মৃত্যুতিথিত হোজাই, ডিব্ৰুগড়, নলবাৰী, চৰাইদেউ, বাসুগাঁও, নগাঁও, নাহৰকটীয়া, ধিং, মুছলপুৰ, জামুগুৰিহাট, নামৰূপতো ভূপেনদাক স্মৰণ
জৰেগাঁৱত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন: গীতে-মাতে মুখৰ পৰিবেশ
নিয়মীয়া বাৰ্তা, বাসুগাঁওঃ বিশ্ববৰেণ্য সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস অন্যান্য ঠাইৰ লগতে জৰেগাঁৱতো পালন কৰা হয় । জৰেগাঁও হৈছে কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত। জৰেগাঁও কিৰণ সংঘৰ উদ্যোগত ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰে গাঁৱৰ বিশিষ্ট বয়োজেষ্ঠ ব্যক্তি চণ্ডীচৰণ ৰায় আৰু অবিনাশ ৰায়ে । মাল্যৰ্পন কৰে সমাজকৰ্মী-বয়োজেষ্ঠ ব্যক্তি সিদ্ধেশ্বৰ ৰায়। ড০ ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তিত গামোচা আৰু ফুলৰ মালা পৰিধান কৰি দিয়ে অঞ্চলৰ বিশিষ্ট কণ্ঠশিল্পী, ভূপেন হাজৰিকা প্ৰেমী কলেন ৰায়ে। গছপুলি ৰোপণ কৰে সমাজ কৰ্মী জগদীশ ৰায়। ইয়াৰ পিছত জৰেগাঁও কিৰণ সংঘৰ সভাপতি ভৃগু মুনি ৰায়ে আঁতধৰা অনুষ্ঠানটিত একাদিক্ৰমে কলেন ৰায়, বিশিষ্ট সমাজকৰ্মী চণ্ডীচৰণ ৰায়, সমাজকৰ্মী শিল্পী কোকৰাঝাৰ নিৱাসী নৃপেন চন্দ্ৰ ৰায় আদিয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জীৱনাদৰ্শৰ ওপৰত চমু বক্তব্য দাঙি ধৰে। গীত পৰিৱেশন কৰে কণমানি গ্ৰুপ দল, জান, অনিমেষ, নীলাক্ষী ৰায়, জোনমনি শৰ্মা, কনকন ৰায়, সঞ্জয় ৰায়, বিনোদ ৰায়ৰ উপৰি দ্বীপজ্যোতি ৰায়, জুপিতৰা ৰায়ে কবিতা আবৃত্তি কৰে। উল্লেখযোগ্য যে অনুষ্ঠানটিত ড০ ভূপেন হাজৰিকাৰ গীত বাঁহীৰ সুৰত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে হিতেশ্বৰ ৰায়ে। অনুস্পীয়াকৈ অনুষ্ঠিত অনুষ্ঠানটি সৰ্বাংঙ্গ সুন্দৰ হোৱা বুলি উপস্থিত সকলোৱে মন্তব্য কৰে ।
নিয়মীয়া বাৰ্তা, নামৰূপঃ নামৰূপৰ স্বৰগম ফাউণ্ডেশ্যন আৰু অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ নামৰূপ শাখাৰ উদ্যোগত আজি ভাৰত ৰত্ন, সংগীত সুৰ্য, সুধা কণ্ঠ ড* ভূপেন হাজৰিকাৰ চতুৰ্দশ সংখ্যক স্মৃতি দিৱসটো বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰি আদৰণি ভাষণ প্ৰদান কৰে স্বৰগম ফাউণ্ডেশ্যনৰ সচিব তথা নামৰূপ আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি স্মৃতি ৰেখা কলিতাই। লগতে সহযোগ কৰে আবৃত্তি আৰু সংস্কৃতি পৰিষদ নামৰূপ শাখাৰ সম্পাদিকা প্ৰেৰণা চেতিয়াই। স্বৰগমৰ শাস্ত্ৰীয় সংগীতৰ ছাত্ৰী অনন্যা বৰুৱাই আঁত ধৰা অনুষ্ঠানত শিল্পী গৰাকীৰ সৃষ্টি আৰু অৱদান সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ যুৱ সংসদৰ উপসভাপতি অনিতা গগৈয়ে। ইয়াৰ পিছতে ড*অমৰ জ্যোতি চৌধুৰীয়ে ভূপেন হাজৰিকাৰ মহা প্ৰয়ানত সৃষ্টি কৰা “এটা গান শেষ হ”ল” শীৰ্ষক গীতি কবিতাৰে অনুষ্ঠানৰ আৰম্ভ কৰা হয়। আবৃত্তি কৰে আবৃত্তি আৰু সংস্কৃতি পৰিষদ নামৰূপ শাখাৰ সদস্য সকলে। ইয়াৰ পিছতে স্বৰগমৰ কনিষ্ঠ শাখা আৰু উচ্চ শাখাৰ ছাত্ৰ ছাত্ৰী সকলে পৃথকে পৃথকে সমবেত কণ্ঠত ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে। আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সদস্যা সকলে সুধা কণ্ঠৰ “ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক” শীৰ্ষক গীতটো গীতি কবিতা হিচাপে আবৃত্তি কৰি সকলোকে আপ্লুত কৰে। আনহাতে আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ জয়পুৰ ক্ষুদ্ৰ শাখাৰ সদস্যাসকলে সৃষ্টিশীল নৃত্য পৰিবেশন কৰে। অনুষ্ঠানত স্বৰগমৰ ছাত্ৰী ক্ৰমে লুইচা বৰগোহাঁই, আৰুচি দাস, আৰু দৃষ্টি পাটোৱাৰীয়ে একক ভাবে ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে। অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিৰ একেষাৰ অনুষ্ঠানত কবি মামণি বৰকাকতিয়ে মতামত প্ৰকাশ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে।