশীয় পৰ্যটকে হাতী ছাফাৰিত এখন আসনৰ বাবদ আদায় দিব লাগিব ১৩৫০ টকা৷

উল্লেখযোগ্য যে বিগত বৰ্ষসমূহত ইয়াৰ মাছুল আছিল ৯০০ টকা। এতিয়াৰে পৰা দেশীয় পৰ্যটকে এখন হাতী আসনৰ বাবে ১২০০ টকা আৰু ৱেলফাৰ মাছুল ১০০ টকা, প্ৰবেশ মূল্য ৫০ টকা ধৰি মুঠ আদায় দিব লাগিব ১৩৫০ টকা।

আনহাতে বিদেশী পৰ্যটকে হাতী ছাফাৰিত এখন আসনৰ বাবদ আদায় দিব লাগিব ২৭০০ টকা৷ পূৰ্বে এখন আহনৰ মূল্য আছিল ১৯৫০ টকা। এইক্ষেত্ৰত বিদেশী পৰ্য্যটকে এখন হাতী আসনৰ বাবে ২০০০ টকা, ৱেল্ফাৰ মাছুল ৬০০ টকা, প্ৰৱেশ মূল্য ১০০ টকা ধৰি মুঠ আদায় দিব লাগিব ২৭০০ টকা।

ৰাজ্যৰ বন তথা পৰিৱেশ বিভাগৰ বিশেষ দায়িত্বত থকা মুখ্য সচিব এম কে যাদৱে এক চৰকাৰী নিৰ্দেশনাযোগে প্ৰকাশ কৰিছে এই তথ্য৷ 

নিয়মীয়া বাৰ্তা, কাজিৰঙা, ৩০  অক্টোবৰ

You might also like