নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুতিথিত হোজাই, ডিব্ৰুগড়, নলবাৰী, চৰাইদেউ, বাসুগাঁও, নগাঁও, নাহৰকটীয়া, ধিং, মুছলপুৰ, জামুগুৰিহাট, নামৰূপতো ভূপেনদাক স্মৰণ

হোজাই জিলা প্ৰশাসনৰ উদ্যোগত ভূপেন হাজৰিকাৰ ১৪ সংখ্যাক মৃত‌্যু দিৱস
নিয়মীয়া বাৰ্তা, লংকাঃ আজি,৫ নবেম্বৰ তাৰিখে, সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ১৪ সংখ্যক মৃত্যু তিথিৰ দিনটোত হোজাই জিলাৰ আকাশে, বতাহে গুঞ্জৰিত হ’ল বিশ্ববিশ্ৰুত, মহান শিল্পীগৰাকীৰ অমৰ সৃষ্টি গীত “মানুহে মানুহৰ বাবে, যদিহে অকনো নেভাবে “। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু হোজাই জিলা প্ৰশাসন আৰু বিভিন্ন সামাজিক সংগঠনৰ সহযোগত জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰস্থিত কাছাৰী ময়দানত আজি  বিশ্ববৰেণ্য, সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাজিৰঙা সংসদীয় সমষ্টিৰ  সাংসদ  কামাখ্যা প্ৰসাদ তাছা,হোজাই  আৰু লামডিঙ সমষ্টিৰ বিধায়কদ্বয় ৰামকৃষ্ণ ঘোষ,  শিবু মিশ্ৰ, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী সম্বলিতে আমন্ত্ৰিত অতিথি সকলে কাৰ্যসূচীৰ আৰম্ভণিতে বৃক্ষ ৰোপণ কৰে । ইয়াৰ পাছতেই বিশ্ববৰেণ্য শিল্পী ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলিৰে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। কাৰ্যসূচীৰ উদ্বোধনী ভাষণত, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে মহান শিল্পীগৰাকীৰ আদৰ্শ,বহুমুখী প্ৰতিভা আৰু সমাজ জীৱনত আগবঢ়াই যোৱা তেওঁৰ অতুলনীয় অৱদানৰ বিষয়ে আলোকপাত কৰে। সমান্তৰালকৈ মুখ্য অতিথি, সাংসদ কামাখ্যা প্ৰসাদ তাছা,হোজাই আৰু লামডিং সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰই  শিল্পীগৰাকীৰ কৰ্মৰাজী আৰু আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত চমুকৈ বক্তব্য দাঙি ধৰে। আজিৰ অনুষ্ঠানৰ মূল কাৰ্যসূচী ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত  “মানুহে মানুহৰ বাবে” শীৰ্ষক গীতটি সাত হাজাৰৰো অধিক সংখ্যক লোক সমবেত হৈ একেলগে মানৱ শৃংখল সৃষ্টি কৰি সমস্বৰে পৰিবেশন কৰে । ইয়াৰ পূৰ্বে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ বিভিন্ন নিৰ্বাচিত গীতৰ প্ৰায় ১৭ মিনিট দৈৰ্ঘ্যৰ এক সংমিশ্ৰিত গীত উপস্থিত কেইবা শতাধিক মহিলাই পৰিবেশন কৰি অনুষ্ঠানটিক অধিক আকৰ্ষণীয় আৰু জিপাল কৰি তোলে। অনুষ্ঠানত, শিল্পীগৰাকীৰ বিষয়ত অনুষ্ঠিত হোৱা মুকলি ৰচনা প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰা হয়। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়াই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ড° ভূপেন হাজৰিকা অনুৰাগী হোজাই জিলাবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়ত্ৰী, চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ বিষয় ববীয়া আৰু স্থানীয় ৰাইজ স্বত্বস্ফূৰ্তভাৱে অংশ গ্ৰহণ কৰি এক অনন্য মাত্ৰা প্ৰদান কৰে।
ডিব্ৰুগড়ত ড° ভূপেন হাজৰিকাক ১৪তম মৃত্যু বৰ্ষপূৰ্তি, ৫,০০০ কণ্ঠই চৌকিডিঙীত জনালে শ্ৰদ্ধাঞ্জলি
