ধুবুৰী, বজালী, শিৱসাগৰ, বংশৰ, বকো, মৰিগাঁও, কাজলগাঁও, নাজিৰা, চৰাইদেউ, বিহালী, বোকাজান, চিচিবৰগাঁৱত সুধাকণ্ঠ বন্দনা
ধুবুৰীত সুধাকন্ঠৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ধুবুৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ল’গতে আজি ধুবুৰীতো গণশিল্পী, পদ্মশ্ৰী ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত সুধাকন্ঠৰ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হোৱা সেই কাৰ্যসূচীত শিল্পীগৰাকীৰ অলেগ অনুৰাগী উপস্থিত থাকে। আজিৰ সেই অনুষ্ঠানত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সৰ্বমুঠ পাঁচ হাজাৰ লোকে শিল্পীগৰাকীৰ কালজয়ী “মানুহ মানুহৰ বাবে” গীতটি পৰিৱেশন কৰে। মুখ্য অতিথি ৰূপে উপস্থিত থকা ধুবুৰীৰ নজৰুল হ’ক উপস্থিত থকা আজিৰ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল, ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, বিজেপিৰ ধুবুৰী সাংগঠনিক জিলাৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়, খ্যাতনামা কত্থক শিল্পী ইতিহাস ইনগ্ৰীড নন্দী প্ৰমুখ্যে বহু মান্যগণ্য ব্যক্তি উপস্থিত আছিল।
বজালীত সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যু দিৱস পালন
নিয়মীয়া বাৰ্তা, পাঠশালাঃ ভাৰত ৰত্ন, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কৰ্ম আৰু দৰ্শনে স্বাভাৱিকতে মহাপুৰুষ শংকৰদেৱৰ পৰা গীতৰ অনুসৰণ কৰাৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ১৯৫০ চনত আমেৰিকাত পঢ়ি থাকোতে পল ৰবচনৰ পৰা বিশ্ব মানৱতাৰ কথা বা দৰ্শন শিকা আদি সকলো বিষয়ক সামৰি লৈছিল৷ ভাৰত ৰত্নগৰাকীয়ে কেৱল অসমীয়াৰ কথা বা কেৱল ভাৰতীয়ৰ কথাই কোৱা নাছিল, তেওঁ কৈছিল বিশ্ব মানৱতাবাদৰ কথা, যাৰ পৰিপ্ৰেক্ষিততে ভাৰতৰ মাজেৰে বৈ থকা গাংগা আমাৰ মা বুলি কৈছিল, বাংলাদেশৰ মাজেৰে বৈ থকা পদ্দা আমাৰ মা বুলি কৈছিল৷ ধৰিত্ৰী আই মোৰ গানেৰে অসমৰ কৃষকৰ পৰা আৰম্ভ কৰি দুৰ্যোগৰ সময়ত জুয়ে পোৰা তিৰাশীৰ জৰিয়তে অসমৰ প্ৰতিটো জলন্ত বিষয়ক সংগীতৰ মাজেৰে মূৰ্ত কৰি তোলা ড৹ ভূপেন হাজৰিকাই আমি অসমীয়া, নহও দুখীয়াকে আদি কৰি প্ৰতিজন অসমীয়াই আমি ভাল ভাৰতীয়লৈকে সকলো নিজৰ গীতত সাঙুৰি লৈ যি জাতীয় সত্বা আৰু ৰাষ্ট্ৰীয় সত্বা দেখুৱাই গ’ল সেইগৰাকী সুধাকণ্ঠৰ জীৱন আৰু আদৰ্শ গ্ৰহণ কৰিলে প্ৰতিগৰাকী ব্যক্তি, প্ৰতিগৰাকী নাগৰিক লাভৱান হব৷” এই মন্তব্য ৰাজ্যৰ অন্যতম কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ বছৰযোৰা জয়ন্তীৰ লগত সংগতি ৰাখি আজি বজালী জিলা প্ৰশাসনৰ সৌজন্যত ভাৰত ৰত্নগৰাকীৰ চতুৰ্দশ মৃত্যু দিৱস পালন কৰা হয়৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি পুৱা এঘাৰ বজাত সুধাকণ্ঠৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছতে এক গ্ৰেণ্ড কোৰাছত জিলাখনৰ ২৯ গৰাকী নিৰ্বাচিত সংগীত শিল্পীৰ দ্বাৰা ১৭ মিনিট দৈৰ্ঘ্যৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ মেডলী পৰিবেশন কৰা হব৷ ইয়াৰ পিছত জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে আদৰণি ভাষণ প্ৰদান কৰা আৰু চলচিত্ৰ পৰিচালক তথা নাট্যকাৰ নিৰ্মল দাসে আঁত ধৰা অনুষ্ঠানত অসম চৰকাৰৰ জেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উক্ত মন্তব্য কৰাৰ লগতে সুধাকণ্ঠৰ জীৱন আৰু আদৰ্শ সন্দৰ্ভত বিশেষভাৱে ভাষণ প্ৰদান কৰে৷ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ, বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীকে আদি কৰি বজালীৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি, চৰকাৰী বিষয়া তথা অঞ্চলটোৰ প্ৰতিখন শিক্ষানুষ্ঠানৰে শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানটোত দুপৰীয়া বাৰ বজাৰ লগে লগে তিনি হাজাৰ অংশগ্ৰহণকাৰীৰে মানৱ শৃংখল গঢ়ি সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে শীৰ্ষক কালজয়ী গীতটি সমূহীয়াভাৱে পৰিবেশন কৰা হয় আৰু ইয়াৰ পিছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে৷
শিৱসাগৰত ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু দিৱস উপলক্ষে সমন্বয় দিৱস পালন
বিশেষ বাৰ্তা , নাজিৰা : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা নাজিৰা সমজিলা প্ৰশাসনৰ সহযোগত আজি নাজিৰা মহাবিদ্যালয় খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি ইতিপূৰ্বে বিগত আঠ ছেপ্টেম্বৰত তেখেতৰ জন্মবাৰ্ষিকী অনুষ্ঠানত পৰিৱেশন কৰা গীতৰ মেডলীটোৰে অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, নাজিৰা সমজিলা আৰক্ষী বিষয়া তুষাৰ দেশাই, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ সভানেত্ৰী ক্ৰমে বৰ্ণালী চেতিয়া আৰু কবিতা মেচ। ইয়াৰ লগতে ভূপেন হাজৰিকাৰ আত্মীয় অজিৎ হাজৰিকাও আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে।
ইয়াৰ পিছতে নাজিৰা সমজিলাৰ নবীন-প্ৰবীণ শিল্পী, ছাত্ৰ-ছাত্ৰী, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, সংবাদ কৰ্মী আৰু গৰিষ্ঠ সংখ্যক সংস্কৃতিপ্ৰেমী জনগণেকে সাঙুৰি বহু লোকে মানৱশৃংখল সৃষ্টিৰে সুধাকণ্ঠৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিৱেশন কৰে। আজিৰ এই অনুষ্ঠানত নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামে উপস্থিত সকলোকে সম্বোধন কৰি আদৰণি ভাষণ আগবঢ়াই। তদুপৰি টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইয়ে মুখ্য অতিথি ভাষণ প্ৰদান কৰে।