নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : ৰাজ্যত বনৰীয়া হাতীৰ আক্ৰমণত মানুহৰ মৃত্যুৰ ঘটনা সংঘটিত হৈ অহাৰ পিছত এইবাৰ জীৱশ্ৰেষ্ঠৰ ফান্দত পৰি মৃত্যুবৰণ কৰিবলগীয়া হ’ল এটি বনৰীয়া হাতীয়ে।
চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৩নং দাৰাংগাত তামোল বাগান ৰক্ষাৰ বাবে নিজাববীয়াকৈ স্থাপন কৰা বৈদ্যুতিক তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ নিহত হয় এটি দঁতাল হাতী। নিশা ৩নং দাৰাংগাৰ বাসিন্দা সোমবাৰু বসুমতাৰীৰ পুত্ৰ মিজিং বসুমতাৰীৰ লগতে চুবুৰীয়া মাংৰা বসুমতাৰীয়ে তামোল বাগানত স্থাপন কৰা বৈদ্যুতিক তাঁৰত সংঘটিত হয় এই দুৰ্ঘটনাটো।
ঘটনা সন্দৰ্ভত বিজনী বন বিভাগৰ লগতে বিজনী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। উক্ত অঞ্চলত প্ৰায় প্ৰতিদিনে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ওলাই আহি ৰাইজৰ ক্ষতিসাধন কৰি আহিছে। এই ক্ষতিৰ পৰা পৰিত্ৰাণ পাবলৈ বৈদ্যুতিক তাঁৰ স্থাপন কৰাছিল বুলি জানিব পৰা গৈছে।