নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ বস্ত্ৰশিল্প পৰিদৰ্শন ওড়িশাৰ ৪৬ পঞ্চায়ত প্ৰতিনিধিৰ

কাপোৰ উৎপাদন কাৰ্য স্বচক্ষে দেখি অভিভূত হল প্ৰতিনিধিসকল

উৰিষ্যাৰ পঞ্চায়ত প্ৰতিনিধিৰ দল এটা আজি বস্ত্ৰনগৰী হিচাৱে খ্যাত ৰেচম গাঁও শুৱালকুছি উপস্থিত হয় ৷ গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, অসমৰ নদেল বিষয়া বৰ্ণালী নাথ আৰু দাৱৰমণি ওজাৰ নেতৃত্বত গুৱাহাটীৰ পৰা মধ্য শুৱালকুছি গাঁও পঞ্চায়তত উপস্থিত হোৱা দলটিক আদৰণি জনায় পঞ্চায়তখনৰ সভাপতি তথা শুৱালকুছিৰ বিশিষ্ট সমাজকৰ্মী অনিল চন্দ্ৰ বৈশ্য আৰু সচিব বিদ্যুত ৰংপিয়ে ৷

আদৰণী অনুষ্ঠানত আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীৰ লগতে পঞ্চায়তখনৰ প্ৰতিনিধিসকলো উপস্থিত থাকে৷ উৰিষ্যাৰ পৰা অহা ৪৬গৰাকী প্ৰতিনিধিৰ ভিতৰত জিলা পৰিষদৰ সদস্য ৪গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য দুগৰাকী আৰু কিছুসংখ্যক পঞ্চায়ত সভাপতি আৰু সদস্য আছে৷

প্ৰতিনিধি দলটোক নেতৃত্ব দিয়া নদেল বিষয়া দুগৰাকীয়ে জানিবলৈ দিয়ামতে এই দলটিয়ে অসমৰ পঞ্চায়ত ব্যৱস্থা কিদৰে চলে আৰু পঞ্চায়তৰ জৰিয়তে কি কি কাম হৈছে তাক চাবলৈ ইয়াত উপস্থিত হৈছে৷ উৰিষ্যা আৰু অসমৰ পঞ্চায়তসমুহৰ কি কি পাৰ্থক্য আছে তাকো পৰ্যবেক্ষণ কৰিব বুলি অৱগত কৰে ৷

দলটিয়ে শুৱালকুছিৰ ঐতিহাসিক বস্ত্ৰশিল্প চাবলৈ উত্ৰাবল হৈ পৰে৷ পিছত শুৱালকুছি দামোদৰ দেৱ পথত থকা অলকেশ বৈশ্যৰ তাতঁশালৰ কাপোৰ উৎপাদন ফেক্টৰীত দলটো প্ৰৱেশ কৰি স্বচক্ষে শিপিনীসকলে পাট মুগাৰ কাপোৰ উৎপাদন কাৰ্য দেখি অভিভূত হৈ পৰে৷

তেওঁলোকে উৎপাদিত কাপোৰ লিৰিকি বিদাৰি চাই মোহচান্ন হৈ পৰে৷ দলটিয়ে শিপিনীসকলৰ লগতো কিছু মতবিনিময় কৰি কাপোৰ উৎপাদনৰ মজুৰি/দৰমহা আদি কিমান পায় আৰু কেনেদৰে লাভ কৰে তাক জানিব বিচাৰে৷

অৱশ্যে এই সকলো কথা মধ্য শুৱালকুছি গাঁও পঞ্চায়তৰ সভাপতি গৰাকীয়ে দলটিক বুজাই দিয়ে৷ পাট মুগাৰ কাপোৰ উৎপাদন কাৰ্যদেখি দলটিয়ে অতি আচাৰ্য প্ৰকাশ কৰে আৰু এনে উৎপাদন কাৰ্য প্ৰথমবাৰৰ বাবে দেখা বুলি উল্লেখ কৰি শিল্প কাৰ্যক বা বা দিয়ে ৷

পিছত দলটিয়ে মুগালেটাৰ পৰা সুতা উৎপাদন কাৰ্য প্ৰত্যক্ষ কৰাৰ লগতে শুৱালকুছিৰ পাট মুগাৰ কাপোৰৰ বিপনী ’চিল্কালয়’ৰ পৰা শুৱালকুছিত উৎপাদিত কিছু পাট মুগা আৰু তচৰ বস্ত্ৰ ক্ৰয় কৰে৷ প্ৰতিনিধি দলটিয়ে পঞ্চায়তৰ জৰিয়তে শুৱালকুছি হোৱা কিছু কামকাজো পৰিদৰ্শন কৰি সন্তুষ্টি লাভ কৰে বুলি দোহাৰে ।

দলটি গুৱাহাটীলৈ উভতি যোৱাৰ সময়ত শুৱালকুছি প্ৰৱেশ গেটৰ সমীপত থকা শুৱালকুছি বস্ত্ৰ উদ্যান পৰিদৰ্শন কৰি শুৱালকুছি বস্ৰশিল্পৰ আৰম্ভণিৰ পৰা কাপোৰ উৎপাদনলৈ সকলো দিশ প্ৰত্যক্ষ কৰে ৷ লগতে উদ্যানখনত সকলো সামগ্ৰী চাই আনন্দ প্ৰকাশ কৰি উভতি যায় ৷ দলটিক শুৱালকুছি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া লীনা হাজৰিকা আৰু উন্নয়ন খণ্ডৰ আন বিষয়া কৰ্মচাৰীসকলে সহযোগিতা আগবঢ়ায় ৷

বিশেষ বাৰ্তা, শুৱালকুছি, ৩ নৱেম্বৰ

You might also like