নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ আকাশমার্গত ভাৰতীয় বায়ুসেনাৰ আকর্ষণীয় এয়াৰ শ্ব’ৰ, ৭৫ বিমান–হেলিকপ্টাৰেৰে হ’ব বিশেষ এয়াৰ শ্ব’

ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ আকাশ কঁপাই প্রচণ্ড শব্দৰে ইমূৰৰ পৰা সিমূৰলৈ উৰিছে ৰাফেল–তেজছৰ দৰে বায়ুসেনা বাহিনীৰ যুঁজাৰু বিমান৷ অৱশ্যে এয়া কোনো মহাযুদ্ধৰ কুচকাৱাজ নহয়৷ ৯৩সংখ্যক বায়ুসেনা দিৱস উদযাপনৰ অংশ হিচাপে অহা ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ুসেনাই অনুষ্ঠিত কৰিবলগীয়া বিশেষ এয়াৰ শ্ব’ৰ আখৰাহে৷

উল্লেখ্য যে ভাৰতীয় বায়ুসেনা বাহিনীয়ে প্রতিবছৰে অনুষ্ঠিত কৰে বিশেষ এয়াৰ শ্ব’৷ দেশৰ বিভিন্ন প্রান্তত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানটোৰ চলিত বছৰৰ সংস্কৰণটো অনুষ্ঠিত কৰা হ’ব গুৱাহাটী মহানগৰীত৷ সেইবাবে কালিৰে পৰাই যুদ্ধকালীন প্রস্তুতিৰে গুৱাহাটীৰ লাচিত ঘাটত বায়ুসেনাই সকলো পদক্ষেপ গ্রহণ কৰিছে৷ লাচিত ঘাটৰ বালিচৰত অস্থায়ীভাৱে সজোৱা হৈছে বায়ুসেনাৰ বিশেষ কেম্প৷ কালি এয়াৰ শ্ব’টোৰ সৈতে সংগতি ৰাখি বায়ুসেনা বাহিনীৰ জোৱানসকলে পেৰেডো অনুষ্ঠিত কৰে৷ বিশেষ নাটকীয় ভংগিমাৰে পেৰেডৰ মাজতে হাতত লোৱা ৰাইফল শূন্যলৈ দলিয়াই পুনৰ সুন্দৰভাৱে সাবটি লৈ পেৰেড কৰা দৃশ্যই উপস্থিত সকলোকে অভিভূত কৰি তোলে৷  বায়ুসেনাৰ এই আখৰা চাবলৈ লাচিত ঘাটৰ অস্থায়ী চৌহদত সমৱেত হয় বিভিন্ন বিদ্যালয়–মহাবিদ্যালয়ৰ শিক্ষার্থীৰ লগতে সর্বসাধাৰণ ৰাইজ৷ পেৰেডৰ মাজতে বায়ুমণ্ডল বিদীর্ণ কৰি প্রচণ্ড শব্দৰে ইমূৰৰ পৰা সিমূৰলৈ তীব্রগতিত গমন কৰা যুঁজাৰু বিমানৰ দৃশ্য প্রত্যক্ষ কৰি অভিভূত হৈ পৰে সকলো৷

উল্লেখ্য যে কালি দিনজুৰি মহানগৰীৰ আকাশমার্গত ৰাফেল–তেজছৰ দৰে যুঁজাৰু বিমানে প্রচণ্ড শব্দৰে খলকনি তোলে৷ লক্ষণীয় যে অহা ৯ নৱেম্বৰত লাচিত ঘাটত অনুষ্ঠিত হ’বলগীয়া বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’ৰ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং৷ অসমৰ জনপ্রিয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেইদিনাখন অনুষ্ঠানটোত উপস্থিত থাকি বায়ুসেনাৰ এয়াৰ শ্ব’ উপভোগ কৰিব৷

