নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী, বজালী, শিৱসাগৰ, বংশৰ, বকো, মৰিগাঁও, কাজলগাঁও, নাজিৰা, চৰাইদেউ, বিহালী, বোকাজান, চিচিবৰগাঁৱত সুধাকণ্ঠ বন্দনা

ধুবুৰীত সুধাকন্ঠৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ধুবুৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ল’গতে আজি ধুবুৰীতো গণশিল্পী, পদ্মশ্ৰী ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত সুধাকন্ঠৰ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হোৱা সেই কাৰ্যসূচীত শিল্পীগৰাকীৰ অলেগ অনুৰাগী উপস্থিত থাকে। আজিৰ সেই অনুষ্ঠানত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সৰ্বমুঠ পাঁচ হাজাৰ লোকে শিল্পীগৰাকীৰ কালজয়ী “মানুহ মানুহৰ বাবে” গীতটি পৰিৱেশন কৰে। মুখ্য অতিথি ৰূপে উপস্থিত থকা ধুবুৰীৰ নজৰুল হ’ক উপস্থিত থকা আজিৰ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল, ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, বিজেপিৰ ধুবুৰী সাংগঠনিক জিলাৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়, খ্যাতনামা কত্থক শিল্পী ইতিহাস ইনগ্ৰীড নন্দী প্ৰমুখ্যে বহু মান্যগণ্য ব্যক্তি উপস্থিত আছিল।

বজালীত সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যু দিৱস পালন

নিয়মীয়া বাৰ্তা, পাঠশালাঃ ভাৰত ৰত্ন, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কৰ্ম আৰু দৰ্শনে স্বাভাৱিকতে মহাপুৰুষ শংকৰদেৱৰ পৰা গীতৰ অনুসৰণ কৰাৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ১৯৫০ চনত আমেৰিকাত পঢ়ি থাকোতে পল ৰবচনৰ পৰা বিশ্ব মানৱতাৰ কথা বা দৰ্শন শিকা আদি সকলো বিষয়ক সামৰি লৈছিল৷ ভাৰত ৰত্নগৰাকীয়ে কেৱল অসমীয়াৰ কথা বা কেৱল ভাৰতীয়ৰ কথাই কোৱা নাছিল, তেওঁ কৈছিল বিশ্ব মানৱতাবাদৰ কথা, যাৰ পৰিপ্ৰেক্ষিততে ভাৰতৰ মাজেৰে বৈ থকা গাংগা আমাৰ মা বুলি কৈছিল, বাংলাদেশৰ মাজেৰে বৈ থকা পদ্দা আমাৰ মা বুলি কৈছিল৷ ধৰিত্ৰী আই মোৰ গানেৰে অসমৰ কৃষকৰ পৰা আৰম্ভ কৰি দুৰ্যোগৰ সময়ত জুয়ে পোৰা তিৰাশীৰ জৰিয়তে অসমৰ প্ৰতিটো জলন্ত বিষয়ক সংগীতৰ মাজেৰে মূৰ্ত কৰি তোলা ড৹ ভূপেন হাজৰিকাই আমি অসমীয়া, নহও দুখীয়াকে আদি কৰি প্ৰতিজন অসমীয়াই আমি ভাল ভাৰতীয়লৈকে সকলো নিজৰ গীতত সাঙুৰি লৈ যি জাতীয় সত্বা আৰু ৰাষ্ট্ৰীয় সত্বা দেখুৱাই গ’ল সেইগৰাকী সুধাকণ্ঠৰ জীৱন আৰু আদৰ্শ গ্ৰহণ কৰিলে প্ৰতিগৰাকী ব্যক্তি, প্ৰতিগৰাকী নাগৰিক লাভৱান হব৷” এই মন্তব্য ৰাজ্যৰ অন্যতম কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ বছৰযোৰা জয়ন্তীৰ লগত সংগতি ৰাখি আজি বজালী জিলা প্ৰশাসনৰ সৌজন্যত ভাৰত ৰত্নগৰাকীৰ চতুৰ্দশ মৃত্যু দিৱস পালন কৰা হয়৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি পুৱা এঘাৰ বজাত সুধাকণ্ঠৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছতে এক গ্ৰেণ্ড কোৰাছত জিলাখনৰ ২৯ গৰাকী নিৰ্বাচিত সংগীত শিল্পীৰ দ্বাৰা ১৭ মিনিট দৈৰ্ঘ্যৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ মেডলী পৰিবেশন কৰা হব৷ ইয়াৰ পিছত জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে আদৰণি ভাষণ প্ৰদান কৰা আৰু চলচিত্ৰ পৰিচালক তথা নাট্যকাৰ নিৰ্মল দাসে আঁত ধৰা অনুষ্ঠানত অসম চৰকাৰৰ জেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উক্ত মন্তব্য কৰাৰ লগতে সুধাকণ্ঠৰ জীৱন আৰু আদৰ্শ সন্দৰ্ভত বিশেষভাৱে ভাষণ প্ৰদান কৰে৷ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ, বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীকে আদি কৰি বজালীৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি, চৰকাৰী বিষয়া তথা অঞ্চলটোৰ প্ৰতিখন শিক্ষানুষ্ঠানৰে শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানটোত দুপৰীয়া বাৰ বজাৰ লগে লগে তিনি হাজাৰ অংশগ্ৰহণকাৰীৰে মানৱ শৃংখল গঢ়ি সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে শীৰ্ষক কালজয়ী গীতটি সমূহীয়াভাৱে পৰিবেশন কৰা হয় আৰু ইয়াৰ পিছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে৷

শিৱসাগৰত  ভূপেন হাজৰিকাৰ চতুৰ্দশ  মৃত্যু দিৱস উপলক্ষে সমন্বয় দিৱস পালন

নিয়মীয়া বাৰ্তা, শিৱসাগৰঃ ‘ডঃ ভূপেন হাজৰিকাই তেওঁৰ অপৰিমিত অৱদানেৰে অসমীয়াৰ ভাষা-সাহিত্য, সংস্কৃতিৰ পথাৰখন জীপাল কৰি থৈ গৈছে’ এই মন্তব্য গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ডঃ সব্যসাচী মহন্তৰ৷ আজি শিৱসাগৰ চহৰৰ দ’লমুখ চাৰিআলিৰ জয়দয়াল খেমকা মাতৃ সেৱা সদনত অৱস্থিত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু দিৱস উপলক্ষে আয়োজন কৰা সমন্বয় দিৱসত দিয়া এক ভাষণত মহন্তই লগতে কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে যি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ মূল ভেটি প্ৰতিষ্ঠা কৰিলে সেই মূল ভেটি আৰু সেই মূল শিপা লালন-পালন, প্ৰতিপালন কৰি পূৰ্ণাংগ বটবৃক্ষলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পিছতে সুধাকণ্ঠ মূলতঃ এগৰাকী পূৰ্ণাংগ সংগীত শিল্পী বুলি অভিহিত কৰিলেও এগৰাকী সাহিত্যিক হিচাপে, গীতি-সাহিত্য, কবিতাৰ এগৰাকী বৰেণ্য স্ৰষ্টা হিচাবে ভূপেন হাজৰিকাই অসমীয়া সাহিত্যলৈ যি মেটমৰা অৱদান আগবঢ়াই থৈ গৈছে, সেয়া আচলতে চিৰ স্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰে৷ ডঃ ভূপেন হাজৰিকাৰ যিখিনি ৰচনা আছে সেই ৰচনাখিনিৰ বৰ্তমান সময়ত এক বিদ্যায়তনিক অধ্যয়ন কৰাৰ অতিকৈ প্ৰয়োজন আছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে, পদ্ধতিগত বিশ্লেষণ, বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজনো আহি পৰিছে৷ তেতিয়াহে অসমীয়া জাতিয়ে ডঃ ভূপেন হাজৰিকাৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব৷ আনহাতে অসমীয়া সমাজ জীৱন, সাংস্কৃতিক জীৱনৰ লগতে মানুহৰ জীৱন, মানৱ জীৱনৰ এনে এটা দিশ নাই যিটো দিশ ভূপেন হাজৰিকাৰ ৰচনাৰাজিয়ে চুই যোৱা নাই৷  ভূপেন হাজৰিকাই তেওঁৰ ৰচনাৰ জৰিয়তে গীত, কবিতা, গদ্যই হওক তেখেতৰ ৰচনাৰাজীত মানুহ, মানৱৰ মুকুতি, হালোৱা- হজুৱা, শ্ৰমিক-কৃষক, প্ৰেম-যৌৱন, বিৰহ, জাতীয় চেতনা, স্বদেশ প্ৰেম, জাতীয় মুক্তিৰ কথা কৈ গৈছে। তেওঁৰ ৰচনাই আচলতে আমাৰ মানৱ জীৱনৰ প্ৰতিটো দিশ চুই গৈছে, সেই কাৰণে সঁচা অৰ্থত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা প্ৰকৃততে এজন গণশিল্পী, জনশিল্পী, জনতাৰ শিল্পী তথা আমাৰ সকলোৰে হিয়াৰ আমঠু৷ ডঃ ভূপেন হাজৰিকাৰ গীত, গীতি-সাহিত্য বা তেওঁৰ সুৰাৰোপিত গানসমূহেই নহয়, সমগ্ৰ ৰচনাৱলী আচলতে এক পুংখানুপুংখ অধ্যয়ন