বিশেষ বাৰ্তা, ডিব্ৰুগড়ঃ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ১৪তম মৃত্যু বাৰ্ষিকীত আজি ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত প্ৰায় ৫,০০০ লোকে সমূহীয়াভাৱে ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰে।ডিব্ৰুগড় জিলা প্ৰশাসন আৰু সাংস্কৃতিক বিভাগৰ যুটীয়া উদ্যোগত আয়োজিত এই অভূতপূৰ্ব সংগীতানুষ্ঠানত বিভিন্ন বয়সৰ অংশগ্ৰহণকাৰীয়ে একত্ৰিত হৈ কিংবদন্তি সংগীতজ্ঞৰ অমৰ সৃষ্টি “মানুহে মানুহৰ বাবে” গীতটি পৰিৱেশন কৰা দৃশ্যই সকলোকে সন্মোহিত কৰি তোলে।আজিৰ এই বৃহৎ সমাৱেশে এক আবেগিক পৰিৱেশ সৃষ্টি কৰিছিল।বিভিন্ন স্থানৰ পৰা অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু বয়সস্থ নাগৰিকে একেলগে গীত গাই  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।অনুষ্ঠানটোৱে ড° হাজৰিকাৰ সংগীতৰ শাশ্বত আকৰ্ষণ আৰু অসমীয়া সংস্কৃতিৰ ওপৰত তেওঁৰ স্থায়ী প্ৰভাৱ নিচ্ছিত ভাবেই প্ৰদৰ্শিত হৈছিল। অসমৰ শক্তি মন্ত্ৰী আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, মেয়ৰ সৈকত পাত্র, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা, জিলা উপায়ুক্ত বিক্ৰম কৈৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকনে কয়, “ড° ভূপেন হাজৰিকাৰ সংগীতৰ পৰিসীমা আজি অতিক্ৰম কৰিছে।আজিৰ এই সমাৱেশে তেওঁৰ মানৱতা আৰু কৰুণাৰ বাৰ্তাই কেনেকৈ সমাজৰ সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰি ৰাখিছে সেয়া প্ৰদৰ্শন কৰিছে বুলিও উল্লেখ কৰে। মেয়ৰ সৈকত পাত্রই এই বৃহৎ সমাৱেশ দেখি তেওঁৰ আবেগ প্ৰকাশ কৰি কয় যে- “৫,০০০ কণ্ঠ, য’ত সৰু কণ কণ ল’ৰা-ছোৱালীয়েও একেলগে ‘মানুহে মানুহৰ বাবে’ গীতটি গাই থকা দেখাটো ভূপেন দাৰ স্থায়ী অৱদানৰ প্ৰমাণ। তেওঁৰ গীতসমূহ অসমৰ সাংস্কৃতিক হৃদস্পন্দন হৈ ৰৈছে আৰু ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি ৰাখিব,” বুলি তেওঁ কয়। জিলা উপায়ুক্ত বিক্ৰম কৈৰীয়ে কয়, “এই সমূহীয়া শ্ৰদ্ধাঞ্জলিয়ে ভৱিষ্যত প্ৰজন্মৰ পাৰস্পৰিক সন্মান আৰু সহানুভূতিৰ ওপৰত গঢ়ি উঠা এক সন্মিলিত সমাজ।ড° হাজৰিকাৰ দৃষ্টিভংগীৰ সৈতে সদায়েই সংপৃক্ত হৈ থাকিব।এনেধৰণৰ অনুষ্ঠানসমূহে তেওঁৰ আত্মাক জীয়াই ৰখাত সহায় কৰিব। আজি শ্ৰদ্ধাঞ্জলিৰ আয়োজনৰ শুভাৰম্ভ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা আৰম্ভ হয়।য’ত মন্ত্ৰী প্ৰশান্ত ফুকন, জিলা উপায়ুক্ত বিক্ৰম কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, আৰু কেইবাগৰাকী প্ৰশাসনিক বিষয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিষয়াসকলে আজি উপায়ুক্ত কাৰ্যালয় চৌহদত স্থাপিত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ আগত ফুলৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰু বন্তিৰ প্ৰজ্বলনৰে দিনটোৰ গাম্ভীৰ্য্যময় কাৰ্যসূচীৰ আৰম্ভ কৰে।চৌকিডিঙী খেলপথাৰত পাচঁ সহস্ৰাধিক লোকৰ সৰ্ববৃহৎ সাংস্কৃতিক সমাৱেশৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে।
নলবাৰী গৰ্ডন ফিল্ডত ৭ সহস্ৰাধিক অনুৰাগীয়ে পৰিবেশন কৰিলে “মানুহে মানুহৰ বাবে
নিয়মীয়া বাৰ্তা, নলবাৰীঃ মহান ব্যক্তিত্বৰ অধিকাৰী ড° ভূপেন হাজৰিকা। সাহিত্য, সংগীত, কলা-সংস্কৃতি আদিত অসীম জ্ঞান আছিল ড° হাজৰিকাৰ। ড° ভূপেন হাজৰিকাৰ প্ৰতিটো গীতটে আমি অসমীয়া জাতিক বিছাৰি পাও।”-এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ভাৰত ৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্থদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আজি নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ড° ভূপেন হাজৰিকাৰ ব্যক্তিত্ব আৰু প্ৰতিভা সুন্দৰ ভাৱে ব্যক্ত কৰে। অসমীয়া জাতি জীয়াই থকালৈকে ড° হাজৰিকা অসমীয়াৰ বুকুত জীয়াই থাকিব বুলি কয় মন্ত্ৰী বৰুৱাই। