নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৪ নৱেম্বৰ : বিজ্ঞান মানসিকতা বৃদ্ধিৰে উদ্ভাৱনী শক্তিৰ বিকাশ ঘটোৱাৰ লক্ষ্য আগত ৰাখি ঢকুৱাখনাৰ অন্যতম বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান কাইজেন একাডেমীয়ে হাতত লয় এক প্ৰশংসনীয় পদক্ষেপ। ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্ভাৱনী শক্তি বিকাশ ঘটোৱাৰ লক্ষ্যৰে বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানখনে আজি আয়োজন কৰে এক বিজ্ঞান আৰ্হি প্ৰদৰ্শনী।
পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা এই প্রদর্শনী বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে শৈক্ষিক সমন্বয়ক কুমুদ চন্দ্ৰ শৰ্মাই। শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ সুপ্ত বিজ্ঞান মানসিকতাক বাস্তৱায়িত কৰি ২২টাকৈ বিজ্ঞানৰ মডেল, বিজ্ঞানৰ বিভিন্ন আর্হি প্রদর্শন কৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ঢকুৱাখনা সম-জিলাৰ আয়ুক্ত সংস্কৃতি ছুমানী। ভাষণত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ছুমানীয়ে কয় যে বৰ্তমান সময় হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ। তাহানিৰ দিনৰ পৰা এতিয়ালৈ মানৱ সভ্যতাৰ বিকাশৰ ক্ষেত্ৰত বিজ্ঞানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ লগতে বিজ্ঞানৰ জনপ্ৰিয়কৰণত এনে অনুষ্ঠানৰ প্ৰাসংগিকতা ব্যাখ্যা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান মনস্কতা গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এই ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল চিন্তাধাৰাসমূহ বিকশিত হোৱাত সহায়ক হোৱাৰ উপৰি তেওঁলোকক নতুন নতুন চিন্তাৰ অন্বেষণ ঘটাব বুলি উল্লেখ কৰে।
ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতা বৃদ্ধিৰ বাবে আৰু দেশৰ বা ৰাজ্যৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত যাতে ছাত্র-ছাত্ৰীসকলে অৰিহণা যোগাব পাৰে তেনে শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা অনুষ্ঠানটিত ছাত্র-ছাত্রীসকলে বিজ্ঞানৰ বিভিন্ন সূত্ৰৰ সহায়ত ন ন কৌশল উদ্ভাৱনৰ লগতে পেলনীয়া সামগ্ৰীৰে ছাত্ৰ-ছাত্রীসকলে নিজ হাতে প্ৰস্তুত কৰা আৰ্হি প্ৰদৰ্শন কৰি উপস্থিত ৰাইজৰ দৃষ্টি আকর্ষণ কৰে। পাঁচ শতাধিক ছাত্র-ছাত্রীৰ উপস্থিতিত কাইজেন একাডেমীৰ উপ-সঞ্চালক ধৰ্মেন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ ভোলা গগৈ, কাইজেন একাডেমীৰ সঞ্চালক ৰাজকুমাৰ শৰ্মা, অধ্যক্ষ পি এ মাৰাককে ধৰি বহুসংখ্যক অভিভাৱক-অভিভাৱিকা উপস্থিত থাকে।
প্রদর্শনীত বিচাৰক হিচাপে উপস্থিত থাকি বিজ্ঞান বিষয়ৰ লেখক তথা শিক্ষক মানস প্ৰতিম দত্ত আৰু বিজ্ঞানকৰ্মী, শিক্ষক বিমান সন্দিকৈয়ে প্রদর্শনীত ছাত্র-ছাত্রীসকলে উৎকৃষ্ট মানৰ আৰ্হি প্ৰস্তুত কৰি প্ৰদর্শন কৰি আহিছে বুলি সদৰী কৰে।