আৰু বিশ্লেষণ কৰিব কাৰণে সকলোকে আগবাঢি. আহিবলৈ তেওঁ আহ্বান জনায়৷ দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত আৰু শিৱসাগৰ প্ৰেছক্লাৱৰ সহযোগত অনুষ্ঠিত হোৱা ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ সমন্বয় দিৱসৰ লগত সংগতি ৰাখি ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ডঃ সব্যসাচী মহন্ত আৰু দিখৌপৰীয়াৰ ভাৰপ্ৰাপ্ত সভাপতি জেহিৰুদ্দিন খানে৷ উক্ত অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক প্ৰেম গগৈ, বিজেপিৰ জিলা সভাপতি বিতোপন ৰাইদঙীয়া, বিজেপি নেতা কুশল দুৱৰী, বিশিষ্ট কণ্ঠশিল্পী হেম শইকীয়া, শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ডঃ প্ৰতিম শৰ্মাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানত শংকৰলাল আগৰৱালা, প্ৰদীপ খেমকা, ক্ষিৰোদনাথ দাস, জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ আৰু প্ৰাঞ্জল ৰাজগুৰুৰ লগতে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মাখন কলিতা, ৰাজভূষণ গগৈ, বিজেপিৰ জিলা যুৱ মৰ্চাৰ সভাপতি সমীৰণ বৰদলৈ, বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ জিলা সভাপতি মৰম দাস, অধ্যাপক প্ৰদীপ গগৈ, বিশিষ্ট সমাজকৰ্মী ত্ৰৈলোক্য দত্তকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তিক সম্বদ্ধৰ্না জনোৱা হয়৷ সমন্বয় দিৱসত প্ৰেছ ক্লাৱৰ সম্পাদক হিমাংশু নেওগ, ডঃ উৎপল দত্ত, এম. আই. বৰা, ফিৰোজ আহমেদৰ উপৰি দিখৌপৰীয়াৰ ৰাতু কুমাৰ দাস, বাবলু দাস, জাকিৰ খান, উদিপ্ত দুৱৰা, ইন্দ্ৰজিৎ দাসকে ধৰি শতাধিক লোকে ডঃ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনায়৷ অভিনেত্ৰী তথা ঘোষিকা শিল্পী হাতীবৰুৱা দাসে পৰিচালনা কৰা সমন্বয় দিৱসৰ লগত সংগতি ৰাখি প্ৰবীন কণ্ঠশিল্পী হেম শইকীয়াই ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিবেশন কৰাৰ পাছতেই নবীন শিল্পী ক্ৰমে ফাল্গুনি ৰাজকুমাৰী, কৃতিষা প্ৰিয়দৰ্শনী, বৃষ্টি দাস আৰু আৰোহন কৌশিকে সুধাকণ্ঠৰ বহুকেইটা গীত পৰিৱেশন কৰি অনুষ্ঠানটো সজীৱ কৰি তোলে৷
বংশৰত সুধাকন্ঠ ড০ ভুপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উদ্‌যাপন
বিশেষ বাৰ্তা, শুৱালকুছিঃ কামৰূপৰ বংশৰত সুধাকণ্ঠ স্মৃতি ৰক্ষা সমিতি,বংশৰৰ উদ্যোগত আজি বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ড০ ভুপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী দিৱস উদযাপন কৰা হয়। মৃত্যু বাৰ্ষিকী উদযাপন উপলক্ষে পুৱা  সুধাকণ্ঠ ড০ ভুপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত মুখ্য বন্তি প্ৰজ্বলন কৰে ভাগৱতাচাৰ্য বগাৰাম বৈশ্য, জ্যেষ্ঠ নাগৰিক,সমাজকৰ্মী প্ৰফুল্ল চন্দ্ৰ বৈশ্য আৰু সমাজকৰ্মী পদ্মৰাম পাঠকে। অনুষ্ঠানত সুধাকন্ঠ স্মৃতিৰক্ষা সমিতি, বংশৰৰ সঞ্চালক কনক দাস আৰু ৰাইজৰ উপস্থিতিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিশ্ববৰেণ্য শিল্পী গৰাকীৰ স্মৃতিত স্থানীয় কেবাগৰাকী স্থানীয় শিল্পীয়ে সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজীক আদৰ্শ হিচাপে লৈ গীত পৰিৱেশন কৰে। আনহাতে সুধাকণ্ঠ  ড০ ভূপেন  হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি প্ৰানৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আন্তঃৰাষ্ট্ৰীয় বাঁহী