নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নদুৱাৰ সমষ্টিত ৩১,০৪৫গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ৩ নৱেম্বৰ : “নাৰীশক্তিৰ মৰ্যাদা আৰু মহিলা সবলীকৰণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰূপায়ণ কৰা হৈছে মহিলা উদ্যমিতা আঁচনি। যাৰ দ্বাৰা স্ব-নিৰ্ভৰশীল কৰি নিজকে গঢ়ি তুলিবলৈ সক্ষম হ’ব । এই অভিলাষী আঁচনিখনৰ জৰিয়তে অসমৰ মাতৃসকলৰ প্ৰতি আমাৰ চৰকাৰৰ সন্মান, মৰ্যাদা তথা মৰমৰ উপহাৰ প্ৰদান কৰা । এক কথাত অসমৰ মহিলাসকলক এক জাগ্ৰত শক্তিলৈ ৰূপান্তৰিত কৰা।”- এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

আজি নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটত ৩১,০৪৫গৰাকী মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰকৈ এককালীন ধনৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়। সমষ্টিটোৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা উদযাপনস্হলী পকামূৰা পথাৰত চেক বিতৰণীৰ বিশাল জনসমুদ্ৰৰ সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়- অসমৰ মহিলাই তাঁতশালত সপোন ৰচিব জানে । বীৰাংগনা, কনকলতাৰ পৰা সতী ৰাধিকালৈকে, কনকলতাৰ পৰা ভোগেশ্বৰী ফুকননীলৈকে অসমীয়া নাৰীয়ে সমাজৰ দায়িত্ব গ্ৰহণ কৰি আহিছে। আমাৰ চৰকাৰেও অসমীয়া মহিলাসকল সৰ্বতোপ্ৰকাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত নিৰলস চিন্তা কৰি মহিলাসকললৈ সহায়ৰ হাত আগবঢ়াই আছে।

তেওঁৰ নাতিদীৰ্ঘ ভাষণত অহা ৩ বছৰৰ ভিতৰত মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ বাবে চৰকাৰে লক্ষ্য স্থিৰ কৰিছে বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- এই উদ্যমিতা আঁচনি কেৱল ১০ হাজাৰ টকাতে সামৰণি নপৰে, এই আঁচনিৰ দ্বাৰা ভৱিষ্যতে মহিলাসকলে অধিক সুবিধা লাভ কৰিব।

মহিলাসকললৈ পৰামৰ্শ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ১০ হাজাৰকৈ টকা লাভ কৰাসকলে ১০গৰাকী এক হৈ ১ লাখ টকা বিনিয়োগ কৰি ব্যৱসায় কৰিলে তেওঁলোকক বেংকেও ঋণ প্ৰদান কৰিব । যাৰ দ্বাৰা নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰি অধিক লাভান্বিত হ’ব পাৰিব । আগন্তুক ছয় মাহৰ পিছত এই বিনিয়োগ মূল্যাংকন কৰা হ’ব আৰু যিসকলে এই ধন সঠিক ব্যৱহাৰ কৰে তেওঁলোকক অহা বছৰ ২৫ হাজাৰকৈ টকা দিয়া হ’ব । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৫০ হাজাৰ লাভ কৰিব । এক অৰ্থত এগৰাকী মহিলাই ৮৫ হাজাৰ টকা পৰ্যন্ত লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

প্ৰায় ৪০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই বিশাল সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- অসমৰ ৪০ লাখ মহিলাই যেতিয়া ব্যৱসায় কৰি আত্মনিৰ্ভৰশীল হৈ উঠিব তেতিয়াই অসমত যুগান্তকাৰী পৰিৱৰ্তন হ’ব । প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীগৰাকীয়ে চলিত মাহৰ ১ তাৰিখৰ পৰা ৰেচন কাৰ্ড থকাসকলে সুলভ মূল্যৰ চাউলৰ উপৰি নিমখ, চেনি, দাইল সুলভ মূল্যত লাভ কৰিছে বুলি দোহাৰে। তেওঁ কয়- ভাৰতবৰ্ষৰ তিনি কোটি মহিলাক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্যৰ বাবেই অসমৰ ৪০ লাখ মহিলাই এই আঁচনিত অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হৈছে।

You might also like