নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাছ চুৰিৰ অভিযোগত ডিঙি ৰেপি হ*ত্যা! কাছাৰত চাঞ্চল্যকৰ ঘটনা

বুধবাৰে আবেলি স্থানীয় দুৰ্গাচৰণ গোৱালা নামৰ এক ব্যক্তি গৰু আনিবলৈ গৈ নিখোজ হৈ পৰিছিল। কালি লোকজনৰ ঘৰৰ কাষতে থকা এটা নৈৰ পৰা ৰহস্যজনকভাবে মৃতদেহ উদ্ধাৰ হয়

পুখুৰীৰ পৰা মাছ চুৰি কৰাৰ অভিযোগত এগৰাকী ব্যক্তিক ডিঙি ৰেপি হত্যা কৰা হৈছে। গুৰুতৰ এনে অভিযোগ উত্থাপন কৰি শিলচৰ গুংগুৰ আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছে মৃতকৰ পৰিয়ালে।

চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে কাছাৰ শিলকুৰিত। জানিব পৰা মতে, বুধবাৰে আবেলি স্থানীয় দুৰ্গাচৰণ গোৱালা নামৰ এক ব্যক্তি গৰু আনিবলৈ গৈ নিখোজ হৈ পৰিছিল। কালি লোকজনৰ ঘৰৰ কাষতে থকা এটা নৈৰ পৰা ৰহস্যজনকভাবে মৃতদেহ উদ্ধাৰ হয়।

লোকজনৰ মৃতদেহ উদ্ধাৰৰ পাছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পৰিয়ালৰ অভিযোগ দুৰ্গা চৰণৰ গোৱালাক হত্যা কৰি পানীত পেলাই দিয়া হৈছে। আৰু এই হত্যাকান্ড সংঘটিত কৰিছে স্থানীয় সৌৰভ দাস নামৰ এক যুৱকে।

কিয়নো লোকজন নিখোজ হোৱাৰ পূৰ্বে সৌৰভ দাসসহ আৰু কেইজন ঘৰত আহি দুৰ্গাচৰণ গোয়ালাই তেওঁলোকৰ পুখুৰীৰ পৰা মাছ চুৰি কৰাৰ অভিযোগ জনাইছিল। সেয়ে সৌৰভৰ লগতে তেওঁলোকৰ কেইজন সঙ্গীয়ে দুৰ্গাচৰণক পৰিকল্পিত বাবে হত্যা কৰি নৈ পেলাই থোৱাৰ অভিযোগ কৰে মৃত দুৰ্গা চৰণ গোৱালাৰ পৰিয়ালে।

ইপিনে এই ঘটনাৰ পাছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে লগতে সমগ্ৰ ঘটনাক লৈ আৰম্ভ কৰে তদন্ত।

ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ

 

You might also like