সম্ৰাট দীপক শৰ্মা দেৱলৈও ফুল পুষ্পাঞ্জলীৰে একাজলী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। অনাগত দিনত তিনিও গৰাকী শিল্পীৰ আদৰ্শক উৰ্ধত ৰাখি বিস্তৃত কাৰ্যসূচীৰে উদযাপন বিষয়ে সদৰি কৰে। অনুষ্ঠানটোৰ আঁত ধৰে সমাজকৰ্মী,কৃতি শিক্ষক ইন্দ্ৰ কান্ত বৈশ্যই। লগতে সন্ধিয়া ৰাজহুৱা ভাৱে এহেজাৰ গছি  বন্তি   প্ৰজ্বলন কৰা হয় বুলি জানিবলৈ দিছে আহ্বায়ক দীপক বৈশ্য, নাৰায়ণ বৈশ্য, প্ৰশান্ত গোস্বামী, বিশ্বজিৎ বৈশ্য আৰু, জীতেন পাঠকে ।
বকো সাহিত্য সভাই পালন কৰে সুধাকন্ঠ দিৱস
নিয়মীয়া বাৰ্তা, বকোঃ “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক বাণীৰে উদ্বুদ্ধ অসম সাহিত্য সভাৰ নিৰ্দেশনা অনুসাৰে কামৰূপ জিলাৰ বকো সাহিত্য সভাইয়ো আজি পালন কৰে প্ৰয়াত বিশ্ব বিশ্ৰুত শিল্পী ; ভাৰতৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু দিনত পালন কৰা সুধাকন্ঠ দিৱস। ইফালে সুধাকন্ঠ দিৱসৰ লগত সংগতি ৰাখি সদ্য প্ৰয়াত যশস্বী শিল্পী গীতিকাৰ তথা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ কৰ্মী চৈয়দ ছাদুল্লা আৰু আন্তঃৰাষ্ট্ৰীয় যশস্বী বাঁহী বাদক দীপক শৰ্মাৰ মৃত্যুত গভীৰ শ্ৰদ্ধা জনায় মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। অনুস্থানত সুধাকন্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বকো সাহিত্য সভাৰ সভাপতি নৃপেন ভাগৱতীয়ে। চৈয়দ ছাদুল্লাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সাহিত্য সভাৰ আজিৱন সভ্য তথা শিক্ষক নৰেন ঠাকুৰীয়াই আৰু দীপক শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সভাপতি তথা আকাশ অনুস্থানৰ উপ সভানেত্ৰী ডঃ বিজয়া ডেকাই। বকো সাহিত্য সভাৰ সাধাৰণ সম্পাদক জনাৰ্দ্দন বড়োৰ তৎপৰতাত আয়োজন কৰা অনুস্থানত সহকাৰী সম্পাদক বিষ্ণু ৰাম দাসে আত ধৰে আৰু সহযোগ আগবঢ়াই পত্ৰিকা সম্পাদক পবিত্ৰ কৈৱৰ্ত্তই। অনুস্থানত বিশ্ব বন্দিত শিল্পী ভূপেন হাজৰিকাৰ চৈধ্য সংখ্যক মৃত্যু দিনা আৰু চৈয়দ ছাদুল্লাৰ উপৰিও দীপক শৰ্মাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে ডঃ বিজয়া ডেকাই।

 

মৰিগাঁৱত পাঁচ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, অনুৰাগীয়ে সমস্বৰে গালে মানুহে মানুহৰ বাবে
নিয়মীয়া বাৰ্তা, মৰিগাঁওঃ প্ৰখৰ ৰ’দ আৰু উৎকট গৰমকো নেওচি আজি সুধা কণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষ আৰু চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে মৰিগাঁৱৰ তৰুণৰাম ফুকন খেল পথাৰত পাঁচ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু অনুৰাগীয়ে সমস্বৰে গালে ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত – ‘মানুহে মানুহৰ বাবে’ । ইয়াৰ পূৰ্বে ১৭ মিনিট জুৰি সুধা কণ্ঠৰ কেইবাটাও বচা বচা গীত বজাই শুনোৱা হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে সুধা কণ্ঠ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সমৱেত সকলোকে আদৰণি জনায়। অনুষ্ঠানৰ মুখ্য অতিথি জলসম্পদ, জনসংযোগ, সংসদীয় পৰিক্ৰমা প্ৰভৃতি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই সংক্ষিপ্ত ভাষণত সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, বোলছবি পৰিচালক ডঃ হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ কথা উল্লেখ কৰে। তেওঁ কয়, অসম চৰকাৰে এই বছৰটো বৰেণ্য শিল্পী জনাৰ জন্ম শতবৰ্ষ হিচাপে পালন কৰিছে।