সম্পাদকীয় : বেষ্ট ছেলাৰ আৰু গভীৰ পাঠ
এতিয়া অসমত গ্রন্থমেলাৰ বতৰ আৰু গ্রন্থমেলাৰ চৰিত্রৰ লগত সংগতি ৰাখি পাঠকে জানিবলৈ ইচ্ছা কৰে এই বতৰত অধিকসংখ্যক পাঠকে কোনখন কিতাপ কিনিবলৈ ইচ্ছা কৰিছে অথবা ব্যৱসায়ৰ ভাষাত কোনখন কিতাপ বেষ্ট ছেলাৰ হৈছে৷
গ্রন্থমেলা এখনৰ অন্যতম সফলতা বিক্রীৰ তথ্যৰে হয় বাবে মেলা এখনত বেষ্ট ছেলাৰৰ উপস্থিতি মেলাৰ স্বার্থতেই বাঞ্ছনীয়৷ কিন্তু বিগত কেইবছৰমানৰ অসমৰ গ্রন্থমেলাৰ বেষ্ট ছেলাৰৰ ক্ষেত্রত এটা কথা ক’ব পাৰি যে এইবোৰ কিতাপে দ্রুত পঠন অভ্যাসক সহায় কৰিছে, কিন্তু গভীৰ পাঠৰ পৰম্পৰাক বিঘ্ণিত কৰিছে৷
আজিৰ ডিজিটেল যুগৰ দ্রুত তথ্য বিনিময়ৰ সময়ত গভীৰ পাঠ, অর্থাৎ মনোযোগপূর্ণ আৰু চিন্তাশীল পঠনৰ অভ্যাস এক আঘাতপ্রাপ্ত পৰম্পৰা হৈ পৰিছে৷ আজিৰ পৃথিৱীত সকলো কামেহ যেন অতি দ্রুতগতিৰে সম্পাদন হ’ব লাগিব, তেনে এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু লাহে লাহে মানুহৰ অভ্যাসতো পৰিণত হ’বলৈ ধৰিছে৷
দ্রুতগতিৰ এহ সংস্কৃতিয়ে পঠন অভ্যাসকো গভীৰভাৱে প্রভাৱান্বিত কৰিছে৷ পঠন কার্যটি এখন বৌদ্ধিক আৰু অনুভৱমূলক সাধনাৰ পৰিৱর্তে তথ্য সংগ্রহৰ এক ব্যস্ত আৰু দ্রুতবেগী অভ্যাসত পৰিণত হৈছে৷ সামাজিক মাধ্যম আৰু ডিজিটেল সংযোগৰ ভিৰত গভীৰ পঠন, অর্থাৎ মনোনিৱিষ্ট, ধীৰ আৰু চিন্তাশীল পঠন এক ধৰণৰ প্রত্যাহ্বানমূলক কাম হৈ পৰিছে৷
‘গভীৰ পাঠ’ শব্দটো ব্যাপকভাৱে ব্যৱহাৰ আৰু প্রচাৰ কৰা নিডৰোছাইণ্টিষ্ট মেৰিয়ান ডলফে কৈছিল যে গভীৰ পাঠ হৈছে এক বৌদ্ধিক আৰু অনুভৱমূলক প্রক্রিয়া, য’ত পাঠকে নিজৰ মন, অনুভৱ আৰু কল্পনাৰ সহযোগত পঠন অভিজ্ঞতা আগবঢ়াই নিয়ে৷ এহ ধৰণৰ পঠনে পাঠকক চিন্তা কৰিবলৈ, পঠন সামগ্রীৰ লগত অন্তৰংগতা বঢ়াবলৈ আৰু পাঠৰ বৌদ্ধিক বিশ্লেষণ কৰিবলৈ প্রেৰণা দিয়ে৷ এহ প্রক্রিয়া কেৱল ব্যক্তিগত ডন্নতিৰ বাবে নহয়, ই গণতান্ত্রিক সমাজৰ বাবে এক গুৰুত্বপূর্ণ কৌশল৷
গভীৰভাৱে পঢ়াৰ ব্যৱহাৰিক অর্থ হ’ল যুক্তি বিচাৰ, আত্মসমালোচনা আৰু আনজনৰ অভিজ্ঞতাৰ সৈতে নিজক মিলাই চাব পৰা মানসিকতা৷ এই গুণবোৰেই পাঠক এজনক সমাজৰ চিন্তাশীল নাগৰিক হিচাপে গঢ়ি তোলে৷
