নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্তিশালী আত্মপ্ৰকাশ ঘটিব বীৰ লাচিত সেনা-ৰ : শৃংখল চলিহাৰ ঘোষণা

বীৰ লাচিত সেনাৰ যি সকল সৈনিকক অসম আৰক্ষীয় গ্ৰেপ্তাৰ কৰি আহিছে ইয়াক বীৰ লাচিত সেনাই গৰিহণা দিছে

বৰ্তমান অসমৰ প্ৰেক্ষাপটত সর্বাধিক চৰ্চাত থকা সংগঠনটো হ’ল “বীৰ লাচিত সেনা অসম”। এই জাতীয় সংগঠনটোৰ একাংশ কৰ্মীৰ দ্বাৰা শেহতীয়াকৈ ধন দাবী আৰু অপহৰণ কাণ্ডত নাম সাঙোৰ খাই পৰাৰ লগতে পৰৱৰ্ত্তী সময়ত কেইবাগৰাকীও সংগঠনটোৰ নেতা গ্রেপ্তাৰ হোৱাৰ উপৰি সংগঠনটোৰ একাংশ কর্মী-বিষয়ববীয়াক বিচাৰি অসম আৰক্ষী সক্ৰিয় হৈ পৰাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেতৃত্ব শিৱসাগৰত এক আলোচনাত মিলিত হয়।

সংগঠনটোৰ মুখ্য সাংগঠনিক সচিব শৃংখল চলিহাৰ অংশগ্ৰহণেৰে সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বৰ্তমান পৰিস্থিতিত কিদৰে সংগঠনটোৱে মোকাবিলা কৰিব এই সন্দৰ্ভত এক আলোচনা সম্পন্ন হয়।

এই আলোচনাৰ অন্তত অসুস্থ দেহাৰে শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ বৰ্তমানৰ স্থিতিৰ সন্দৰ্ভত সংগঠনৰ স্থিতি স্পষ্ট কৰে। তেওঁ কয় যে – বীৰ লাচিত সেনাৰ যি সকল সৈনিকক অসম আৰক্ষীয় গ্ৰেপ্তাৰ কৰি আহিছে ইয়াক বীৰ লাচিত সেনাই গৰিহণা দিছে।

বীৰ লাচিত সেনাৰ সন্মুখত এতিয়া এক কঠিন সময়। অনাগত সময়ত বীৰ লাচিত সেনাই এই সকলো প্ৰত্যাহ্বানক নেওচি এক নতুন ৰূপত অসমৰ জনগণৰ আগত আত্মপ্ৰকাশ কৰিব বুলি তেওঁ কয়।

ইয়াৰ লগতে নেতাগৰাকীয় সদৰী কৰে যে অসমৰ বিভিন্ন জিলাত বীৰ লাচিত সেনাৰ কৰ্মীৰ দ্বাৰা কাৰাৰুদ্ধ সংগঠনটোৰ শীৰ্ষ নেতা ৰণ্টু পানীফুকন, উৎপল দত্ত, তন্ময় চেতিয়াৰ মুক্তিৰ দাবীত চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে।

আনহাতে বজৰং দলৰ কৰ্মীৰ দ্বাৰা সংগঠনটোৰ নলবাৰী কাৰ্যালয়ত আক্ৰমণ কৰাৰ সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে বুলি প্ৰকাশ কৰে। ইয়াৰ লগতে তেওঁ কয় যে বৰ্তমান সংগঠনটোৰ পৰা অব্যাহতি দিয়া কৰ্মীসকলৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগসমুহৰ সন্দৰ্ভত তদন্ত কৰিবলৈ সংগঠনৰ দ্বাৰা এখনি তদন্ত সমিতি গঠন কৰি দিয়া হৈছে। এই তদন্ত সমিতিয়ে তদন্তৰ প্ৰতিবেদন কেন্দ্ৰীয় সমিতিক দাখিল কৰাৰ পিছতে অব্যাহতি দিয়া কৰ্মীসকলৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰা হ’ব সেয়া সংগঠনৰ নেতৃত্বই গ্ৰহণ কৰিব বুলি শৃংখল চলিহাই প্ৰকাশ কৰে।

শৃংখল চলিহাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত যি আন্দোলন বীৰ লাচিত সেনাই আৰম্ভ কৰিছিল এই আন্দোলনৰ দাবী অটল থাকিব বুলি স্পষ্ট কৰে। ইফালে ‘ৰৈ ৰৈ বিনালে’ জুবিন গাৰ্গৰ অন্তিমখন কথাছবি মুক্তিৰ সন্দৰ্ভত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ছবিখনে সকলো প্ৰকাৰৰ অভিলেখ ভংগ কৰিব বুলি নেতাগৰাকীয়ে আশা প্ৰকাশ কৰে।

নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ৩১ অক্টোবৰ

You might also like