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৌজন্যত নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নলবাৰী বাসী ৰাইজৰ সহযোগত বিয়লি ৪ বজাত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ আৰম্ভনীতে আদৰণি ভাষণ দিয়ে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে। আদৰণি ভাষণ আয়ুক্ত দাসে কয়-ড° ভূপেন হাজৰিকা এগৰাকী মানৱতাবাদী লোক আছিল। মানৱতাক প্ৰতিষ্ঠা কৰাই হাজৰিকাৰ গীতৰ মূল লক্ষ্য আছিল। বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই আঁ‌ত ধৰা অনুষ্ঠানটিত একেলগে প্ৰায় ৭ সহস্ৰাধিক অনুৰাগীয়ে ড° হাজৰিকাৰ অমৰ সৃষ্টি “মানুহে মানুহৰ বাবে–“গীতটি পৰিবেশন কৰে। ইয়াৰ পূৰ্বে নলবাৰী প্ৰায় ত্ৰিশ গৰাকী উদীয়মান শিল্পীয়ে একেলগে ভূপেন হাজৰিকাৰ গীত সমুহ লগ লগাই এটি “থিম চং”পৰিবেশন কৰে। অনুষ্ঠানত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক, পৌৰপতি, জিলা পৰিষদৰ অধ্যক্ষ, জিলা বিজেপিৰ সভাপতিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সাহিত্য সভাৰ উদ্যোগত চৰাইদেউত সুধাকণ্ঠক স্মৰণ
বিশেষ বাৰ্তা, সোণাৰি : সমগ্ৰ ৰাজ্যখনৰ লগতে আজি চৰাইদেউ জিলা সাহিত্য সভা আৰু বিভিন্ন শাখা সাহিত্য সভাসমুহে জিলাখনৰ বিভিন্ন প্ৰান্ততঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১৪ সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন কৰে। চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত, সোণাৰি শাখা সাহিত্য সভা আৰু শান্তিপুৰ শাখা সাহিত্য সভাৰ সহযোগত সোণাৰি নগৰস্থিত চৰাইদেউ জিলা সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপন কৰা হয় । অনুষ্ঠানত চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি মুকুট বৰগোহাঁই, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া ভীমবৰ পাতিৰি, জিলা সাহিত্য সভাৰ সম্পাদক বিপুল বৰুৱাকে ধৰি বহুকেইজন জিলা সাহিত্য সভাৰ বিষয়ববীয়া আৰু সোণাৰি শাখা আৰু শান্তিপুৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ উপস্থিত থাকি ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ জীৱন-কৰ্ম সন্দৰ্ভত আলোকপাত কৰে।  আনহাতে, বিশ্ৰামপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু অৰিয়েণ্টে লাইব্ৰেৰীৰ সহযোগত মাহমৰা মাণিকীৰ অৰিয়েণ্ট লাইব্ৰেৰী প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠক স্মৰণ কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰ পাছতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰা হয় । দুপৰীয়া ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ড° ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰা হয়। অনুষ্ঠানত চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিৰঞ্জন ফুকন, অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয়া বৰুৱা, বিশ্ৰামপুৰ শাখা সাহিত্য সভাৰ সভাপতি জ্যোতিৰ্ময় গগৈ, সম্পাদক দাদুল বৰুৱা, জিলা প্ৰতিনিধি দ্বিপেন কুমাৰ বৰুৱা, অৱণী বৰুৱা, গোপেশ বৰুৱা, অৰিয়েণ্ট লাইব্ৰেৰীৰ সভাপতি মদন ফুকন, সম্পাদক পঞ্চপল্লৱ বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল। দিৰৈ শাখা সাহিত্য সভাৰ উদ্যোগতো দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ স্মৰণ কৰা হয় । ৰামনগৰ গাঁঢবাসীৰ সহযোগত ৰামনগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা দিৰৈ শাখা সাহিত্য সভাৰ সভাপতি সঞ্জয় নেৱাৰে পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পণ কৰে বিশিষ্ট সমাজকৰ্মী মহেশ চেতিয়াই। ডিপ্লিং তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক কৈলাশ গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত প্রতিযোগিতা উদ্বোধন কৰাৰ পাছত দুপৰীয়া সভাপতি সঞ্জয় নেৱাৰৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক বুধিন গগৈয়ে  উদ্বোধন কৰা কৰা মুকলি সভাত চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি মুকুট বৰগোঁহাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাত শাখাৰ মুখপত্ৰ ‘দিৰৈ কণ্ঠ’ উন্মোচন কৰে বিশিষ্ট কবি ডাঃ নিৰঞ্জন দাসে ৷

 

জৰেগাঁৱত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন: গীতে-মাতে মুখৰ পৰিবেশ

নিয়মীয়া বাৰ্তা, বাসুগাঁওঃ বিশ্ববৰেণ্য সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস অন্যান্য ঠাইৰ লগতে জৰেগাঁৱতো পালন কৰা হয় । জৰেগাঁও হৈছে কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত। জৰেগাঁও কিৰণ সংঘৰ উদ্যোগত ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰে গাঁৱৰ বিশিষ্ট বয়োজেষ্ঠ ব্যক্তি চণ্ডীচৰণ ৰায় আৰু অবিনাশ ৰায়ে । মাল্যৰ্পন কৰে সমাজকৰ্মী-বয়োজেষ্ঠ ব্যক্তি সিদ্ধেশ্বৰ ৰায়। ড০ ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তিত গামোচা আৰু ফুলৰ মালা পৰিধান কৰি দিয়ে অঞ্চলৰ বিশিষ্ট কণ্ঠশিল্পী, ভূপেন হাজৰিকা প্ৰেমী কলেন ৰায়ে। গছপুলি ৰোপণ কৰে সমাজ কৰ্মী জগদীশ ৰায়। ইয়াৰ পিছত জৰেগাঁও কিৰণ সংঘৰ সভাপতি ভৃগু মুনি ৰায়ে আঁতধৰা অনুষ্ঠানটিত একাদিক্ৰমে কলেন ৰায়, বিশিষ্ট সমাজকৰ্মী চণ্ডীচৰণ ৰায়, সমাজকৰ্মী শিল্পী কোকৰাঝাৰ নিৱাসী নৃপেন চন্দ্ৰ ৰায় আদিয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জীৱনাদৰ্শৰ ওপৰত চমু বক্তব্য দাঙি ধৰে। গীত পৰিৱেশন কৰে কণমানি গ্ৰুপ দল, জান, অনিমেষ, নীলাক্ষী ৰায়, জোনমনি শৰ্মা, কনকন ৰায়, সঞ্জয় ৰায়, বিনোদ ৰায়ৰ উপৰি দ্বীপজ্যোতি ৰায়, জুপিতৰা ৰায়ে কবিতা আবৃত্তি কৰে। উল্লেখযোগ্য যে অনুষ্ঠানটিত ড০ ভূপেন হাজৰিকাৰ গীত বাঁহীৰ সুৰত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে হিতেশ্বৰ ৰায়ে। অনুস্পীয়াকৈ অনুষ্ঠিত অনুষ্ঠানটি সৰ্বাংঙ্গ সুন্দৰ হোৱা বুলি উপস্থিত সকলোৱে মন্তব্য কৰে ।

নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপন
বিশেষ বাৰ্তা, নগাঁওঃ জনতাৰ শিল্পী সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ বৰ্ষজোৰা জন্ম জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগিতাত জিলাখনৰ ঐতিহ্যমণ্ডিত নেহৰুবালি খেলপথাৰত সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগ আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত কৰা হয়। আজিৰ পুৱাবেলাতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা চহৰখনৰ বিভিন্ন স্থানত সংস্থাপিত স্থিৰ অনুভাষ যন্ত্ৰৰ যোগেৰে তেখেতৰ কালজয়ী, যুগমীয়া চিৰসেউজ গীত সমূহ প্ৰচাৰ কৰা হয় ।ইয়াৰ পিছতেই নেহৰুবালিত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানৰ প্ৰথমেই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সন্মানীয় মন্ত্ৰী  কেশৱ মহন্তকে প্ৰমুখ্য কৰি সভাত উপস্থিত বিশিষ্ট অতিথি সকলে । ইয়াৰ পিছতেই অনুষ্ঠানস্থলীত DELPHICS International  আৰ্ট গোষ্টীৰ চিত্ৰ শিল্পীসকলে অংকন কৰা অনুষ্ঠানটি উন্মোচন কৰে। