নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীদিহিং পক্ষী অভয়াৰণ্য-ত দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ ভিৰ

৩৩.৯৩ বৰ্গকিলোমিটাৰজোৰা এই অভয়াৰণ্যখনত প্ৰায় ১৬৫বিধ প্ৰজাতিৰ পক্ষী উপলব্ধ

শীতৰ আগমনৰ লগে লগে পানীদিহিং পক্ষী অভয়াৰণ্য- লৈ আগমন ঘটিছে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ। উজনি অসমৰ অন্যতম পক্ষী অভয়াৰণ্যখন শিৱসাগৰ জিলাৰ ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগত অৱস্থিত।

এই সময়ছোৱাত পক্ষীৰ সমান্তৰালকৈ পৰ্যটকৰো আগমন ঘটে পানীদিহিঙলৈ। ৩৩.৯৩ বৰ্গকিলোমিটাৰজোৰা এই অভয়াৰণ্যখনত প্ৰায় ১৬৫বিধ প্ৰজাতিৰ পক্ষী উপলব্ধ। কিন্তু অতি পৰিতাপৰ বিষয় যে এচাম দুস্কৃতিকাৰীৰ কাৰণে এতিয়া দিনকদিনে অভয়াৰণ্যখন ধ্বংসৰ গৰাহত।

অভয়াৰণ্যখনৰ ভিতৰত থকা জলাশয়সমূহত উৎপন্ন হোৱা খাদ্যৰ বাবেই বিভিন্ন প্ৰজাতিৰ চৰাইসমূহৰ দূৰ-দূৰণিৰ পৰা খাদ্যৰ সন্ধানত ইয়ালৈ আগমন ঘটে। অভয়াৰণ্যখনৰ কাষেৰে বৈ গৈছে ডিমৌ।

কিন্তু মীন বিভাগে মাত্ৰ কেইটাকামান ৰাজহৰ বাবে ডিমৌ নদীখন বছৰ বাছত ধৰি লীজত দি আহিছে। একাংশ অচিনাক্ত বহিৰাগত লোকক আনি মাছ মৰা কাৰ্যত নিয়োগ কৰি ৰাখিছে আৰু মাছ মৰাৰ সুৰুঙাৰে অভয়াৰণ্যখনৰ ভিতৰত চোৰাং চিকাৰীয়ে পৰিভ্ৰমী পক্ষীসমূহ হত্যা কৰি ৰামৰমীয়া ব্যৱসায় চলাই আহিছে।

বন বিভাগৰ লোকে প্ৰকৃত মাছমৰীয়াৰ ভাৱত লুকাই থকা চোৰাং চিকাৰী চিনাক্ত কৰিব নোৱাৰাৰ ফলত পানিদিহিঙৰ পক্ষীসমূহ বিলুপ্ত হৈ আহিছে। ৰহস্যজনকভাবে বন বিভাগৰ নিয়ন্ত্ৰণত থকা অভয়াৰণ্যখন ৰক্ষাৰ ক্ষেত্ৰত বিভাগেটোৱেও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত ন’হল।

ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ

You might also like