বিষ্ণুৰ ৰূপত বিধায়ক, পত্নীও ভাও দিলে লক্ষ্মীৰ ৰূপত
সপত্নীক বিধায়ক পত্নীৰ অভিনয়ে দৰ্শকক আপ্লুত কৰে৷ ভাও দি আনন্দিত হয় বিধায়ক বৰঠাকুৰ৷
গুপ্তকাশী বিশ্বনাথ ঘাটৰ ৰাস মহোৎসৱে এইবাৰ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে৷
বিশ্বনাথৰ আঢ্যৱন্ত সংস্কৃতিক নিটোল ৰূপত উপস্থাপনৰ প্ৰয়াস কৰা এই ৰাস মহোৎসৱে সোণালী জয়ন্তী উপলক্ষে চাৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰা ৰাসভাগত কৃষ্ণৰ শিশুলীলা আৰু গুৰুজনাৰ “কেলিগোপাল’ নাট প্রদর্শনৰ কৰা হয়।
এই ৰাস মহোৎসৱত বৃহস্পতিবাৰে নিশা বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বিষ্ণুৰ ভাৱত আৰু তেওঁৰ পত্নীয়ে লক্ষ্মীৰ ভাৱত অভিনয় কৰে৷ সপত্নীক বিধায়ক পত্নীৰ অভিনয়ে দৰ্শকক আপ্লুত কৰে৷ ভাও দি আনন্দিত হয় বিধায়ক বৰঠাকুৰ৷
ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