নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা নলবাৰী হৰি মন্দিৰত ৯২ সংখ্যক তেৰদিনীয়া ৰাস মহোৎসৱ…

বিশেষ বাৰ্তা, নলবাৰী, ৪ নৱেম্বৰ : নলবাৰীৰ হৰিমন্দিৰত আধ্যাত্মিক আৰু সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত সু-সংহতভাৱে কাইলৈৰ পৰা ১৭ নৱেম্বৰলৈকে তেৰদিনীয়াকৈ ৯২সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৰাস মহোৎসৱক লৈ অৱশ্যে এইবাৰ পূৰ্বৰ দৰে ভক্তিপ্ৰাণ ৰাইজৰ মাজত উছাহ পৰিলক্ষিত হোৱা নাই। তথাপি ৰাস মহোৎসৱ উদযাপন সমিতিৰ ৰাসক লৈ প্ৰস্তুতি তুংগত উঠিছে। ৰাসক লৈ সমগ্ৰ নলবাৰী চহৰতেই নানাৰঙী বৈদ্যুতিক তোৰণ আৰি ৰাসযাত্ৰীক আদৰণি জনাবলৈ সাজু হৈ উঠিছে ৰাস মহোৎসৱ উদযাপন সমিতি।

উল্লেখ্য যে ১৯৩৩ চনৰ পৰা অসমৰ প্ৰজ্ঞানগৰী নলবাৰীত প্ৰতিষ্ঠা হোৱা পৱিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ সৌজন্যত নলবাৰীৰ ৰাস মহোৎসৱ এক স্বকীয় পৰম্পৰা আৰু ঐতিহ্যৰে ক্ৰমাৎ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰি নান্দনিক কলাৰে বৰ্ণিল হোৱাৰ উপৰি ৰাস মহোৎসৱৰ তাত্ত্বিক, আধ্যাত্মিক, সাংস্কৃতিক দিশৰ লগতে অৰ্থনৈতিক দিশতো সমানে গুৰুত্ব লাভ কৰি আহিছে। ইপিনে, কাইলৈ পূৰ্ণিমাৰ স্নিগ্ধ জোনাকৰ সন্ধিয়াতে ৯২সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ শুভাৰম্ভ আৰু বন্তি প্ৰজ্বলন কৰিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ড° বাবুল চন্দ্ৰ দাসে। উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশ ল’ব বুলি জানিব পৰা গৈছে।

ইপিনে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি অমৰ কৰি ৰাখিবলৈ অহা ৬ নৱেম্বৰত আবেলি ৫ বজাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ১০ হাজাৰ শিল্পীয়ে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত একেলগে গাব মায়াবিনী গীতটো ৷ লগতে সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উপলক্ষে যুগজয়ী ১০০টা গানৰ মাজেৰে শিল্পীগৰাকীৰ শতবাৰ্ষিকী উদযাপন কৰা হ’ব৷ অহা ১৩ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ উক্ত অনুষ্ঠান চলি থাকিব৷

আনহাতে, নতুন ৰূপত দেখা যাব নলবাৰী ৰাস মহোৎসৱৰ গ্ৰন্থমেলাও৷ তদুপৰি পাঁচখনকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ মহাৰণ দেখা যাব অহা ১০ নৱেম্বৰৰ পৰা নলবাৰী ৰাস মহোৎসৱত৷ এইবাৰ ৰাস মহোৎসৱত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন ৰূপৰ মৃণ্ময় মূৰ্তি ৫১টা ষ্টলত সংস্থাপিত হ’ব বুলি জানিব পৰা গৈছে।

You might also like