ছত্তিশগড়ৰ বিলাসপুৰত ভয়ংকৰ ৰেল দুর্ঘটনা, বহু লোক হতাহতৰ আশংকা
ঘটনাটো আজি প্ৰায় ৪ বজাত সংঘটিত হয়। ৰেলগাড়ীখনৰ নম্বৰ ৬৮৭৩৩
ছত্তিশগড়ৰ বিলাসপুৰত এটা ভয়ংকৰ ৰেল দুর্ঘটনা সংঘটিত হৈছে। হাওড়া পথত এখন যাত্ৰীবাহী ৰেল আৰু এখন মালবাহী ৰেলৰ মুখামুখি সংঘৰ্ষ হয়। এই দুর্ঘটনাৰ পিছত ঠাইখিনিত এক আতংকময় পৰিৱেশ সৃষ্টি হয়।
ৰেলগাড়ীৰ কেইবাটাও দবা লাইনচ্যুত হয়। বহু যাত্ৰী আহত বা নিহত হোৱা সম্ভাৱনা প্ৰকাশ কৰা হৈছে। ৰেল বিভাগ আৰু উদ্ধাৰ দল ঘটনাস্থলীলৈ ৰওনা হৈছে। এই দুর্ঘটনাৰ পিছত সমগ্ৰ ট্ৰেকৰ চলাচল স্থগিত কৰা হৈছে।
ঘটনাটো আজি প্ৰায় ৪ বজাত সংঘটিত হয়। ৰেলগাড়ীখনৰ নম্বৰ ৬৮৭৩৩।
ৰেল বিভাগে প্ৰকাশ কৰা সহায়ক নম্বৰ
- চাম্পা জংচনঃ ৮০৮৫৯৫৬৫২
- ৰায়গড়ঃ ৯৭৫২৪৮৫৬০
- পেণ্ড্ৰা ৰোডঃ ৮২৯৪৭৩০১৬২
দুর্ঘটনাস্থলীত উপলব্ধ সহায়ক নম্বৰ
- ৯৭৫২৪৮৫৪৯৯
- ৮৬০২০০৭২০২
ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