অসমৰ বাবে ভূপেন দাই বহু কাম কৰি গৈছে। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা মাচ কমিউনিকেশ্বনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।১৯৬৮ চনত তেওঁ নাওবৈচা সমষ্টিৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধান সভালৈ নিৰ্বাচিত হৈছিল।ডঃ ভূপেন হাজৰিকা হৈছে অতি বিশিষ্ট অসমীয়া, তেওঁৰ গীত অসমীয়াৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আছে। অনুষ্ঠানত বিধায়ক ৰমাকান্ত দেউৰীয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা পৰিষদৰ সভানেত্ৰী প্ৰণিতা ডেকা কলিতা, মৰিগাঁৱৰ পৌৰপতি যোগেশ তামুলী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অনুষ্ঠানত যোগদান কৰে।
চিৰাঙতো সুধাকণ্ঠলৈ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি
নিয়মীয়া বাৰ্তা, কাজলগাঁও : ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলাতো ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। ৰাজ্য চৰকাৰৰ নিৰ্দেশত তথা চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও শোধনাগাৰ ক্ৰীড়া প্ৰকল্প চৌহদত অনুষ্ঠিত সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠানত জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে জিলাখনৰ শিল্পী,সাংস্কৃতিক কৰ্মী, সমাজ কৰ্মী,বিশিষ্ট নাগৰিক আৰু শিক্ষক-কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। অনুষ্ঠানত উপস্থিত শিল্পীৰ লগতে বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি সকলে সুধাকণ্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ ৰ উপৰিও অন্যান্য কেইবাটাও হৃদয়স্পৰ্শী গীত সমস্বৰে পৰিৱেশন কৰি অসমীয়াৰ হিয়াৰ আমঠু ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জ্ঞাপন কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ক্ৰীড়া প্ৰকল্পৰ সেউজ ঘাঁহনিত মানৱশৃংশলৰ জৰিয়তে তৈয়াৰ কৰা ‘DR BHUPEN HAZARIKA’ নামটোৱে উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী,চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়,জিলা আয়ুক্ত যতীন বৰাৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়া, বঙাইগাঁও শোধনাগাৰৰ একাংশ বিষয়া-কৰ্মচাৰীও উপস্থিত থাকে।।
নাজিৰা সমজিলাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন
বিশেষ বাৰ্তা , নাজিৰা : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা নাজিৰা সমজিলা প্ৰশাসনৰ সহযোগত আজি নাজিৰা মহাবিদ্যালয় খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি ইতিপূৰ্বে বিগত আঠ ছেপ্টেম্বৰত তেখেতৰ জন্মবাৰ্ষিকী অনুষ্ঠানত পৰিৱেশন কৰা গীতৰ মেডলীটোৰে অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, নাজিৰা সমজিলা আৰক্ষী বিষয়া তুষাৰ দেশাই, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই,  নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ সভানেত্ৰী ক্ৰমে বৰ্ণালী চেতিয়া আৰু কবিতা মেচ। ইয়াৰ লগতে ভূপেন হাজৰিকাৰ আত্মীয় অজিৎ হাজৰিকাও আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে।
