নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক মুখ্য তথ্য় আয়ুক্তৰ পৰা পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ…

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তই এৰিলে ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ। মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ পিছতে এই সিদ্ধান্ত লৈ ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ৰাজ্যপাললৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ।

উল্লেখ্য যে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্যজনক মৃত্যুৰ পাছতে শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো আৰ টি আই আবেদন দাখিল কৰা হৈছিল। এই আৰ টি আই আবেদনলৈ লক্ষ্য ৰাখি ৰাজ্যিক মুখ্য তথ্য় আয়ুক্তৰ পৰা পদত্যাগ কৰিবলৈ ভাস্কৰজ্যোতি মহন্তক পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ এই পৰামৰ্শ মানিয়েই ভাস্কৰজ্যোতি মহন্তই এই সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যপাললৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ।

You might also like