নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলমান ৰাইজক সমূহীয়া নামাজ বৰ্জন কৰিবলৈ আহ্বান বিজেপি সংখ্যালঘু মৰ্চাৰ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ সাম্প্ৰতিক সময়ত দেশত মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ মুছলমান ৰাইজক মছজিদত সমূহীয়া নামাজৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক তবিবৰ ৰহমানে | এক প্ৰেছ বিজ্ঞপ্তি যোগে সোমবাৰে ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে যে, একমাত্ৰ সাৱধানতা, সতৰ্কতা আৰু সজাগতাই আমাৰ দৰে দেশৰ নাগৰিকক সুৰক্ষিত কৰি ৰাখিব পাৰিব। সেয়েহে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পৰামৰ্শৰাজি আখৰে আখৰে পালন কৰিবলৈ নিজৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াক সজাগ হ’বলৈ অনুৰোধ কৰক।

বিজেপি সংখ্যালঘু মৰ্চা, অসম প্ৰদেশৰ তৰফৰপৰা ৰাজ্যিক বিষয়ববীয়াৰ লগতে প্ৰতিখন জিলা সমিতি আৰু মণ্ডল সমিতিৰ বিষয়ববীয়ালৈ বিনম্ৰ অনুৰোধ যে নিজৰ নিজৰ অঞ্চলৰ অৱস্থা নিৰীক্ষণ কৰাৰ উপৰিও পাৰিলে দুখীয়া লোকসকলৰ সহায়ৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰিব লাগে । নিজৰ অঞ্চলত জৰুৰী অৱস্থাৰ পৰিৱেশ হ’লে জিলা প্ৰশাসনৰ সহায় লওক । কোনোধৰণৰ নিজা সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বিশেষকৈ মুছলমান সমাজৰ লোকসকলক এই বিষয়ে সচেতন কৰিব লাগে যে মছজিদত নামাজ আদায় নকৰিলেও আল্লাই কবুল কৰিব । সেয়ে মছজিদত জামাতত নামাজ আদায় কৰাৰ পৰা বিৰত থাকি ঘৰতে নামাজ আদায় কৰক আৰু নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যৰ সুৰক্ষা সুনিশ্চিত কৰক।

মছজিদত ৰাইজৰ হৈ ইমাম, মুৱাজ্জীন আৰু খাদিম তিনিজন লগহৈ জামাত কৰি জুম্মাৰ নামাজ আদায় কৰিলে সকলোৰে মংগল হ’ব আৰু সকলো মুছলমান ভাইয়ে নিজ নিজ বাসগৃহত জহুৰৰ নামাজ আদায় কৰিব বুলি আশা কৰিলোঁ বুলি উল্লেখ কৰে সম্পাদকগৰাকীয়ে । বিবৃতিটোত সমূহীয়া নামাজ বৰ্জনৰ বাবে মুছলমান ৰাইজক আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ যি আহ্বান তাক সফল কৰাত সম্পূৰ্ণ সহায় সহযোগিতা কৰিবলৈ সংখ্যালঘু মৰ্চা, অসম প্ৰদেশৰ তৰফৰ পৰা অনুৰোধ জনায় ।

You might also like