নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুতিথিত ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ, সমন্বয় ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

ৰাজ্য চৰকাৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব সুধাকন্ঠৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী অনুষ্ঠান

আজি  সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী। তেওঁ অবিহনে অসমীয়াই আজি ১৪টা বছৰ অতিক্ৰম কৰিলে। ২০১ চনৰ আজিৰ দিনটোতে অসমীয়াৰ বুকু শুদা কৰি সুধাকণ্ঠ সপোনৰ দেশলৈ গুচি হৈছিল।

আজি সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ১৪সংখ্যক মৃত্যু তিথি। স্বনামধন্য শিল্পীগৰাকীক ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মঙলদৈতো স্মৰণ কৰে। মঙলদৈ ইউথ ক্লাব, আশাৰ আলোক মানুহে মানুহৰ বাবে আৰু সাংস্কৃতিক মহাসভা মঙলদৈৰ উদ্যোগত পুৱাই অনুষ্ঠিত হয় প্ৰভাত ফেৰী। প্ৰভাত ফেৰীৰ লগতে অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী। সুধাকণ্ঠৰ কালজয়ী গীতসমূহ পৰিবেশন কৰি সমগ্ৰ মঙলদৈ চহৰ পৰিভ্ৰমণ কৰে। ইয়াৰোপৰি মঙলদৈৰ বিভিন্ন দল সংগঠনে আজি স্মৰণ কৰিব সুধাকণ্ঠক।

আনফালে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পঞ্জলি জনাই জনায় শ্ৰদ্ধাঞ্জলি। দলীয় কৰ্মীৰ সতে গালে ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি।

আজি সুধাকণ্ঠ ড’ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতে মুম্বাইত মহাপ্ৰয়াণ ঘটিছিল অসমীয়াৰ হিয়াৰ আমঠু ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ। আজি ৰাজ্যজুৰি পালন কৰা হৈছে সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী। কুৰুৱাৰ বৰুৱাবাৰী ৰাস মহোৎসৱত গীতে মাতে স্মৰণ কৰা হৈছে প্ৰাণৰ শিল্পীগৰাকীক। সুধাকণ্ঠৰ গীতেৰে মুখৰিত ৰাস মহোৎসৱ স্থলী।

ইফালে জাতিক মহীয়ান কৰা বিশ্ববৰেণ্য শিল্পী, চিৰনমস্য অসম সন্তান, আমাৰ প্ৰাণস্পন্দন ড° ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণ দিৱসত শ্ৰদ্ধাঞ্জলি জনাই শতকোটি প্ৰণাম জনাল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ জালুকবাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে সুধাকণ্ঠক মৃত্যুতিথিত স্মৰণ কৰে।

আনহাতে জালুকবাৰীৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠান চলি আছে। ৰাজ্য চৰকাৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব সুধাকন্ঠৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী অনুষ্ঠান।

ইফালে ৰাজ্যজুৰি আজিৰ দিনটোত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা’ক স্মৰণ কৰা হৈছে। গীতে মাতে প্ৰতিজন অসমীয়াই সুঁৱৰিছে প্ৰাণৰ শিল্পীগৰাকীক। সেইদৰে টিহুত ভূপেনদাক সুৱৰিছে ভূপেনদাৰ কালজয়ী গীত এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ বোৱাই নিয়া বিশিষ্ট কন্ঠশিল্পী জিতেন শৰ্মাই। গীতে মাতে আজিৰ দিনটোত ভূপেনদাক সুঁৱৰিছে শিল্পীগৰাকীয়ে।

ডিজিটেল ডেস্ক, ৫ নৱেম্বৰ

You might also like