বর্তমানৰ জগতখনত প্রকাশন ব্যৱস্থাই আগবঢ়োৱা ‘বেষ্ট ছেলাৰ’ শব্দটোৱে এক নিৰাশজনক বৈপৰীত্যৰ সৃষ্টি কৰিছে৷ বেষ্ট ছেলাৰবোৰে পঢ়াৰ প্রতি আকর্ষণ বঢ়ায় যদিও হ এক বাণিজ্যিক মনোভাবৰ জন্ম দিয়ে, য’ত সাহিত্যৰ মানৰ পৰিৱর্তে বিক্রীৰ পৰিমাণেই মাপকাঠী হয়৷
বহুত সময়ত বেষ্ট ছেলাৰ কিতাপবোৰত সহজ পঠনৰ বিনোদনধর্মী কাহিনী আৰু সৰল আৱেগৰ আধিক্য থাকে৷ এনে কিতাপৰ প্রাধান্যই জটিল সাহিত্যিক আৰু দার্শনিক সৃষ্টিক ডপেক্ষিত কৰি তোলে৷ এটা কথা সত্য যে বজাৰৰ শক্তিয়ে সাহিত্যৰ মূল্য আৰু সৃষ্টিশীলতাৰ বৈভৱক স্থানচ্যুত কৰিছে৷
ফলত সাহিত্য বৌদ্ধিক অভিজ্ঞতাৰ পৰিৱর্তে এক বাণিজ্যিক পণ্যলৈ ৰূপান্তৰিত হৈ গৈ আছে৷ একে সময়তে সামাজিক মাধ্যম, স্মার্টফোন আৰু অনলাইন পঠনৰ মাধ্যমসমূহে পাঠকৰ মনোযোগৰ ধৰণ সলনি কৰিছে৷
অনলাইন পাঠে অধিকাংশ সময়ত পঢ়াৰ পৰিৱর্তে চোৱাৰ অভ্যাস এটাৰ প্রচলন কৰিছে৷ ফলত গভীৰ চিন্তা, ধৈর্য আৰু কল্পনাশক্তিৰ স’তে সম্বন্ধ থকা মগজুৰ সেই অংশবোৰ লাহে লাহে নিষ্ক্রিয় হৈ পৰিছে৷ ইয়াৰ অর্থ এটাই যে গভীৰ পঠনৰ হাৰ কমি যোৱাটো অকল সামাজিক সমস্যাই নহয়, ই এটা নিউৰোলজিকেল সমস্যাও৷
স্মার্টফোনত সঘনাই আহি থকা নটিফিকেচনবোৰেও দীঘলীয়া মনোযোগত বাধাৰ সৃষ্টি কৰে৷ এনে পৰিৱেশৰ মাজতো গ্রন্থমেলা সাহিত্য আৰু সাহিত্যিকৰ উৎসৱ হিচাপেই চলি আছে৷ এই মেলা সম্পূর্ণ বাণিজ্যিক নহয়, বাণিজ্যৰ মাজতো ই সাহিত্যিক বৈচিত্র্যৰ উৎস৷
ইয়াত স্বতন্ত্র প্রকাশক, আঞ্চলিক লেখক আৰু অনুবাদ সাহিত্যৰ উপস্থিতিয়ে পাঠকক বাণিজ্যিক বেষ্ট ছেলাৰৰ মাজৰ পৰা বাহিৰলৈ উলিয়াই আনে৷ এই যাত্রাত বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে এটা গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে৷ ছাত্র–পাঠকসকলক কেৱল কাহিনীৰ বিষয়বস্তু বুজাবলৈ নহয়, ভাষা, গঠন আৰু শৈলীৰ বৌদ্ধিক বিশ্লেষণ কৰিবলৈও উৎসাহিত কৰিব লাগিব৷ এই ধৰণৰ প্রচেষ্টাহহে পঢ়াক বৌদ্ধিক আৰু অনুভৱমূলক–এই দুয়ো দিশতে গভীৰ কৰি তুলিব পাৰিব৷