জানিব পৰা মতে, নতুন প্রজন্মক দেশৰ প্রতিৰক্ষা খণ্ডৰ প্রতি আকর্ষিত কৰি তোলাৰ লক্ষ্যৰে ব্রহ্মপুত্রৰ আকাশমার্গত এইবাৰ ভাৰতীয় বায়ুসেনাৰ এই আকর্ষণীয় এয়াৰ শ্ব’ৰ আয়োজন কৰিছে৷ প্রায় ৩ হাজাৰ দর্শকে এয়াৰ শ্ব’টো উপভোগ কৰিব পাৰিব৷ দক্ষিণপাৰে লাচিত ঘাটৰ লগতে উত্তৰপাৰৰ দুর্গা মন্দিৰ, অশ্বক্লান্ত মন্দিৰকে ধৰি তিনিটা স্থানত এই অনুষ্ঠানৰ বাবে প্রস্তুতি চলোৱা হৈছে৷ আমন্ত্রিত এনচিচি কেডেটৰ লগতে স্কুল–কলেজৰ ছাত্র–ছাত্রী তথা বিভিন্ন লোকে এই অনুষ্ঠান ৯ নৱেম্বৰৰ দিনা উপভোগ কৰিব৷

ভাৰতীয় বায়ুসেনাৰ ইষ্টার্ন এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চীফ এয়াৰ মার্চাল সুৰত সিঙে এখন সংবাদ মেলযোগে উল্লেখ কৰিছে যে কেন্দ্রীয়ভাৱে আয়োজন কৰা এই অনুষ্ঠানত ৭৫খনতকৈও অধিক বিমানে উৰণ প্রদর্শনত অংশগ্রহণ কৰিব৷ তেজছ–ৰাফেলকে ধৰি কেইবাখনো অত্যাধুনিক বিমান প্রথমবাৰৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ আকাশমার্গত উৰিব৷ বাগডোগ্রা, হাছিমাৰা, গুৱাহাটী, তেজপুৰ, যোৰহাট আৰু চাবুৱা বিমান ঘাটিৰ পৰা এই বিমানসমূহে উৰা মাৰিব৷

অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি কিংবদন্তি অসমীয়া শিল্পী জুবিন গার্গৰ প্রতি শ্রদ্ধাঞ্জলি জনাই প্রিয় শিল্পীগৰাকীৰ ‘মায়াবিনী’ৰে এয়াৰ শ্ব’ আকর্ষণীয় কৰি তোলাৰ লগতে শিল্পীগৰাকীলৈ ভাৰতীয় বায়ুসেনাই শ্রদ্ধাঞ্জলি জনাব৷ নৰিয়া গাৰে বীৰ লাচিতে মোগলৰ বিৰুদ্ধে যুঁজ দিছিল৷ অকল যুঁজ দিয়াই নহয়, মোগলৰ পৰা ৰাজধানীক ৰক্ষা কৰি শতযোজন দূৰলৈকে মোগল সেনাক খেদি পঠিয়াইছিল বীৰ লাচিতে৷ মহানগৰীৰ লাচিত ঘাটৰ লুইতৰ বুকুৰ মাজত থকা বীৰ লাচিতৰ প্রতিমূর্তিয়ে আজিও অসমীয়াৰ সেই শৌর্যক প্রতিনিধিত্ব কৰিছে৷ বীৰ লাচিতৰ প্রতিমূর্তিৰ ওপৰেদি বায়ুসেনাৰ তেজছ–ৰাফেলে পুনৰ সেনা বাহিনীৰ সাহসিক কার্য প্রদর্শন কৰিব৷

আপাতদৃষ্টিত ভাৰতীয় বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’ সেনা বাহিনীৰ জোৱানসকলৰ সাহসিকতা প্রদর্শনেই নহয়, শত্রুৰ প্রতি এক সকীয়নি৷ অকল স্থল বা জলেই নহয়, আকাশমার্গতো অতন্দ্র প্রহৰী হিচাপে বায়ুসেনা চিৰকাল আছিল আৰু সদায়ে থাকিব৷

You might also like