নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰ-ত পুৰুষৰ ৰাসত মুগ্ধ হাজাৰ হাজাৰ দৰ্শক

নৃত্যকৰ্তাসকলৰ সূক্ষ্ম ভঙ্গিমা, লয়লাস গতিবিধি আৰু মুখাভিনয়ে দৰ্শকসকলক বিভ্ৰান্ত কৰি তোলে— অনেকে বিশ্বাস কৰিবই নোৱাৰিলে যে নৃত্যকাৰসকল সকলো পুৰুষ

উত্তৰ কলিয়াবৰ হাজাৰ নামঘৰত আয়োজিত ঐতিহ্যবাহী পুৰুষৰ ৰাস উৎসৱে হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰে। গুৰুজনাৰ কেলিগোপাল নাটখনত শতাব্দী-প্ৰাচীন পৰম্পৰা অনুসৰি পুৰুষে মহিলা ৰূপ লৈ গোপী নৃত্য প্ৰদৰ্শন কৰে, যি দৃশ্যই সকলোৰে মন জয় কৰে।

এইবাৰো সেই পৰম্পৰা অনুসৰি পুৰুষে গোপীৰ ৰূপত অংশগ্ৰহণ কৰে। নৃত্যকৰ্তাসকলৰ সূক্ষ্ম ভঙ্গিমা, লয়লাস গতিবিধি আৰু মুখাভিনয়ে দৰ্শকসকলক বিভ্ৰান্ত কৰি তোলে— অনেকে বিশ্বাস কৰিবই নোৱাৰিলে যে নৃত্যকাৰসকল সকলো পুৰুষ।

দৰ্শকসকলে আনন্দোৎসৱেৰে উপভোগ কৰা ৰাসত পুৰুষ গোপীসকলৰ শৈল্পিক প্ৰতিভা আৰু নিবেদন প্ৰতিটো মুহূর্ততে প্ৰতিফলিত হয়।

উল্লেখযোগ্য যে, এই পৰম্পৰা কিছু বছৰ ধৰি বন্ধ হৈ থাকিলেও ২০২৪ চনৰ পৰা পুনৰ আৰম্ভ হয়, আৰু সেই সময়ৰ পৰা উত্তৰ কলিয়াবৰ হাজাৰ নামঘৰত এই ঐতিহ্যমণ্ডিত ৰাস উৎসৱ পুনৰ  অনুষ্ঠিত হৈ আহিছে।

এই ৰাস উৎসৱে স্থানীয় আৰু বহিৰাগত দৰ্শকসকলৰ মাজত এক অসাধাৰণ উৎসাহ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ

You might also like