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত জিলাখনৰ দুগৰাকী বিশিষ্ট শিল্পী ৰতি মোহন নাথ আৰু ৰঞ্জন বেজবৰুৱাক সুধাকণ্ঠৰ স্মাৰক মুদ্ৰাৰে সম্বৰ্ধনা জনোৱা হয়। নগাঁও জিলাক প্ৰতিনিধিত্ব কৰি গুৱাহাটীত ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষ অনুষ্ঠানত গীত পৰিবেশন কৰা শিল্পী সকলক সম্বৰ্ধনা জনোৱা হয় আৰু উক্ত  শিল্পী সকলে অনুষ্ঠানত সুধাকণ্ঠৰ গীত (মেডলী) পৰিবেশন কৰে। অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মাই আয়ুক্ত গৰাকীয়ে ভাষণত অসমীয়া গীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত সুধাকণ্ঠ গৰাকীৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে । নৱ প্ৰজন্মক সুধাকণ্ঠ গৰাকীৰ অমৰ সৃষ্টিৰাজীৰ সংৰক্ষণ আৰু প্ৰচাৰত আগভাগ লবলৈ আহ্বান জনায় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে মুখ্যমন্ত্ৰী ড : হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উৎসৱ বছৰযোৰা কাৰ্যসূচীৰে ৰূপায়ন কৰিছে। ইয়াৰ জৰিয়তে জাতিটোক পুনৰ  উজ্জীৱিত কৰাৰ প্ৰয়াস কৰা হৈছে। জাতি গঠন প্ৰক্ৰিয়া আৰু জাতিৰ সন্ধিক্ষণৰ সময়ত অসমত কিছু কিছু মহান মানুহৰ জন্ম হয় । বৃটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিবলৈ মণিৰাম দেৱান ,পিয়লি ফুকনৰ দৰে মানুহ আছিল। আনন্দৰাম ঢেকিয়াল ফুকন ,আনন্দৰাম বৰুৱা আদি বৰেণ্য ব্যক্তিৰ কথা উল্লেখ কৰি মন্ত্ৰী মহন্তই কয় যে চন্দ্ৰ কুমাৰ আগৰৱালা ,লক্ষ্মীনাথ বেজবৰুৱা ,হেমচন্দ্ৰ গোস্বামী আদিয়ে অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ হকেকাম কৰিছিল। এটা সময়ত আমাৰ ভাষা গুচি গৈছিল।কিন্তু এই সকল মহান মনিষীয়ে যুজি যুজি অসমত পুনৰ অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিছিল। বিংশ শতিকাত বিষ্ণুপ্ৰসাদ ৰাভা ,জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছত ড: ভূপেন হাজৰিকাই অসমীয়া ভাষা ,সাহিত্য, সংস্কৃতিক আকৌ নতুন ৰূপ দি চহকী কৰিলে। এশ বছৰৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা ,জ্যোতিপ্ৰসাদ আগৰৱালা, ড: ভূপেন হাজৰিকাক পোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ভুপেন হাজৰিকাৰ গীতে সদায়েই জাতিটোক উজ্বীবিত কৰি আহিছে।তেওঁ জাতিটোক গীতৰ জৰিয়তে সাৱধান বাণী শুনাই গৈছে।ভবিষ্যত আৰু অতীতৰ কথা কৈছে। তেওঁ আছিল এজন জাতীয় নায়ক। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই যোৱাৰ কথা উল্লেখ কৰি মহন্তই কয় ড:ভূপেন  হাজৰিকাই আজিও অসমীয়া জাতিক সজীৱ কৰি ৰাখিছে ।সভাত ভাষণ প্ৰদান কৰি নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা কয় যে, সুধাকণ্ঠ গৰাকীয়ে আজিৰ পৰা ৫০ বছৰ আগতে ৰচনা কৰা গীত সমূহৰ কথা আজি সত্য প্ৰমাণিত হৈছে । বিধায়ক গৰাকীয়ে সুধাকণ্ঠ গৰাকীৰ অমৰ সৃষ্টি “মানুহে মানুহৰ বাবে” শীৰ্ষক গীতটি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মানৱতাৰ গীত হিচাপে স্বীকৃতি দিবৰ বাবে ৰাষ্ট্ৰ সংঘত কৰা আবেদনৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে ।ইয়াৰ পিছতেই আজিৰ অনুষ্ঠানৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয় । জিলাখনৰ বিভিন্ন বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু জিলাবাসী প্ৰায় পাঁচ সহস্ৰাধিকৰো অধিক লোকে মানৱ শৃংখল জৰিয়তে একেস্বৰে পৰিৱেশন কৰা জনতাৰ শিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ কালজয়ী “মানুহে মানুহৰ  বাবে” শীৰ্ষক গীতটিয়ে সমগ্র নেহৰুবালিৰ বাকৰিত মানৱতাৰ সুৰৰ ঝংকাৰৰে মুখৰিত কৰি তোলে। আজিৰ এই সভাত  বিধায়ক ক্ৰমে দিপ্লু ৰঞ্জন শৰ্মা, শশীকান্ত দাস, জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, পৌৰ সভাৰ সভানেত্ৰী  অম্বিকা মজুমদাৰ, জিলা উন্নয়ন আয়ুক্ত  দেৱযানী চৌধুৰী, পৌৰ সভাৰ উপ সভাপতি সীমান্ত বৰা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, সমাজকৰ্মী অভিজিত নাথ, ৰঞ্জিত বৰদলৈকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, ছাত্ৰ-ছাত্ৰী সকল ,স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকল আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
নাহৰকটীয়া সমজিলাৰ উদ্যোগত ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী পালন 
বিশেষ বার্তা, নাহৰকটীয়াঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা নাহৰকটীয়া সমজিলা প্ৰশাসনৰ সহযোগত আজি ধাদুমীয়া গাওঁ পঞ্চায়তৰ গাওঁসভা ভৱনত ড০ ভূপেন হাজৰিকাৰ চতুৰ্থশ মৃত্যু বাৰ্ষিকী পালন কৰা হয়। নাহৰকটীয়া সমজিলাই আয়োজন কৰা এই মৃত্যু বাৰ্ষিকীত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু সমজিলাৰ আয়ুক্ত বিৰাজ বৰুৱাই। সমজিলাৰ আয়ুক্ত গৰাকীয়ে আদৰণী ভাষণ প্ৰদান কৰা পিছতেই জুবলি মিউজিক ক্লাৱ আৰু নামৰূপ সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা এটি সমবেত সংগীত পৰিৱেশন কৰা হয়। একেদৰে নাহৰকটীয়া অঞ্চলৰ পাঁচশ পুৰুষ-মহিলাই হাতে হাত ধৰি “মানুহে মানুহৰ বাবে” শীৰ্ষক গীতটো পৰিৱেশন কৰি শিল্পী গৰাকীৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে এই অনুষ্ঠানটোতে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে সুধাকণ্ঠ গৰাকীক সুঁৱৰি ভাষণ প্ৰদান কৰে। চতুৰ্দশ মৃত্যু বাৰ্ষিকী এই অনুষ্ঠানটোত ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ, বাঁহ শিল্পী ত্ৰিদিপ মহন্ত, নাহৰকটীয়া খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈ, অভিযন্তা বিবেক গগৈ, নাহৰকটীয়া পৌৰসভাৰ পৌৰপতি পম্পী সাহা, সমজিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা মানস দেৱনাথকে প্ৰমুখ্য কৰি স্থানীয় বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
ধিঙত  সুধাকণ্ঠ ৰ মৃত্যু তিথি উদযাপন, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি 
নিয়মীয়া বাৰ্তা, ধিংঃ নগাঁও জিলাৰ ধিঙৰ উদয়ন সংঘৰ উদ্যোগত  সুধাকণ্ঠ ড° ভূপেন হাজৰিকা মৃত্যু তিথি উপলক্ষে আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা উদ্দেশ্য  আজি সংঘৰ খেল পথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী লগতে ৩৭ বৰ্ষ পূৰ্ণাঙ্গ নাটক অনুষ্ঠিত কৰা হয় ৷ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত উদয়ন সংঘৰ পতাকা  উত্তোলন কৰে সংঘৰ সভাপতি ড° জোনাৰাম নাথে আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে পংকজ বৰদলৈয়ে লগে লগে  ৩৭ খন পতাকা বৃহত্তৰ ধিং অঞ্চলৰ ছাত্ৰ- ছাত্ৰীৰ দ্বাৰা পতাকা উত্তোলন কৰা হয় ৷লগতে সমৱেত সংগীত বীণা নাথৰ পৰিচালনাত সংঘৰ জীয়াৰী বোৱাৰী সকলে পৰিৱেশন কৰে ৷স্মৃতি তৰ্পন কৰে উদয়ন সংঘৰ প্ৰতিষ্ঠাপক সভাপতি অনিল দেৱ নাথে, শ্বহীদ তৰ্পন কৰে দিনেশ নাথে আৰু পাঠ পৰিৱেশন কৰে বোধেন নাথে৷ প্ৰায় ২০ টা নাহৰ পুলি সংঘৰ খেল পথাৰ চৌহদত বিশিষ্ট ব্যক্তি তথা বটদ্ৰৱা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত পোখৰেল, ধিং মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক গোবিন ভৰালী,কংকন জ্যোতি নাথ,, ধিং বিদ্যুত উপ সংমণ্ডলৰ  এচ ডি অ’ মঞ্জুল হক আদিৰ  দ্বাৰা ৰোপন কৰা হয় ৷শান্তি বাৰ্তা প্ৰেৰন কৰে গাওঁ প্ৰধান মৃদুল শইকীয়াই৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণকৰে নগাঁও বাণিজ্য মহাবিদ্যালয় অধ্যক্ষ মৃগাংক শইকীয়াই ৷ আনহাতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই আৰু উপষ্ঠিত সকলো ৰাইজে মায়াবিনী গীতটো পৰিৱেশন কৰে ৷ ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সমাজ সেৱক তথা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি গকুল চ্ন্দ্ৰ গোস্বামীয়ে ৷ নিশা ৮ বজাৰ পৰা অনুপ ওজা পৰিচালনাৰে অভিজিত ভট্টাচাৰ্যৰ পূৰ্ণাঙ্গ নাট “মোৰ  তেজ মোৰ মৰম” মঞ্চস্হৰে  অনুষ্ঠান সামৰণি পৰিব বুলি উদয়ন সংঘৰ সম্পাদক যাদৱ নাথে জনাইছে।
মুছলপুৰৰ জিলা প্ৰশাসনৰ উদ্যোগত সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী পালন
বিশেষ বাৰ্তা, মুছলপুৰঃ ৰাজ্যৰ আন জিলাৰ দৰে বাক্সা জিলাতো আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ সংখ্যক মৃত্যুবাৰ্ষিকী পালন কৰা হয়। অসম চৰকাৰৰ আহ্বানত আৰু বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হৈছে এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে। সুধাকন্ঠ ড◦ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ মন্ত্ৰী চৰন বড়োৱে। অনুষ্ঠানটিৰ আৰম্ভনিতে পোন্ধৰ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে সুধাকণ্ঠৰ বহুকেইটি অমৰ সৃষ্টিক সন্মিলীতভাৱে সমৱেত সংগীত শৈলীৰে পৰিৱেশন কৰা হয়। ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে ড° ভূপেন হাজৰিকাৰ জীৱিত কালত সৃষ্টি কৰি অহা কাৰ্য সমুহ ব্যাখ্যা কৰে। তেওঁৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হ’বলৈ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। ইয়াৰ পূৰ্বে জিলা আয়ুক্ত গৌতম দাসে জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ সংখ্যক মৃত্যু বাৰ্ষিকী সন্দৰ্ভত ভাষণ আগবঢ়ায়। পোন্ধৰ খন শিক্ষানুষ্ঠানৰ তিনি হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে সুধাকণ্ঠৰ অমৰ সৃষ্টি “মানুহে মানুহৰ বাবে” গীতটো একেলগে পৰিৱেশন কৰে। অনুষ্ঠানটিত বাক্সা জিলা আয়ুক্ত গৌতম দাস , বাক্সা জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতীম বৰুৱাৰ লগতে বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য আগষ্টুচ টিগ্গা, জনস্বাস্থ্য কাৰীকৰি বিভাগৰ কাৰ্যবাহী সদস্য বেগম আখতাৰা আহমেদ, এমচিএলএ ৰেখা ৰাণী দাস বড়ো আদি উপস্থিত থাকে।
জামুগুৰিহাটতো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰণ
নিয়মীয়া বাৰ্তা, জামুগুৰিহাটঃ জামুগুৰিহাটতো আজি নদুৱাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী৷ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা সমন্বিতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,অভিভাৱক,বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেইবাশতাধিক লোকে হাতে হাত ধৰি ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিৱেশন কৰে৷ ইয়াৰ পূৰ্ৱে বাৰেচহৰীয়া ভাঁওনা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এখন সভাত বহুকেইগৰাকী শিল্পীয়েও প্ৰাণৰ শিল্পীগৰাকীৰ কেবাটাও কালজয়ী গীত পৰিৱেশন কৰে৷ ইয়াৰ উপৰিও জামুগুৰিহাটৰ অন্যতম অনুষ্ঠান শংকৰদেৱ শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ দিৱস উদযাপন কৰা হয়। ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহু প্ৰাংগনত পুৱা চাফাই অভিযান, বৃক্ষৰোপণৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ পাছত ধ্বজা উত্তোলন কৰে শংকৰদেৱ শিশু বিকাশ কেন্দ্ৰৰ মুখ্য উপদেষ্টা অৱসৰপ্ৰাপ্ত শিক্ষক গজেন দাসে। পুৱা ৯ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত মুল সভাৰ সভাপতিৰ আসন অলংকৃত কৰে পানপুৰৰ বাসুদেৱ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ দাসে।মুলসভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি জামুগুৰি হাটৰ যুব বক্তা প্ৰীঞ্জুম হাজৰিকাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন, সৃষ্টি, অবদানকে ধৰি সকলো দিশ সামৰি মনোজ্ঞ বক্তব্য প্ৰদান কৰে৷ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীত, নৃত্য পৰিৱেশন কৰে স্হানীয় বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰী আৰু যুৱ শিল্পীয়ে। উল্লেখ্য যে কালি সুধাকণ্ঠ দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা, চিত্ৰাংকন আৰু বিভিন্ন খেলা-ধুলাৰ প্ৰতিযোগিতা সমুহো অনুষ্ঠিত হৈ যায় । আজি বিয়লি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পাছতে অনুষ্ঠানৰ সামৰণি পৰে।
নামৰূপত  গীত  কবিতা নৃত্যৰে সুধাকণ্ঠৰ স্মৃতি দিৱস পালন
নিয়মীয়া বাৰ্তা, নামৰূপঃ নামৰূপৰ স্বৰগম ফাউণ্ডেশ্যন  আৰু অসম আবৃত্তি আৰু  সংস্কৃতি পৰিষদ নামৰূপ শাখাৰ উদ্যোগত  আজি ভাৰত ৰত্ন, সংগীত সুৰ্য, সুধা কণ্ঠ ড* ভূপেন হাজৰিকাৰ  চতুৰ্দশ সংখ্যক স্মৃতি দিৱসটো  বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰা হয়।  অনুষ্ঠানৰ আৰম্ভণিতে  মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰি আদৰণি ভাষণ প্ৰদান কৰে স্বৰগম ফাউণ্ডেশ্যনৰ সচিব তথা নামৰূপ আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি স্মৃতি ৰেখা কলিতাই।  লগতে সহযোগ কৰে আবৃত্তি আৰু সংস্কৃতি পৰিষদ নামৰূপ শাখাৰ সম্পাদিকা প্ৰেৰণা চেতিয়াই।  স্বৰগমৰ শাস্ত্ৰীয় সংগীতৰ ছাত্ৰী অনন্যা বৰুৱাই আঁত ধৰা অনুষ্ঠানত শিল্পী গৰাকীৰ সৃষ্টি আৰু অৱদান সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ  যুৱ সংসদৰ উপসভাপতি অনিতা গগৈয়ে।  ইয়াৰ পিছতে ড*অমৰ জ্যোতি চৌধুৰীয়ে  ভূপেন হাজৰিকাৰ মহা প্ৰয়ানত সৃষ্টি কৰা “এটা গান শেষ হ”ল” শীৰ্ষক গীতি কবিতাৰে অনুষ্ঠানৰ আৰম্ভ কৰা হয়। আবৃত্তি কৰে আবৃত্তি আৰু সংস্কৃতি পৰিষদ নামৰূপ শাখাৰ সদস্য সকলে।  ইয়াৰ পিছতে স্বৰগমৰ  কনিষ্ঠ শাখা আৰু উচ্চ শাখাৰ ছাত্ৰ ছাত্ৰী সকলে পৃথকে পৃথকে  সমবেত কণ্ঠত ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে।  আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সদস্যা সকলে  সুধা কণ্ঠৰ “ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক” শীৰ্ষক গীতটো  গীতি কবিতা হিচাপে আবৃত্তি কৰি সকলোকে আপ্লুত কৰে। আনহাতে আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ  জয়পুৰ ক্ষুদ্ৰ শাখাৰ সদস্যাসকলে সৃষ্টিশীল নৃত্য পৰিবেশন কৰে।  অনুষ্ঠানত স্বৰগমৰ ছাত্ৰী ক্ৰমে লুইচা বৰগোহাঁই, আৰুচি দাস, আৰু দৃষ্টি পাটোৱাৰীয়ে একক ভাবে ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে। অনুষ্ঠানত উপস্থিত  বিশিষ্ট ব্যক্তিৰ একেষাৰ অনুষ্ঠানত কবি মামণি বৰকাকতিয়ে মতামত প্ৰকাশ কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে।
You might also like