ইয়াৰ পিছতে নাজিৰা সমজিলাৰ নবীন-প্ৰবীণ শিল্পী, ছাত্ৰ-ছাত্ৰী, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, সংবাদ কৰ্মী আৰু গৰিষ্ঠ সংখ্যক সংস্কৃতিপ্ৰেমী জনগণেকে সাঙুৰি  বহু লোকে মানৱশৃংখল সৃষ্টিৰে সুধাকণ্ঠৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিৱেশন কৰে। আজিৰ এই অনুষ্ঠানত নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামে উপস্থিত সকলোকে সম্বোধন কৰি আদৰণি ভাষণ আগবঢ়াই। তদুপৰি টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইয়ে মুখ্য অতিথি ভাষণ প্ৰদান কৰে।
মাইবেলাত সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
নিয়মীয়া বাৰ্তা , চৰাইদেউঃ চৰাইদেউ কলাকেন্দ্ৰ মাইবেলা শাখাত আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১৪ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷ চৰাইদেউ প্ৰেছ ক্লাৱ আৰু চৰাইদেউ কলাকেন্দ্ৰ মাইবেলা শাখাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোৰ আৰম্ভণিতে সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে সাংস্কৃতিক কৰ্মী বীৰেন দিহিঙীয়াই ৷ ইয়াৰ পাছতে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সোণাৰি প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদ আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱাই ৷ ইয়াৰ পাছতে সংবাদকৰ্মী প্ৰণৱ বৰগোহাঁইয়ে আঁত ধৰা এখনি সভা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী বীৰেন দিহিঙীয়াই৷ সভা উদ্বোধন হোৱাৰ পাছতে সভাত উপস্থিত সকলোৱে সমবেত ৰূপত সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিবেশন কৰে৷ ইয়াৰ পাছতে সভাত উপস্থিত বিশিষ্ট অতিথি ক্ৰমে সাংবাদিক আলিম আহমেদ আৰু দুষ্যন্ত কুমাৰ নাথে বক্তব্য আগবঢ়োৱাৰ পাছতে বীৰেন দিহিঙীয়া আৰু চৰাইদেউ কলাকেন্দ্ৰ মাইবেলা শাখাৰ শিক্ষাৰ্থী ক্ৰমে প্ৰাচুৰ্য্য চুতীয়া, প্ৰত্যুষ আকাশ কোঁৱৰ, প্ৰাপ্তি বৰগোহাঁই, কাব্যলীনা গগৈ , কংকনা গগৈ, তনয়া গগৈকে ধৰি কেবাগৰাকীয়ে সুধাকণ্ঠৰ গীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ৷
বিহালী সম জিলাত ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
নিয়মীয়া বাৰ্তা, বেদেতী : সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু বিহালী সমজিলা প্ৰশাসনৰ উদ্যোগত আজি শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ চতৃৰ্দশ মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই উপলক্ষে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে বিহালীৰ বিধা‌য়ক দিগন্ত ঘাটোৱালে। এই অনুষ্ঠানত আদৰণি ভাষন প্ৰদান কৰে কৰে কমল শৰ্মাই আৰু শ্ৰদ্ধাঞ্জলী  অনুষ্ঠানৰ উদ্ধোধন কৰে সম জিলাৰ সহকাৰী আয়ুক্ত দিপ্তী ৰেখা হাজৰিকাই। মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি বিধায়ক দিগন্ত ঘাটোৱালে ড,ভূপেন হাজৰিকাৰ জীৱন আৰু আদৰ্শৰ ওপৰত অৱগত কৰে।আনহাতে নিদিষ্ট বক্তা বিহালী স্নাতক মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপক ড,টুনটুন হাজৰিকাৰ ভূপেন হাজৰিকাৰ ওপৰত বিস্তৃত ভাবে আলোচনা আগবঢ়োৱাৰ উপৰিও ড,ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰে।এই অনুষ্ঠানত সমজিলাৰ আয়ুক্ত প্ৰভাত পেগু,সমাজকৰ্মী লাচিত বৰা,দুৰ্গা ছেত্ৰী,মুনীন্দ্ৰ দাস,বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ড,ৰমেন বৰা,বিশ্বনাথ জিলা অনুসুচিত জাতি উন্নয়ন বোৰ্ডৰ সভাপতি অৰূপ কুমাৰ দাস,বৰগা্ং জিলা পৰিষদৰ আৰু নিজ বিহালী জিলা পৰিষদৰ সদস্য ক্ৰমে জাহ্নবী দাস আৰু চেতন গৌতমে।শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত কস্তৰৱা বালিকা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে সমবেত গীত পৰিবেশন কৰে।
বোকাজানত সুধাকণ্ঠৰ মৃত্যুবার্ষিকী তিথি পালন
নিয়মীয়া বাৰ্তা, বোকাজানঃ আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বার্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতে মুম্বাইত মহাপ্রয়াণ ঘটিছিল অসমীয়াৰ হিয়াৰ আমঠু ভাৰত ৰত্ন  ড° ভূপেন হাজৰিকাৰ। আজি ৰাজ্যজুৰি পালন কৰা হৈছে সুধাকণ্ঠৰ মৃত্যুবার্ষিকী। অসম চৰকাৰৰ দ্বাৰা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবর্ষ উদযাপন কার্যসূচীৰ লগত সংগতি ৰাখি শিল্পীগৰাকীৰ ১৪ তম মৃত্যু তিথি বোকাজান মহকুমা প্রশাসনৰ সহযোগত তথা সাংস্কৃতিক মহাসভা কার্বি আংলং জিলা সমিতিৰ দ্বাৰা মহাসভাৰ জিলা সমিতিৰ কার্যালয় ড° ভূপেন হাজৰিকা সৌৱৰণী সাংস্কৃতিক ভৱনতো অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে, সাংস্কৃতিক মহাসভা অসমৰ নির্দেশক্রমে প্রতিবছৰে ৫ নবেম্বৰ দিনটো বিভিন্ন জিলা সমিতি সমূহে ড° ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি “সংগীত দিবস” হিচাপে উদযাপন কৰি আহিছে। মহাসভাৰ কাৰ্বি আংলং জিলা সমিতিয়ে বোকাজানতো গীতে মাতে স্মৰণ কৰে প্ৰাণৰ শিল্পীগৰাকীক। অনুষ্ঠানৰ আৰম্ভণিতে মহাসভাৰ কাৰ্যালয় চৌহদত থকা ড° ভূপেন হাজৰিকা দেৱৰ আবক্ষ মূৰ্তিত জিলা সমিতিৰ হৈ বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ক্ৰমে ভাৰপ্ৰাপ্ত সভাপতি দীপক কুমাৰ গগৈ, উপদেষ্টা যুগল চেতিয়া আৰু পৰম সন্মানীয় সদস্য সূৰ্যকান্ত শইকীয়াই। আনহাতে, অতিৰিক্ত জিলা আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি কাকুমণি শইকীয়াই মহকুমা প্ৰশাসনৰ হৈ বন্তি প্ৰজ্বলন কৰি বিশ্ববৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ভাৰপ্ৰাপ্ত সভাপতি দীপক কুমাৰ গগৈৰ সভাপতিত্বত শিল্পীগৰাকীক স্মৰণ কৰি অনুষ্ঠিত হোৱা সভাত জাতিক মহীয়ান কৰা বিশ্ববৰেণ্য শিল্পী, চিৰনমস্য অসম সন্তান, আমাৰ প্ৰাণস্পন্দন ড° ভূপেন হাজৰিকাৰ মহাপ্রয়াণ দিৱসত শ্রদ্ধাঞ্জলি জনাই উপস্থিত সকলোৱে “মানুহে মানুহৰ বাবে” শীৰ্ষক গীতটি সমস্বৰে গাই স্মৰণ কৰে। অনুষ্ঠানত কণমানি হিয়াচভী ৰাজবংশী আৰু অসম চৰকাৰৰ সাংস্কৃতিক মহাৰণৰ বঁটাপ্ৰাপ্ত মিতাশ্ৰী বৰাই ভূপেন্দ্ৰ সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰি উপস্থিত সকলোৰে প্ৰশংসা বুতলিবলৈ সক্ষম হয়। আনহাতে, ভূপেন দাৰ নীতি-আদৰ্শ আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তিক আগবঢ়াই নিয়াৰ উদ্দেশ্যে কন কন ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত ‘ক’ শাখাত দীপদৰ্শন বৰাই প্ৰথম স্থান দখল কৰাৰ লগতে মধুস্মিতা তালুকদাৰে দ্বিতীয় আৰু নয়ন হাজৰিকাই তৃতীয় স্থান দখল কৰে। ‘খ’ শাখাত গায়ত্ৰী গোহাঁই প্ৰথম স্থান দখল কৰাৰ লগতে শশাংক দত্তই দ্বিতীয় আৰু পিংকু বৰাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক এটিকৈ ট্ৰফী আৰু এটিকৈ নাহৰ গছৰ পুলি প্ৰদান কৰি উৎসাহিত কৰে অতিৰিক্ত জিলা আয়ুক্ত কাকুমণি শইকীয়াই। উল্লেখ্য যে, সাংস্কৃতিক মহাসভা কাৰ্বি আংলং জিলা সমিতিৰ আভ্যন্তৰীণ অন্তৰ্কন্দল,  বাদ-বিবাদ অব্যাহত থকাৰ মাজতে জিলা সমিতিৰ কাৰ্যালয় ড° ভূপেন হাজৰিকা সৌৱৰণী সাংস্কৃতিক ভৱনত প্ৰশাসনে তলা লগাই দিছিল আৰু এখন পূৰ্ণাংগ জিলা সমিতি গঠনৰ নির্দেশনা প্ৰদান কৰাৰ লগতে জিলা সমিতিখন গঠন নোহোৱা পৰ্যন্ত ভৱনৰ চাবি মহকুমা প্ৰশাসনে বোকাজান আৰক্ষীৰ জিম্মাত থৈছিল। আজি ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ প্ৰতি লক্ষ্য ৰাখি মহাসভাৰ বৰ্তমানৰ জিলা সমিতিখনে শিল্পীগৰাকীৰ ১৪ তম মৃত্যু তিথি বোকাজান মহকুমা প্রশাসনৰ সৌজন্যত আৰু সাংস্কৃতিক মহাসভা কার্বি আংলং জিলা সমিতিৰ উদ্যোগত জিলা সমিতিৰ স্থায়ী কার্য্যালয় ড° ভূপেন হাজৰিকা সোঁৱৰণী সাংস্কৃতিক ভৱনত উদযাপন কৰাৰ বাবে অতিৰিক্ত জিলা আয়ুক্ত কাকুমণি শইকীয়াক যাবতীয় অনুমোদন আৰু যথা বিহিত যাবতীয় ব্যৱস্থাবলী কৰি দিয়াৰ বাবে এখন লিখিত আবেদন পত্ৰ প্ৰদান কৰে। উক্ত আবেদনৰ প্ৰতি লক্ষ্য ৰাখি তথা বিষয়টোৰ গুৰুত্ব বুজি অতিৰিক্ত জিলা আয়ক্তগৰাকীয়ে ভৱনৰ গেটৰ তলা খোলাৰ লগতে চৌহদ চাফ চিকুনৰ ব্যৱস্থা কৰি ভূপেন দাৰ মৃত্যু তিথিটি অনুষ্ঠিত কৰাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াই। উল্লেখ্য যে, সাংস্কৃতিক মহাসভাৰ কাৰ্বি আংলং জিলা সমিতিৰ ভিতৰচৰাৰ পৰিবেশ পৰিস্থিতি অতি জটিল হৈ থকাৰ সময়তো আজিৰ অনুষ্ঠানটি সফল কৰাত বোকাজান মহকুমাৰ অতিৰিক্ত জিলা আয়ক্ত কাকুমণি শইকীয়া আৰু বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ শইকীয়াৰ সহযোগিতাক বিশেষভাবে শলাগ লোৱাৰ লগতে ধন্যবাদ তথা কৃতজ্ঞতা জনাই মহাসভাৰ সম্পাদক শৈলেন্দ্ৰ গগৈয়ে।
চিলাপথাৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন 
নিয়মীয়া বাৰ্তা, চিচিবৰগাঁও : আজি মালিনীপুৰ শতদল শাখা সাহিত্য সভাৰ উদ্যোগত শাখাৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু দিৱসটি চিলাপথাৰস্হিত মাদুৰি পথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনোদ কুমাৰ গগৈয়ে । মালিনীপুৰ শতদল শাখা সাহিত্য সভাৰ সম্পাদাক যোগ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত শাখা সভাপতি ৰুলী কোঁৱৰে সভাপতিত্ব কৰে । শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটো  জীৱন টায়েৰ এটি ভূপেন্দ্ৰ সংগীতেৰে  শুভাৰম্ভ কৰে । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি  ধেমাজি জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ভুবন দাস, চিলাপথাৰ শাখা সাহিত্য সভাৰ সভাপতি বিজয় কোঁৱৰ, ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ কাৰ্যকৰী ধৰ্মেশ্বৰ চুতীয়া , মালিনীপুৰ শাখা সাহিত্য সভাৰ উপদেষ্টা  প্ৰশান্ত চেতিয়াই ড° ভূপেন হাজৰিকাৰ ওপৰত বক্তব্য প্ৰদান কৰে। অপৰাজিতা বৰ্মন আৰু বিনোদ কুমাৰ গগৈয়ে ভূপেন্দ্ৰ সংগীত , নৱজিৎ বৰুৱা, বৰষা দাস আৰু দীপিকা দাসে ভূপেন্দ্ৰ সংগীতৰ আধাৰত নৃত্য আৰু যোগ গগৈ, মঞ্জু দাস, সংগীতা উপাধ্যায়, চুনুমণি বৰুৱা আদিয়ে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
You might also like