নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসক 

শিলচৰত পুনৰ এজন ভুৱা চিকিৎসক কাছাৰ আৰক্ষীৰ জালত পৰে। এই পৰ্যন্ত কাছাৰ জিলাত মুঠ ১১জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।

গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই শিলচৰৰ অম্বিকাপট্টি অঞ্চলৰ পৰা বিপুল চন্দ্ৰ নাথ নামৰ এজন ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে। ভুৱা চিকিৎসকজনৰ পৰা বহু ভুৱা নথি-পত্ৰ জব্দ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, বিপুল চন্দ্ৰ নাথে বহু দিন ধৰি ভুৱা এম বি বি এছ ডিগ্ৰী দেখুৱাই ভুৱা চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে। অৱশেষত আজি আৰক্ষীয়ে ভুৱা চিকিৎসক বিপুল চন্দ্ৰ নাথক আদালতলৈ প্ৰেৰণ কৰে। কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি সদৰী কৰিছে  ।

নিয়মীয়া বাৰ্তা, শিলচৰ, ১৯ অক্টোবৰ :
You might also like