GMCH-ত মৰণোত্তৰ দেহদান প্ৰয়াত হেমেন্দ্ৰ কুমাৰ বৰুৱাৰ
তেওঁৰ চকুৰ কৰ্ণিয়া দুজন দৃষ্টিহীন লোকক দৃষ্টিদানৰ উদ্দেশ্যে সংগ্ৰহ কৰা হয়। এই ক্ষেত্ৰত প্ৰয়াত বৰুৱাৰ পৰিয়ালৰ উদ্যোগ আছিল প্ৰশংসনীয়
গুৱাহাটী মহানগৰীৰ বেলতলা সৌৰভ নগৰৰ বিশিষ্ট নাগৰিক অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অৱসৰী অধীক্ষক অভিযন্তা হেমেন্দ্ৰ কুমাৰ বৰুৱাৰ আজি পুৱা জীৱনাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।
আজি দিনৰ ভাগত তেওঁৰ শেষ ইচ্ছা অনুসৰি তেওঁৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়। তাৰ পূৰ্বে তেওঁৰ চকুৰ কৰ্ণিয়া দুজন দৃষ্টিহীন লোকক দৃষ্টিদানৰ উদ্দেশ্যে সংগ্ৰহ কৰা হয়। এই ক্ষেত্ৰত প্ৰয়াত বৰুৱাৰ পৰিয়ালৰ উদ্যোগ আছিল প্ৰশংসনীয়।
এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ প্ৰয়াত বৰুৱাৰ দেহ মৰ্যাদাসহকাৰে গ্ৰহণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্যই তেওঁৰ চমু ভাষণত প্ৰয়াত বৰুৱাই চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে মৃত্যুৰ পিচতো মানব সেৱাৰ যি উদাহৰণ দাঙি ধৰিলে তাৰ শলাগ লয় আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ জয়দেব শৰ্মা, অন্যান্য অধ্যাপক/অধ্যাপিকা, ছাত্র-ছাত্রী, প্ৰয়াত বৰুৱাৰ দুয়ো পুত্ৰ, পৰিয়ালৰ অন্যান্য সদস্যৰ উপৰি ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্ত, উপসভাপতি প্ৰণৱজ্যোতি ডেকা, যুগ্ম সম্পাদক জগদীশ দত্ত প্ৰমুখ্যে বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক প্ৰয়াত হেমেন্দ্ৰ কুমাৰ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেওঁৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে গভীৰ সমবেদনা।
ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